মুঞ্চী প্ৰেমচন্দৰ উপন্যাসৰ কাহিনী: পাঁচ পোৱা ঘেঁহু

  • Published on 17 Feb 2024
মুঞ্চী প্ৰেমচন্দৰ উপন্যাসৰ কাহিনী: পাঁচ পোৱা ঘেঁহু

হি ন্দী সাহিত্যিক মুঞ্চী প্ৰেমচন্দৰ দ্বাৰা ৰচিত পুথিসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় পুথি হৈছে ‘পাঁচ পোৱা ঘেঁহু’। এই পুথিৰ শিৰোনাম তথা বিষয়-বস্তুৱে পুথিখনক জনপ্ৰিয় কৰি তুলিছে। যুগে যুগে ধনিক শ্ৰেণীয়ে কিদৰে দুখীয়া শ্ৰেণীক শোষণ কৰি তেওঁলোকৰ তেজ-পূঁজ শুহি তেওঁলোকৰ জীৱন নৰকমুখী কৰি তুলিছে, তাৰ নিদৰ্শন এই পুথিৰ মাজেদি দাঙি ধৰা হৈছে। এই পুথিখন প্ৰীতি বৰুৱাই অসমীয়ালৈ অনুবাদ কৰিছে আৰু নেচনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰিছে। আজি এই পুথিখনৰ কাহিনীটো চমুকৈ ক’বলৈ প্ৰয়াস কৰিছোঁ, আশা কৰোঁ তোমালোকে জানি ভাল পাবা।

মুঞ্চী প্ৰেমচন্দ

মুঞ্চী প্ৰেমচন্দ

কাহিনী অনুসৰি, শঙ্কৰ এখন গাঁৱৰ এজন অতি হোজা খেতিয়ক। তেওঁৰ দৰে সহজ-সৰল মানুহ গাঁওখনতে নাই। চল-চাতুৰীৰ পৰা এশ গজ দূৰত থকা শঙ্কৰে জীৱনত কেতিয়াও আনৰ লগত ঠগবাজি কৰি পোৱা নাই। একান্ত ঈশ্বৰভক্ত শঙ্কৰে বুজে যে পাপ কাম কৰিলে শাস্তি ভোগ কৰিব লাগিব। সেয়ে তেওঁ কেতিয়াও পাপ কাম কৰা নাই।

এদিন শঙ্কৰৰ ঘৰলৈ এজন সাধু বাবা আহিল। সাধুৰ আগমনত শঙ্কৰ ভক্তিত গদ্ গদ্ হৈ পৰিল। তেওঁ ঘৰ-দুৱাৰ সাৰি-মচি সাধুবাবাক আশ্ৰয় দিলে। এয়া কৰি সি পৰম সন্তোষ পালে যদিও তাৰ চিন্তা হ’ল, সাধু বাবাক সি খুৱাব কি? ঘৰত দেখোন ঘেঁহুও নাই। ধনীৰ ঘৰতহে ঘেঁহু থাকে, দুখীয়াৰ ঘৰত ঘেঁহু ক’ত থাকিব? চিন্তা কৰি কৰি সি উপায় এটা উলিয়ালে। এনে সময়ত তাৰ একমাত্ৰ সাৰথি পণ্ডিতজী। শঙ্কৰে নিজৰ ল’ৰাটোক পঠিয়াই পণ্ডিতজীৰ পৰা পাঁচ পোৱা ঘেঁহু অনালে। সেই ঘেঁহুৰে ঘৈণীয়েকে ৰুটী সেকিলে। সেয়া ভোজন কৰি সাধুৱে পৰম তৃপ্তি পালে আৰু শঙ্কৰক জোলোকা-জোলোকে আশীৰ্বাদ দিলে। এয়া কৰি শঙ্কৰৰ অন্তৰ আনন্দেৰে ভৰি পৰিল। শঙ্কৰৰ ভক্তিত সন্তুষ্ট হৈ সাধু বাবা যাবলৈ ওলাল।

মুঞ্চী প্ৰেমচন্দৰ কাহিনী

আনপিনে, পণ্ডিতৰ লগত শঙ্কৰৰ আগৰে পৰা আদান-প্ৰদান আছিল। পণ্ডিতে শঙ্কৰৰ পৰা খলিহৈ লয়, কিন্তু বিনা পইচাতে। আনপিনে পণ্ডিতে শঙ্কৰৰ পৰিয়ালৰ দিন-বাৰ চাই দিয়ে, কিন্তু তাৰ বাবে পূৰা পইচা উলিয়াই লয়। শঙ্কৰে মনতে ভাবে— পণ্ডিতক দিলে তাৰ ধৰ্ম হ’ব।

চ’ত মাহত ঘেঁহু চপোৱাৰ অন্তত শঙ্কৰে পণ্ডিতৰ পৰা অনা পাঁচ পোৱা ঘেঁহু ওভোতাই দিয়াৰ কথা চিন্তা কৰে যদিও পাঁচ পোৱা ঘেঁহু দিবলৈ লাজ কৰি তাৰ লগত দেৰ সেৰ খলিহৈ দি ধাৰ মাৰি দিয়াৰ কথা মনতে ভাবিলে। কিন্তু পণ্ডিতক তেওঁ সেই কথা নক’লে। ভাবিলে— তেওঁ নিজেই বুজিব।

এনেদৰে সাত বছৰ পাৰ হৈ গ’ল। এইখিনি সময়ৰ ভিতৰতে দুখীয়াক ধন ধাৰে দি চৰা সূদ আদায় লৈ পণ্ডিত ধনী মানুহ হ’ল, তেওঁৰ ঘৰ পকী হ’ল। আনপিনে, দিন যোৱাৰ লগে লগে শঙ্কৰৰ অৱস্থা বেয়া হল। পেট ভৰাবলৈ মজুৰি খাঁটিব লগা হ’ল। এদিন শঙ্কৰে মজুৰি খাঁটি ঘৰলৈ উভতি আহি থাকোঁতে পণ্ডিতক লগ পালে। তেওঁ শঙ্কৰক পাবলগীয়াখিনি দিয়াৰ কথা ক’লে। তেওঁৰ কথা শুনি শঙ্কৰ আচৰিত হৈ গ’ল, কাৰণ তেওঁতো পণ্ডিতক একো দিবলগীয়া নাই! কিন্তু, পণ্ডিতে তেওঁক ক’লে— “তোমাৰ ওচৰলৈ এদিন সাধু বাবা এজন আহিছিল। তেতিয়া তুমি ল’ৰাটোৰ হতুৱাই মোৰ পৰা পাঁচ পোৱা ঘেঁহু নিছিলা। কিন্তু আজিলৈকে তাক দিয়াৰ কথা নাভাবিলা।” শঙ্কৰে সেই ধাৰ সুজিছিল যদিও সেই কথা তেওঁহে ভাবিছিল, পণ্ডিতে ভবা নাছিল। পণ্ডিতক দিয়াৰ সময়ত শঙ্কৰে একো কোৱা নাছিল। তাতে চল পালে পণ্ডিতে। হলা গছ দেখি তেওঁ বাগি কুঠাৰ মাৰিবলৈ ধৰিলে। সাত বছৰ আগৰ পাঁচ পোৱা ঘেঁহু তেওঁৰ হিচাপত হল পাঁচ মোন। পণ্ডিতৰ এই হিচাপ শুনি শঙ্কৰৰ মূৰ ঘূৰি গ’ল। তেওঁক সহজ-সৰল পাই পণ্ডিতে যে বান্ধি পেলালে, সেই কথা বুজি পালে। এতিয়া যেতিয়ালৈকে পণ্ডিতৰ বহীৰ পৰা তাৰ নামটো কাটিব নোৱাৰিব, তেতিয়ালৈকে তেওঁৰ টোপনি নাহিব। সেয়ে তেওঁ পণ্ডিতক ক’লে যে পণ্ডিতে পাবলগীয়া পাঁচ মোন ঘেঁহুৰ ধাৰ পৰিশোধ কৰিহে এৰিব।

মুঞ্চী প্ৰেমচন্দৰ কাহিনী

সেইদিনাৰ পৰা শঙ্কৰে পণ্ডিতৰ ধাৰ কিদৰে পৰিশোধ কৰিব পাৰি, সেই চিন্তাত ব্ৰতী হ’ল আৰু এসাঁজ খাই আনসাঁজ লঘোনে থাকি সি নিজৰ লগতে পত্নী আৰু সন্তানটোকো কামত লগাই দিলে। দিন-ৰাতি এক কৰি কাম কৰি সি কিছু পইচা যোগাৰ কৰি এদিন সি কিছু টকা পণ্ডিতক দিব বুলি লৈ গ’ল, কিন্তু পণ্ডিতে ইমান পইচা একেলগে দেখি সি চুৰ কৰি অনা বুলি ভাবিলে। সেয়ে, ল’বলৈ সংকোচ কৰিলে। তদুপৰি, সি মূলটোহে আনিছে, পোন্ধৰ টকা সূদ যে অনা নাই। শঙ্কৰে পোন্ধৰ টকা বিচাৰি গোটেই গাঁও ফুৰিলে যদিও কোনেও তেওঁক পোন্ধৰ টকা নিদিলে। উপায় নাপাই শঙ্কৰে পণ্ডিতক মূল ষাঠি টকা দিলে যদিও পোন্ধৰ টকা সূদ পাছত দিব বুলি কথা দিলে।

দিনবোৰ পাৰ হৈ হৈ তিনিটা বছৰ গ’ল। পণ্ডিতৰ বহীত শঙ্কৰৰ সূদ বাঢ়ি বাঢ়ি ভালেখিনি হল। এদিন শঙ্কৰক মাতি পণ্ডিতে ক’লে যদিও শঙ্কৰৰ গাত নালাগিল। পণ্ডিতৰ টেঙৰালিয়ে তাক গোঁৱাৰ কৰি তুলিলে। এতিয়া সি কাম কৰে আৰু নিজৰ পৰিয়ালটোক লৈ খাই-বৈ সুখেৰে জীৱন কটায়।

আনপিনে, পণ্ডিতৰ বহীত যেতিয়া শঙ্কৰৰ সূদৰ হাৰ বাঢ়ি বাঢ়ি বহুখিনি হ’ল, এদিন পণ্ডিতে শংকৰক কথাটো ক’লে যদিও সি গুৰুত্ব নিদিলে। তেতিয়া পণ্ডিতে তাক সকীয়নি দিলে যে তেওঁ তেওঁৰ পাবলগীয়া লৈহে এৰিব। শঙ্কৰে ভাবিলে, মোৰ পৰা নো কি ল’ব? মোৰ এটা গৰুৰ বাহিৰে দিবলৈনো আছে কি?

অৱশেষত শঙ্কৰ পণ্ডিতৰ গোলাম হ’ল। কথাতে কয়— গোলামৰ সুখো নিজৰ নহয়, দুখ-হাঁহি আৰু চকুপানীও নিজৰ নহয়। পুৱা হোৱাৰ লগে লগে সি পণ্ডিতৰ গোলাম খাঁটিবলৈ আহে, গধূলি হোৱাৰ লগে লগে গুচি যায়। এনেদৰে গোলাম খাঁটি খাঁটি এদিন সি এই পৃথিৱীৰ পৰা আঁতৰি গ’ল। কিন্তু ইমানতে পাঁচ পোৱা ঘেঁহুৰ কাহিনী শেষ নহ’ল। তাৰ পাছত এই ভাৰ তাৰ ল’ৰাৰ ওপৰত পৰিল। এনেদৰে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ পাঁচ পোৱা ঘেঁহুৰ কাহিনী চলি থাকিল।

পাঁচ পোৱা ঘেঁহু

পাঁচ পোৱা ঘেঁহু

যেতিয়ালৈকে পণ্ডিতৰ দৰে এনে নিষ্ঠুৰ, শোষণকাৰী, অহংকাৰী মানুহ থাকিব আৰু শঙ্কৰৰ দৰে দুখীয়া, সহজ-সৰল খেতিয়ক থাকিব, তেতিয়ালৈ চলি থাকিব পাঁচ পোৱা ঘেঁহুৰ কাহিনী। কাৰণ, ধনীয়ে নিজে ধনী হোৱাটো বিচাৰে, দুখীয়া সদায় দুখীয়া হৈ যাওক, দৰিদ্ৰ হওক— সেই লৈ তেওঁলোকৰ ভাবিব লগা একো নাই। সেয়ে, আজিও অক্ষত আছে পাঁচ পোৱা ঘেঁহুৰ কাহিনী।

পাঁচ পোৱা ঘেঁহু

লেখক: মুঞ্চী প্ৰেমচন্দ
অসমীয়া অনুবাদ: প্ৰীতি বৰুৱা
প্ৰথম প্ৰকাশ: ১৯৯৫ চন
প্ৰকাশক: নেচনেল বুক ট্ৰাষ্ট
মূল্য: ২৫ টকা

লেখকৰ ঠিকনা: দিগন্ত বৈশ্য, গাওঁ/ ডাক: শুৱালকুছি, পদ্মৰাম কাকতি পথ, কামৰূপ