মকৰাৰ জন্মকথা
- Published on 12 Nov 2023
(গ্ৰীচদেশৰ সাধুকথা)
ম ৰমৰ অকণিহঁত, তোমালোকে সকলোৱে নিশ্চয় মকৰা দেখিছা। ঘৰৰ বেৰত ইমান সুন্দৰকৈ জাল গোঁঠে, সেয়াও নিশ্চয় মন কৰিছা। এই মকৰাৰ কেনেকৈ জন্ম হ’ল, গ্ৰীচদেশত সেই বিষয়ে এটা সুন্দৰ কাহিনী আছে। সেই কাহিনীটো তোমালোকৰ আগত ক’বলৈ লৈছোঁ। তোমালোকে নিশ্চয় ভাল পাবা।
পুৰণি কালত গ্ৰীচদেশত মাৰিয়া নামে এজনী ছোৱালী আছিল। তাই খেল-ধেমালি কৰি অকণো ভাল পোৱা নাছিল। তাইৰ এখন তাঁতশাল আছিল আৰু গোটেই দিনটো তাঁতশালখনতে বহি ধুনীয়া ধুনীয়া কাপোৰ বৈ উলিয়াইছিল। কাপোৰবোৰ ইমান কোমল আছিল যে এবাৰ চুই চালে বাৰে বাৰে চুই থাকিবলৈ মন যায়। মানুহৰ মুখে মুখে তাইৰ গুণ-গান বিয়পি পৰিল। পিছে এই প্ৰশংসাবোৰে মাৰিয়াক অহংকাৰী কৰি তুলিলে। তাই তাঁতশালত বহি ভাবিবলৈ ধৰিলে— মোৰ দৰে ইমান কোমল কাপোৰ হয়তো আৰু কোনেও ব’ব নোৱাৰে, আনকি দেৱী এথেনাইও মোৰ দৰে সূতা কাটি তাঁত ব’ব নোৱাৰিব কিজানি! এইদৰে ভবা-গুণা কৰি থাকোঁতেই মাৰিয়াই দেখিলে, তাইৰ সন্মুখত খুব সুন্দৰ আৰু তীক্ষ্ণ চকুৰ এগৰাকী মহিলা ৰৈ আছে।
মাৰিয়াই তেওঁক দেখি সুধিলে— “কোন তুমি? কি নাম তোমাৰ?”
মহিলাগৰাকীয়ে খুব শান্তভাৱে ক’লে— “মাৰিয়া, মই বতাহৰ ৰাণী এথেনা। তোমাৰ কাপোৰ বোৱাৰ গুণ-গান শুনিয়েই মই তোমাৰ ওচৰলৈ আহিছোঁ। তুমি ভাবা নেকি— তুমি মোতকৈ বেছি সুন্দৰ কাপোৰ ব’ব পাৰা বুলি?”
“নিশ্চয়, মই ভাবোঁ।”— এই বুলি মাৰিয়াই গৰ্বৰে উত্তৰ দিলে। “মই ক’ম যে তুমি মোৰ দৰে সুন্দৰ কাপোৰ নিসন্দেহে ব’ব নাজানা।”— আকৌ এবাৰ মাৰিয়াই ক’লে।
মাৰিয়াৰ কথা শুনি দেৱীৰ বহুত খং উঠিল, তেওঁ ক’লে— “হ’ব তেতিয়া হ’লে, আমি দুয়ো নিজৰ নিজৰ তাঁতশালত কাপোৰ ব’ম আৰু আমাৰ ভিতৰত কাৰ কাপোৰ ভাল হৈছে সেয়া বিচাৰ কৰিব ভগৱান জিউচে। তেওঁ যদি তোমাৰ কাপোৰখন মোৰখনতকৈ ভাল বুলি কয়, মই কাপোৰ বোৱা বন্ধ কৰি দিম আৰু যদি মোৰখন ভাল বুলি কয়, তেতিয়া হ’লে তুমি চিৰদিনলৈ কাপোৰ বোৱা বন্ধ কৰি দিব লাগিব।”
“মই ৰাজী।”— মাৰিয়াই ক’লে ।
মাৰিয়াই এজোপা গছৰ তলত আৰু এথেনাই আকাশত কাপোৰ ব’বলৈ আৰম্ভ কৰিলে আৰু ভগৱান জিউচে ডাৱৰৰ আঁৰত বহি সেয়া চাই থাকিল।
প্ৰথমতে মাৰিয়াৰ কাপোৰ বোৱা শেষ হ’ল। তাইৰ কাপোৰখন দেখি ভগৱান জিউচ চিঞৰি উঠিল— “অপূৰ্ব! এনে কোমল আৰু সুন্দৰ কাপোৰ মই আজিলৈকে দেখা নাই। ৰংটো বৰ সুন্দৰ।”
মাৰিয়া অহংকাৰত ওফন্দি উঠিল, তাই ভাবিলে— “মোৰ দৰে কাপোৰ কেতিয়াও দেৱী এথেনাই ব’ব নোৱাৰে।” ইফালে দেৱী এথেনাই সূৰুযৰ পৰা কিৰণ আৰু ডাৱৰৰ পৰা সূতা আনি ফুল, নদ, নদীৰ ছবি তুলি ইমান সুন্দৰ কাপোৰ বৈ দিলে যে জিউচে দেখাৰ লগে লগে এথেনাক বিজয়ী ঘোষণা কৰিলে।
মাৰিয়াই এথেনাই বোৱা কাপোৰখন দেখি বৰ লাজ পালে আৰু দুহাতেৰে মুখ ঢাকি কান্দিবলৈ ধৰিলে। তাই ভাবিলে, তাইতো এতিয়া আৰু কেতিয়াও তাঁত ব’ব নোৱাৰিব, কেনেকৈ জীয়াই থাকিব! লগে লগে দেৱী এথেনাই মাৰিয়াৰ মনৰ কথা জানিব পাৰি ক’লে— “তুমি যে সূতা কাটি কাপোৰ ব’বলৈ নেপালে জীয়াই থাকিব নোৱাৰা, মই জানো। কিন্তু তুমি মানুহ হৈ থাকিলে এই কাম কেতিয়াও কৰিব নোৱাৰিবা, গতিকে মই তোমাৰ কামটো চলাই নিবলৈ সহায় কৰিম।” এই বুলি কৈ এথেনাই হাতত থকা শলাডালেৰে মাৰিয়াক স্পৰ্শ কৰিলে। লগে লগে মাৰিয়া এজনী মকৰাত পৰিণত হ’ল। মকৰাজনী উৰি গৈ হাবিত সোমাই আনন্দমনে জাল গুঁঠিবলৈ আৰম্ভ কৰিলে।
এইদৰে মকৰাৰ জন্ম হ’ল বুলি গ্ৰীচ দেশৰ মানুহে বিশ্বাস কৰে। তেওঁলোকৰ মতে, সেয়েহে আজিও মকৰাই ধুনীয়া জাল গুঁঠি থাকে।
মাৰিয়াই নিজকে শ্ৰেষ্ঠ বুলি ভাবি থকা কথাৰ বাবেই তাইৰ পতন হ’ল, সেয়েহে এষাৰ কথা সদায়ে মনত ৰাখিবা— ‘অহংকাৰেই অধঃপতনৰ মূল’। আমি নিজৰ গুণ বা বৈশিষ্ট্যক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে।
লেখকৰ ঠিকনা: ঝৰ্ণালী শৰ্মা বৰকটকী, তেজপুৰ বিশ্ববিদ্যালয় চৌহদ, তেজপুৰ