বাঘৰ মাহীয়েক

  • Published on 07 Jul 2023
বাঘৰ মাহীয়েক

কণিহঁত, তোমালোকে নিশ্চয় জানা যে মেকুৰীক বাঘৰ মাহীয়েক বুলি কোৱা হয়। এদিন মাহী আৰু ভাগিন দুয়ো মিলি পহু এটা চিকাৰ কৰিলে । মেকুৰী মাহীয়ে আগতে মানুহৰ ঘৰত সিজোৱা মঙহৰ সোৱাদ পাই থৈছিল, সেই কাৰণে তাই বাঘক ক’লে, “আমি এই পহুটো এইবাৰ সিজায়েই খাওঁ দে। সিজোৱা মঙহ বৰ সোৱাদ।”

বাঘে মেকুৰী মাহীৰ প্ৰস্তাৱটো মানি ল’লে। সদায় কেঁচা মঙহ খাই খাই তাৰ আমনি লাগি গৈছিল। জুতিটো সলাই চাবলৈ তাৰো মন গ’ল। কিন্তু সিহঁতে এতিয়া পহু সিজাবলৈ জুই পায় ক’ত? বাঘে ভাবিলে— তাৰ মাহীয়েক মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰে যেতিয়া কোনোবা এঘৰৰপৰা নিশ্চয় তাই জুই অলপ আনিব পাৰিব।

সি মাহীয়েকক ক’লে, “তুমি কোনোবা এঘৰ মানুহৰপৰা জুই অলপ লৈ আহাঁগৈ। ম‍ই তুমি নহালৈকে পহুটো ৰখি থাকিম।”

বাঘৰ মাহীয়েক

বাঘক হাবিতে এৰি থৈ মেকুৰী মাহী গাঁও এখন পালেগৈ। এঘৰ মানুহলৈ সোমাই যাওঁতে তাই দেখিলে— বুঢ়ী মানুহ এজনীয়ে জুহালত মাছ ভাজি আছে। ভজা মাছখিনিৰপৰা এনেকুৱা লোভ লগা গোন্ধ ওলাইছিল যে মেকুৰী মাহীৰ মুখ জিভাৰ পানীৰে ভৰি পৰিল। তাই মিউ মিউকৈ মাতি বুঢ়ী মানুহজনীৰ ওচৰ পালেগৈ। বুঢ়ী মানুহজনীৰ মেকুৰীজনীলৈ মৰম লগাত তাইক ভাত কেইটামানৰ লগতে মাছ এটুকুৰাও খাবলৈ দিলে।

বুঢ়ীৰ ঘৰত জুতি লগাই খাবলৈ পাই মেকুৰী মাহীয়ে জুই নিয়াৰ কথা পাহৰি গ’ল। তাই ভাবিলে— মই এই দয়ালু মানুহজনীৰ ঘৰত থকাই ভাল, তেতিয়া সদায় জুতি লগাই লগাই খাবলৈ পাম। এনেকৈ ভাবি মেকুৰী মাহী বুঢ়ী মানুহজনীৰ ঘৰতে থাকি গ’ল। অৱশ্যে তাই বুঢ়ীৰ ঘৰত ঘূৰি ফুৰা নিগনিবোৰ মাৰি বুঢ়ীৰ উপকাৰো সাধিলে।

ইপিনে বাঘ বপুৰাই মাহীয়েকে জুই আনিব জুই আনিব বুলি বাট চাই চাই শেষত পহুটো কেঁচায়েই খাই পেলালে। মাহীয়েকলৈ তাৰ বৰ খং উঠিল। সি মনতে প্রতিজ্ঞা কৰিলে— মেকুৰী মাহীয়েকক সি য’তেই দেখে, তাতেই বধ কৰিব।

বাঘৰ মাহীয়েক

বহুদিনৰ মূৰত মেকুৰী মাহীৰ মনত পৰিল, তাই বুঢ়ী মানুহজনীৰ ঘৰলৈ জুই নিবলৈহে আহিছিল! ভাগিন বাঘৰ খঙাল মুখখনৰ কথা কল্পনা কৰি মেকুৰী মাহী ভয়তে কঁপিবলৈ ধৰিলে। এতিয়া উভতি গ’লে ভাগিনীয়েকে তাইক শুদাই নেৰিব। গতিকে তাই উভতি নোযোৱাই উত্তম বুলি ঠিক কৰিলে।

সেই তেতিয়াৰপৰাই মেকুৰীয়ে বাঘলৈ ভয় কৰা হ’ল আৰু বাঘৰ মুখামুখি হ’লেই পলাই ফাট মৰা হ’ল। এনেকৈয়ে মেকুৰী মানুহৰ ঘৰচীয়া জন্তুও হৈ পৰিল। মেকুৰীয়ে যে মল ত্যাগ কৰাৰ পাছত মাটিৰে মলখিনি ঢাকি থয়, তাৰ কাৰণটো হ’ল, বাঘে মলৰ গোন্ধ লৈ যাতে মেকুৰীক বিচাৰি উলিয়াব নোৱাৰে।

ড° প্রফুল্ল দত্ত গোস্বামীৰ Tales of Assam নামৰ কিতাপৰ সাধুৰ আধাৰত।

লেখকৰ ঠিকনা: ধ্ৰুৱজ্যোতি শৰ্মা, ভলাগুৰি সত্ৰ, কলিয়াবৰ, নগাঁও