ভগৱানৰ ভোক
- Published on 01 Sep 2023
মু নুৰ মাক যেতিয়া গোসাঁইঘৰৰ পৰা ওলাই আহিছিল, তেতিয়া মুনুৱে বাহিৰত সৰু টুল এখনত বহি আছিল। সিও আনদিনাৰ দৰে ভিতৰলৈ গৈ সেৱা এটা কৰিলে। তাৰ পাছত সি আকৌ আহি টুলখনতে বহি ৰ’ল। তাৰ মনটো মৰা।
অলপ পাছত মাকে মুনুক এবাটি গাখীৰ আৰু পিঠা এখন দি গ’ল। মুনুৱে কিবা চিন্তা কৰি কৰি সেইখিনি খালে।
“মা, ভোক লাগিছে।”— মুনুৱে চিঞৰি ক’লে।
“কিয়, গাখীৰ আৰু পিঠা খালাই দেখোন।”— মাকে ভিতৰৰ পৰাই ক’লে।
সি ভিতৰলৈ গ’ল। মাকে তেতিয়া বিছনাত বহি কাপোৰ এখনত ফুল তুলি আছে। সিও মাকৰ কাষতে বহিলগৈ।
“মা, ভোক মোৰ লগা নাই। ভগৱানৰহে ভোক লাগিছে। বৰ বেয়া লাগিছে। ভগৱানে কান্দি আছিল।”— মুনুৱে ক’লে।
মাকে চকু দুটা বহলকৈ মেলি তাৰ ফালে চালে। তেওঁৰ হাঁহি উঠি গ’ল।
“ভগৱানৰ ভোক নালাগে নহয়। ভগৱানৰ দেখোন সকলো আছে।”
“নহয় মা, ভোক লাগিছে। মোক কৈছে।”— সি আকৌ ক’লে। কিন্তু মাকে তাৰ কথাত বৰ বেছি মন নিদিলে।
পাছদিনাও গাখীৰ আৰু পিঠা খাই উঠি সি মাকক সেইটো কথাই ক’লে। তাৰ পিছদিনাও।
মাকৰ অলপ সন্দেহ হ’ল। “ভগৱানক ক’ত লগ পালা তুমি?”— তেওঁ সুধিলে।
“চ’কৰ গোসাঁই ঘৰৰ চোতালত। আৰু আমাৰ গোঁসাই ঘৰৰ বাহিৰত মোৰ লগত হাতীত উঠিছিল। বাঁহী বজাই দেখুৱাইছিল। বৰ ভোক লগা বুলি কৈছিল।”
মুনুহঁতৰ ঘৰৰ সৰু গোসাঁই ঘৰৰ খটখটীৰ দুয়োফালে দুটা পকাৰ হাতী আছে। মুনুৱে সময় পালেই সিহঁতৰ কোনোবা এটাৰ মূৰত উঠেগৈ।
মাকে সেইদিনা কথাটো দেউতাকক ক’লে। দেউতাকে অলপ চিন্তা কৰি ক’লে— “মাহ-প্ৰসাদ অলপ আগবঢ়াব লাগিব। ক’বতো নোৱাৰি কথা বা কি!”
কথা মতেই কাম। চ’কৰ গোঁসাই ঘৰত এক আধ্যা পুথি পঢ়োৱা হ’ল। ওচৰৰ মানুহখিনিয়ে চাহ-নিমকি আৰু মাহ-প্ৰসাদ খালে।
কিন্তু পাছদিনা মুনুৱে একে কথাবোৰেই ক’লে। ভগৱানৰ বোলে বিৰাট দুখ। কোনেও তেওঁক খাবলৈ নিদিয়ে। পিন্ধিবলৈ বোলে তেওঁৰ ভাল চোলা এটাও নাই!
“কি হৈছেনো ল’ৰাটোৰ, এইবোৰ কথা যে কৈ থাকে? কিবা অসুখ নেকি?”— মাকে দেউতাকক সুধিছিল। তেওঁৰ সঁচাকৈয়ে ভয় লাগিছিল।
“একো নহয় ৰ’বা। চিন্তা কৰিব নালাগে।”— তেনেকৈ ক’লেও দেউতাকে আচলতে নিজেও একো বুজিব পৰা নাছিল।
এদিন তেওঁলোক দূৰৰ এটা মন্দিৰলৈ গ’ল আৰু সকলোৰে মংগল কামনা কৰি পূজা এভাগ আগবঢ়াই আহিল।
কিন্তু সেইদিনা নিশাও মুনুৱে ক’লে যে ভগৱানৰ বৰ দুখ আৰু তেওঁ বৰ ভোকত আছে। মাক-দেউতাকৰ চিন্তাও বাঢ়ি গ’ল।
“ভগৱান দেখিবলৈ কেনেকুৱানো মুনু?”— মাকে সুধিছিল।
“ধুনীয়া। হাতত বাঁহী এটা লৈ থাকে। মূৰত এটা পাখি পিন্ধে। গান গায়, বাঁহী বজায়।”
মুনুৰ কথা শুনি মাক-দেউতাক দুয়োৰে চকুবোৰ বহল হৈ গৈছিল।
দুদিনমান পাছত আগবেলা মুনুৱে তেওঁলোকৰ লগত ওচৰৰে মেলা এখন চাবলৈ গৈছিল। মুনুৰ কাৰণে দুযোৰ ধুনীয়া কাপোৰ কিনিছিল তেওঁলোকে। ঘূৰি আহোঁতে বাটতে দাইল-চাউলৰ বজাৰো কৰিছিল দেউতাকে।
তেওঁলোকে পথাৰৰ মাজেৰে ঘৰলৈ পোনাইছিল। বাটতে জান এটা পৰে। জানটোৰ দলঙৰ কাষতে সৰু জুপুৰি এটা। হঠাৎ মুনুৱে ‘ভগৱান, ভগৱান’ বুলি চিঞৰি জুপুৰিটোৰ কাষলৈ দৌৰ মাৰিলে। মাক-দেউতাকো আচৰিত হৈ তাৰ পিছে পিছে গ’ল।
“ভগৱান ক’ত মুনু?”— দেউতাকে সুধিলে।
“ইয়াতে আছিল। তোমালোকক দেখি গুচি গ’ল।”— মুনুৱে দুখ মনেৰে ক’লে।
মাকে চাৰিওফালে চালে। কিন্তু ওচৰত কাকো নেদেখিলে। তেওঁ জুপুৰিটোৰ একেবাৰে কাষলৈ গৈ ভিতৰলৈ চালে। মুনুৰ সমানেই ল’ৰা এটা মজিয়াত বহি আছিল। সি পিন্ধা কাপোৰবোৰ ফটা-ছিটা আৰু বৰ পুৰণি আছিল। কাষতে মাটিত খেৰৰ বিছনা এখনত মানুহ এজনীয়ে শুই শুই কেঁকাই আছিল। সেই অঞ্চললৈ নতুনকৈ অহা মানুহজনীক তেওঁলোকে চিনি পাইছিল। তাই দুবাৰমান তেওঁলোকৰ ঘৰতো কাম কৰিছিলগৈ।
“কি হৈছে তোমাৰ?”— মাকে বাহিৰৰ পৰাই সুধিলে।
মানুহজনীয়ে কেঁকাই কেঁকাই কৈ গ’ল— এমাহমানৰ পৰা তাইৰ কিবা অসুখ হৈছে কাৰণে কাম বিচাৰি যাব পৰা নাই। কোনোমতে মাজে মাজে খুজি-মাগি অলপ কিবা যোগাৰ কৰি আছে। কিন্তু সেইখিনিৰে ভালকৈ খাবলৈ নাটে। বৰ কষ্ট হৈছে সিহঁতৰ।
মুনুৰ মাকৰ বৰ দুখ লাগিল। সৰু ল’ৰাটোৰ শুকান মুখখনলৈ চাই তেওঁৰ বৰ বেয়া লাগিল। মুনুৰ বয়সৰেই হ’ব সি।
মুনুলৈ অনা কাপোৰৰ এযোৰ তেওঁলোকে ল’ৰাটোক দিলে। অলপ চাউল আৰু দাইলো দেউতাকে মানুহজনীক ৰাখিবলৈ দিলে।
সেইদিনাই আবেলি মুনুৰ দেউতাকে ডাক্তৰ এজন আনি তাইক দেখুৱালে। ডাক্তৰজনে লিখি দিয়া ঔষধখিনিও তেৱেঁই কিনি আনি দিলে।
সেইদিনা ৰাতি মুনুৰ মুখৰ পৰা হাঁহি গুচাই নাছিল। বজাৰৰ পৰা অনা নতুন কাপোৰযোৰ কাষত থৈ সি মুখত হাঁহিটো লৈয়েই টোপনি গৈছিল।
পিছদিনা আবেলি মুনুৱে ঘৰৰ গোসাঁই ঘৰৰ কাষতে টুল এখনত বহি আছিল। মাকে তাৰ কাৰণে গাখীৰ এবাটি আৰু পিঠা লৈ আহি দেখে মুনুৱে চকু মুদি মুদি হাঁহি আছে।
“কি হ’লনো মুনু, আজি দেখোন বৰকৈ হাঁহিছা তুমি?”— মাকে সুধিছিল।
পিঠা এখন হাতত লৈ সি কৈছিল— “ভগৱানে আজি বৰকৈ হাঁহিছে মা। সেই কাৰণে মোৰো হাঁহি উঠিছে।”
“কিযে কোৱা তুমি মুনু!”
“ভগৱানে বোলে বহুদিনৰ মূৰত গৰম দাইলেৰে ভাত খালে। আমি দিয়া কাপোৰযোৰো বোলে বৰ ভাল পাইছে। তুমি বৰ ভাল দেই মা। দেউতাও ভাল।”— মুনুৱে হাঁহি হাঁহি উত্তৰ দিলে।
লেখকৰ ঠিকনা: যশোৱন্ত নিপুণ, বাঙ্গালোৰ, কৰ্ণাটক-৫৬০০৬৭