জুনুকা

  • Published on 22 Jul 2023
জুনুকা

‘আ ইমানু, ঘৰচিৰিকাক ৰুটি দিয়াহি আহাঁ। মই কুটি থৈছোঁ।’
‘অঁ ককা, দিয়া। ককা, জুনুকাহঁত ডাঙৰ হোৱাই নাই নে? ককা, চোৱাচোন সেয়া চোতালৰ বৰষুণৰ পানীৰ ডোঙাটোত ঘৰচিৰিকা দুটাই কেনেকৈ গা পখালিছে। মৰম লাগিছে নহয় ককা?’
‘ও। তুমি ৰুটি দিয়াই নাই। দি দিয়া।’
‘ও দিছোঁ দিছোঁ। আহ আহ। ৰুটি দিছোঁ, আহ খাহি।’

আইমানুয়ে ৰুটি দিয়াৰ লগে লগে সিহঁত দুয়োটা জপিয়াই জপিয়াই ৰুটি খাবলৈ আহিল। টুকটুককৈ দুটুকুৰামান খায়েই মুখত অকণমান লৈ ভুৰুং কৰি উৰি গ’ল।

‘অ’ ককা, সিহঁত গ’লগৈ, চোৱাচোন।’
‘অঁ, সিহঁতৰ মইনাকেইটাক খুৱাবলৈ নিছে আক’। আকৌ আহিব চাই থাকাচোন।’
‘আকৌ আহিব নে বাৰু?’
‘ও, আহিবতো। আকৌ খাবলৈ আহিব, চাবা।’

সিহঁত দুয়োটা ভুৰুং কৰি আকৌ চোতালত পৰিলহি।

‘সেয়া আহিল চোৱা আইমানু।’

সিহঁতে পিৰিক-পাৰাককৈ ইফালে-সিফালে চাই অকণমান খাই মুখত অকণ লৈয়েই আকৌ ভুৰুং! এনেকৈ কেইবাবাৰো অহা-যোৱা কৰি এবাৰত সিহঁত পোৱালি দুটাও লৈ পৰিলহি।

কি…ই…ই… কি…ই…ই…কৈ সৰু সৰু ডেউকা দুখন জোকাৰি মাক-বাপেকৰ লগে লগে জপিয়াবলৈ শিকিছে সিহঁতে। সৰু পোৱালিকেইটাৰ মাতকেইটা তাই বৰ ভাল পায়, সেইকাৰণে আইমানুৱে সিহঁতক জুনুকা নাম দিছে।

জুনুকা শিশু গল্প

‘আইমানু চোৱাহি। তোমাৰ জুনুকা মইনাহঁত চোতালত পৰিছেহি।’
‘অঁ ককা। ইম্মান মৰম লগা। এটা লওঁ নেকি ককা? চুই চাওঁ। মৰম কৰোঁ কৰোঁ লাগিছে।’
‘নালাগে নালাগে আইমানু। সিহঁতে ভয় খাই উৰি যাবগৈ। নহা হ’ব। এনেকৈ চাই থাকাচোন। কিমান মৰম লগা। সদায়ে ৰুটি খাবলৈ আহিবই। চাই থাকিবা। ভাল লাগিব।’
‘অ সিহঁত উৰি গুচিয়ে গ’ল। অ’ নাই যোৱা। সেয়া চোতালৰ পানীডোঙাত সিহঁতকো গা ধুবলৈ শিকাইছে।’

চাৰিওটা ঘৰচিৰিকাই কচালি কচালি গা ধুইছে। কেনে মনোমোহা দৃশ্য! আনন্দত আইমানুয়েও চিঞৰি চিঞৰি নাচি নাচি গাইছে—
‘আমাৰ জুনুকা ডাঙৰ হ’ল
আমাৰ জুনুকা ডাঙৰ হ’ল!’

লেখকৰ ঠিকনা: দীপা পণ্ডিত, নগাঁও