সেউজপুৰৰ ধন

  • Published on 17 Jun 2023
সেউজপুৰৰ ধন

এক.

‘ধ ন, অ’ ধন। উঠ আকৌ ৰাতি পুৱাল নহয়। গোপাল পাবহিয়ে এতিয়া। তইচোন সাজু হোৱাই নাই।’

মাকৰ মাতত সাৰ পাই ধন খকমককৈ বিচনাৰ পৰা নামিল। প্ৰায়ে দেখাৰ দৰে আজিও সি সেই সপোনটোকে দেখি আছিল। সেই যে সপোনটোত বৰ ধুনীয়া পৰী এগৰাকীয়ে তাক কোলাত তুলি মৰম কৰে, যাদু কৰি তাক বহুত নতুন নতুন কাপোৰ দিয়ে, সিহঁতৰ ভগা-ছিগা ঘৰটোৰ ঠাইত অট্টালিকা এটা সাজি দিয়ে। সপোনটো দেখিলে তাৰ মনটো ভাল লাগে। কিন্তু বাস্তৱ যে ওলোটা, সেইটোও সি জানে।

সি চকু দুটা মোহাৰি কলৰ পাৰৰ ফালে লৰ মাৰিলে। মাকে তালৈ চাই মিচিকিয়াই হাঁহিলে। ল’ৰাটোৱে গোপালৰ নামটো শুনিলে মাজৰাতিও যেন বিচনাৰ পৰা জপিয়াই দিব।

সাউৎকৈ গাটো ধুই ধনে পাকঘৰলৈ গৈ পীৰা এখন পাৰি বহিল। আজি আৰু চাহ-জলপান খাবলৈ সময় নহ’ব। আঠ বাজিলেই। মাকে ৰাতিয়েই পানী দি থোৱা ভাতকেইটামান গৰম গৰম ঢেকীয়া শাকৰ ভাজিৰে সৈতে কাঁহি এখনত দি তালৈ আগবঢ়াই দিলে।

কাঁহিৰ একাষে নিমখ-তেল অকণমান। সি ভাতকেইটা নাকে-মুখে গুজি ল’লে। মাকৰ হাতৰ এইকেইটা ভাত তাৰ বাবে অমৃতৰ দৰেই। ঢেকীয়াৰ ভাজিয়েই হওক বা মাটিদাইল-ঔটেঙাৰ তৰকাৰীখনেই হওক, তাৰ মাকতকৈ আন কোনোৱে ভাল ৰান্ধিব নাজানে, সেয়া তাৰ বিশ্বাস।

মাকে বান্ধি দিয়া ভাতৰ টোপোলাটো আৰু তাৰ কিতাপৰ মোনাটো এহাতে আৰু এহাতে এচাৰিডাল লৈ মাকক মাত লগাই সি পদূলিমুখ পালেহি সিফালৰ পৰা গোপাল দাই গৰুবোৰ খেদাই লৈ আহিছেই। আনদিনা সিও গাঁৱৰ সিটো মূৰ পায়গৈ। নহ’লে গোপালে অকলে ইমানজাক গৰু খেদাই আনিবলৈ অসুবিধা পায়। কিন্তু আজি শোৱাৰ পৰা দেৰিকৈ উঠাৰ বাবে সি আগবাঢ়ি যাব নোৱাৰিলে।

গোপাল ওচৰ পোৱাত ধনে তলমূৰ কৰিলে। গোপালে স্বভাৱসুলভ হাঁহিটো মাৰি সুধিলে— ‘কি হ’ল পোৱালি, আজি হ’বলা দেৰিকৈ উঠিলি?’ মুখেৰে একো নামাতি সেমেনা-সেমেনি কৰি ধনে ৰাস্তাৰ পৰা নামি আনৰ পদূলিৰে সোমাব ধৰা গৰুকেইটা খেদি আনিলে। টোপোলাকেইটা লৈ দৌৰা-ঢাপৰা কৰিবলৈ অসুবিধা পাই বাবে আনদিনাৰ দৰে গোপাল দাই তাৰ টোপোলাকেইটা নিজৰ হাতলৈ লৈ ল’লে। সেইকাৰণে গোপাল দাটোক ধনৰ ইমান ভাল লাগে। আনৰ দুখ-মৰম বুজে মানুহটোৱে। গৰুজাক খেদি সিহঁত আগবাঢ়িল। মূল ৰাস্তাটোৰ পৰা নামি মথাউৰিটোৰে পথাৰখন পালেগৈ। গৰুজাক বিলৰ পাৰলৈ খেদি তাতে চৰিবলৈ দি সিহঁত দুয়োটা গছজোপাৰ তললৈ গ’ল। দুই-এটা কথা পতাৰ পাছত ধনে মোনাটোৰ পৰা কিতাপ-ফলি উলিয়াই ল’লে। আগদিনা শিকোৱা ইংৰাজী শব্দবোৰ গোপালে কৈ গ’ল আৰু ধনে মুখেৰে মাতি বানান কৰি কৰি সেইবোৰ ফলিত লিখি গ’ল। গোপালৰ মনটো কিছু স্ফূর্তি আৰু কিছু বেজাৰেৰে ভৰি পৰিল। কাৰণটো হ’ল সি বুজি উঠিছে, ধনৰ মনত ৰখা শক্তি বৰ বেছি, কিন্তু সি যে জীৱনত আনুষ্ঠানিক শিক্ষাৰ মুখ নেদেখে,— সেই কথা গোপালে ভালকৈয়ে জানে।

দুই.

সেউজপুৰৰ ধন

ধন— দহ বছৰীয়া এটি কণমানি। কিন্তু ঘৰৰ ডাঙৰ ল’ৰা। মাকৰ সৈতে সি জুপুৰি এটাত থাকে। দেউতাকক শেষবাৰৰ বাবে কেতিয়া দেখিছিল, সেয়া তাৰ মনত নাই। দেউতাকে হেনো চহৰৰ মালিক এজনৰ ট্ৰাক চলাইছিল। তেতিয়া সিহঁত চহৰতে ভাড়াঘৰ এটাত আছিল। মাকে কয়, তেতিয়া হেনো সিহঁতৰ খোৱা-পিন্ধাৰ একো অভাৱ নহৈছিল। কিন্তু ধনৰ বয়স যেতিয়া তিনি বছৰ হৈছিল, তেতিয়াই মেলেৰিয়া ৰোগ হৈ তাৰ দেউতাকৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই আৰম্ভ হ’ল সিহঁতৰ বেয়া দিন। বৰদেউতাকে মানুহক দেখুৱাই সিহঁতক সেউজপুৰৰ গাঁৱৰ ঘৰলৈ লৈ আহিল যদিও মূল ঘৰত থাকিবলৈ নিদি পিছফালে জুপুৰি এটা সাজি দিলে। তাতেই মাকে আৰ-তাৰ ঘৰত কাম কৰি তাক যেনে-তেনে ডাঙৰ কৰিছে। পঢ়িবলৈ যে তাৰ কিমান হেঁপাহ আছিল। কিন্তু মাকে তাক কিতাপ-বহী কিনি স্কুলত পঢ়োৱাৰ সাহস কৰিব নোৱাৰিলে।

বয়সতকৈ অলপ বেছি সোনকালেই ডাঙৰ হ’ল ধন। মাকে প্রথমে চাৰি-পাঁচ ঘৰমান মানুহৰ ঘৰত কাম কৰিছিল। কাম কৰি কৰি কম সময়তে মানুহজনী বেমাৰী হৈ পৰিল। চাৰি-পাঁচঘৰৰ ঠাইত আজিকালি এঘৰতহে কাম কৰিব পাৰে। মাহেকত পোৱা টকাকেইটাৰে ঘৰখন চলিবলৈকে টান হ’ল। মাকৰ অলপ সহায় হ’ব বুলি ইঘৰ-সিঘৰত সৰু-সুৰা কাম- বন কৰি সিও দহ-বিশ টকা ঘটিবলৈ ধৰিলে। কিন্তু সেয়া যথেষ্ট নাছিল। অভাৱে সিহঁতক জুৰুলা কৰিলে। অ’ত-ত’ত কাম বিচৰা সময়তে গোপালে তাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। মাক সম্পূর্ণ সুস্থ হৈ থাকোঁতে গোপাল দাহঁতৰ বৰমাক ইটো-সিটো কৰি দিছিল। তেতিয়াৰ পৰাই দুয়োখন ঘৰৰ বৰ মিল।

ক’বলৈ গ’লে, গোপালহঁতৰ ঘৰখনো আৰ্থিকভাৱে বৰ টনকিয়াল নহয়। তথাপি পেটে-ভাতে খাই থকা মানুহ। মাক-বাপেক, ভায়েক-ভনীয়েকহঁতৰে ভৰি থকা ঘৰ। কষ্ট কৰি হ’লেও সি মেট্রিক পাছ কৰিলে। কিন্তু চহৰলৈ গৈ কলেজত পঢ়াৰ সাহস কৰিব নোৱাৰিলে। দেউতাককে অলপ সহায় কৰোঁ বুলি সি কাম বিচাৰিবলৈ ধৰিলে। তেনেতে ওচৰ-চুবুৰীয়া দুঘৰমানে তেওঁলোকৰ গৰুকেইটা পথাৰত নি চৰোৱাৰ কাম দিলে। লাহে লাহে এঘৰ-দুঘৰকৈ মানুহ বাঢ়ি আহিল। গৰুৰ জাকটোও বেছি হৈ আহিল আৰু গোপালে কামৰ বিনিময়ত পোৱা টকাও বাঢ়ি আহিল। গৰুজাক অকলে চম্ভালিবলৈ অসুবিধা হোৱাত সহায়কাৰী হিচাপে ধনক ল’লে। তেতিয়াৰ পৰাই ধনে গোপালৰ লগত এই কামটো কৰি আছে। পুৱা আঠ বজাত গৈ আবেলি চাৰি বজাত ওভতে। বিনিময়ত সি প্ৰতিদিনে এশ টকাকৈ পায়। গৰুজাক চৰোৱাৰ লগতে গোপালে তাক পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছে। কোনোদিনে স্কুললৈ গৈ নোপোৱা ধনে এতিয়া ক খ, এ বি চি ডি পঢ়িব-লিখিব পৰা হৈছে। অংক কৰিবলৈ শিকিছে। কলপাতত নেওতা লিখিছে। গোপাল দাৰ পৰা দেশ-বিদেশৰ খবৰো ল’ব পৰা হৈছে। এক কথাত, গোপাল দা ধনৰ গুৰু হৈ পৰিছে।

তিনি.

সেউজপুৰৰ ধন

গৰুজাক বিলৰ পাৰলৈ খেদি চৰিবলৈ দি আনদিনাৰ দৰে সিহঁত দুয়োটা গছজোপাৰ তলত বহিল। ধনক নিজৰ গাঁওখনৰ বিষয়ে দহটা বাক্য লিখিবলৈ দি গোপালে ধাননিৰ মাজত লুকুৱাই থোৱা বৰশীকেইটা উলিয়াই আনিলে। কালি আবেলিয়ে সি এৰাবাৰীখনৰ কাষৰপৰা আমৰলি পৰুৱাৰ টোপ পাৰি থৈছে। বৰশীকেইটাত টোপকেইটামান সী বিলৰ এচুকত পাতি থৈ আহিল। কোনখিনিত পাতিলে কি মাছ উঠিব, কেনেকুৱা বতৰত মাছ বেছি পোৱা যায়, বৰষুণজাক আহিলে মাছৰ কিদৰে উজান উঠে— এইবোৰ কথা গোপাল দাই তাক শিকাইছে।

বৰশীকেইটা পাতি গোপাল তাৰ কাষতে বহি বাঁহীটো উলিয়াই লোকগীতৰ সুৰ এটা বজাবলৈ ধৰিলে। গোপাল দাই বৰ ভাল বাঁহী বজায়। তাকো অলপ শিকাইছে, কিন্তু সি গোপাল দাৰ দৰে বজাব পৰা হোৱা নাই। বাঁহীটো বজাই গৰু চৰাই থকা গোপাল দাক ধনৰ মাকে সাধুত কোৱা ভগৱান শ্ৰীকৃষ্ণৰ দৰেই লাগে বহু সময়ত। কেতিয়াবা কেতিয়াবা গোপাল দাই লগত সাধু, মহৎ লোকৰ বাণী আদি কিতাপ লৈ আহে। কেতিয়াবা নিজে পঢ়ি শুনায় আৰু কেতিয়াবা তাক পঢ়িবলৈ দিয়ে।

প্ৰিয় সেউজপুৰ গাঁওখনৰ বিষয়ে বাক্যকেইটা লিখি ধনে গোপালক দেখুৱালে। গোপালে শলাগিছে। পাৰিছে, সি ভুল নকৰাকৈ লিখিব পাৰিছে। সৌৱা দামুৰিকেইটাই আকৌ চেঁকুৰ ধৰিলে। অজলা দামুৰি। নতুনকৈ চেঁকুৰিবলৈ শিকিছে। গাত একেবাৰে তৎ নাই। এটা চেঁকুৰতে কিমান দূৰ পায়গৈ, নিজেই গম নাপায়। হয় গোপাল বা ধনে খেদি আনিবগৈ লাগিব, নহয় মাকজনীকো ওচৰলৈ লৈ যাব লাগিব, তেতিয়াহে পোৱালি ওভতে। পোৱালিকেইটাই পিছে ধনকো ভালকৈয়ে চিনি পায়। সি কোলাত লৈ পোৱালিবোৰক মৰম কৰি থাকে।

গোপালৰ ইংগিত পাই ধনে পোৱালিকেইটাৰ পিছে পিছে দৌৰ মাৰিলে। বাকীবোৰ পোৱালি জাকটোলৈ উভতিল যদিও এটা পোৱালিয়ে জাকৰ বিপৰীত দিশলৈ চেঁকুৰ মাৰিলে। তাক ওভতাবলৈ ধনেও পিছে পিছে লৰ ধৰিলে। পোৱালিটো গৈ গৈ এৰাবাৰীখনৰ কাষ পালেগৈ। দৌৰি দৌৰি ফোপাই-জোপাই ধন বহি পৰিল। পোৱালিটোৰো মৰম লাগিল হ’বলা, সিও আহি ধনৰ কোলাতে শুই পৰিল। পোৱালিটোক বুকুৰ মাজত সুমুৱাই মৰম কৰি কৰি ওপৰলৈ মূৰ তুলি সন্মুখত এৰাবাৰীখন দেখি ধনৰ বুকুখন ঢিপিংকৈ মাৰিলে। মাকে বাৰে বাৰে সকীয়াই থৈছে এৰাবাৰীখনৰ ফালে নাযাবলৈ। তাত হেনো ভূত আছে। কিন্তু গোপাল দাইতো কৈছে, ভূত বুলি হেনো একো নাই। তেন্তে গাঁৱৰ মানুহবোৰে কিয় ইমান ভয় কৰে? এৰাবাৰীখন কেইবাবিঘা মাটি জুৰি বিয়পি আছে। চাৰিওফালে ওখ ৱাল। সন্মুখত এখন ডাঙৰ গেট। ভিতৰৰ ফালে কি আছে একো নেদেখি। ভিতৰত কিনো আছে চাবলৈ বৰ মন গ’ল তাৰ। সি পোৱালিটোক কোলাৰ পৰা আঁতৰাই ৱালখনৰ গাতে লাগি থকা মধুৰীআমজোপালৈ উঠি গ’ল। ওপৰৰ পৰা সি জুমি চালে। বৰ ডাঙৰ বাৰী। এফালে তামোল-পাণৰ বাৰী, আনফালে এখন ফলৰ বাৰী। আম, কঁঠাল, আমলখি, শিলিখা, বগৰী, কৰ্দৈ, ৰবাব টেঙা, জলফাই, লেটেকু, পনিয়ল— কিমান যে ফলৰ গছ আছে! কিছুমান গছত বতৰৰ ফলবোৰ পকি ওলমি আছে। খাওঁতা নাই। তলখনো ফলেৰে ভৰি আছে। গোপাল দাই হেনো কেইবাদিনো ৱাল পাৰ হৈ গৈ পকা আম খাইছিল। কথাটো ঘৰত গম পাই দেউতাকে পিঠিত ফুল তুলি দিছিল। সেইদিনাৰ পৰা সি এৰাবাৰীখনত সোমোৱা বাদ দিলে। কিন্তু এটা কথাত সি নিশ্চিন্ত হ’ল যে মানুহে ভবাৰ দৰে বাৰীখনত কোনো ভূত নাই।

বাৰীখনৰ মাজভাগত এটা প্ৰকাণ্ড ঘৰ। তাৰ সপোনৰ অট্টালিকাটোৰ দৰে। দিঠকত ইমান ডাঙৰ ঘৰ সি দেখা নাই। মকৰাৰ জাল, ধূলি-বালিৰে ঘৰটো লেতেৰা হৈ পৰিছে। সন্মুখত এখন ডাঙৰ ফুলনি। কিন্তু ফুলগছতকৈ বনৰীয়া গছ-লতাইহে ঠাইখিনি আগুৰি আছে। গোপালদাই ঠিকেই কৈছিল, ফুলে-ফলে ভৰি থকা এখন শুৱনি ঘৰ। মাথোঁ লেতেৰা হৈ আছে বাবেহে ভূত থকা যেন লাগে। কিছুসময় চাই থাকি ধন নামি আহিল। মধুৰীজোপাৰ গাতে লাগি থকা বকুলজোপাৰ তলখন ফুলেৰে বগা হৈ আছে। কচুপাত এটা ছিঙি আনি বকুল ফুল এটোপোলা বুটলিলে। বিৰিণা বনকেইডালমানো ছিঙি গোপালৰ কাষতে বহি মালা গাঁথিবলৈ ধৰিলে। এই মালা সৰস্বতীৰ ফটোখনত পিন্ধাই দিব।

চাৰি.

সেউজপুৰৰ ধন

পুৱা আগতকৈও সোনকালে উঠিবলৈ লৈছে ধনে। যিমান পাৰি সিমান সোনকালে সি পথাৰলৈ যাব বিচাৰে। অৱশ্যে তাৰ আকৰ্ষণ এতিয়া পথাৰখন বা গৰুজাক নহয়, সেই নিৰ্দিষ্ট ঘৰটোহে। চেঁকুৰি আঁতৰি যোৱা পোৱালিকেইটা খেদি অনাৰ চলেৰে সি ঘৰটোৰ ওচৰলৈ যায় আৰু মধুৰীজোপাত উঠি ঘৰটোলৈ চাই থাকে। সি ভাবে, সিও যদি মাকৰ সৈতে এনেকুৱা এটা ঘৰত থাকিবলৈ পালেহেঁতেন! ডাঙৰ হ’লে সি বহুত টকা ঘটিব আৰু এটা ডাঙৰ ঘৰ সাজিব। তেতিয়া মাকে এজাক বৰষুণতে পানী টুকিব নালাগিব।

‘ঘৰটোত সঁচাকৈয়ে ভূত আছেনে গোপালদা?’— কেইবাদিনো ধৰি সুধিম সুধিম বুলি ভাবি থকা কথাটো ধনে সেইদিনা সুধিয়েই পেলালে। ভূতৰ নাম শুনি গোপালে হাঁহি হাঁহি ক’লে— ‘কিয়? তই কেতিয়াবা ভূত দেখিছ নেকি ঘৰটোত?’
‘নাই দেখা।’
‘তেনেহ’লে নাই।’
‘কিন্তু ঘৰটোত যে সৱেই ভূত আছে বুলি কয়! ঘৰটোত কোনো নাথাকে কিয়? মানুহবোৰ ক’লৈ গ’ল?’

‘এইটো বৰ দুখলগা কাহিনী অ’ ধন।’— হুমুনিয়াহ এটা কাঢ়ি ধনে কৈ গ’ল, ‘মানুহজন আৰ্মিৰ ডাঙৰ বিষয়া আছিল। ঘৈণীয়েক ডাক্তৰনী। দহ বছৰীয়া ল’ৰা এটাও আছিল। অৱসৰ লোৱাৰ পাছত গাঁৱত ঘৰ সাজি থাকিব, সমাজৰ বাবে ভাল ভাল কাম কৰিব, চিকিৎসালয় সাজিব— এইবোৰ সপোন লৈয়ে বন্ধু এজনৰ সহায়ত তেওঁলোকে আমাৰ গাঁৱৰ এই মাটিখিনি কিনি ঘৰ সাজি লৈছিল। অৱসৰৰ পাছত তেওঁলোক একেবাৰে গাঁৱতে থকাৰ কথা আছিল যদিও চাকৰি কৰি থকাৰ সময়তো মাজে মাজে দুই-এদিন আহি থাকেহি।গাঁৱৰ প্ৰায়বোৰ মানুহৰ লগত তেওঁলোকৰ চা-চিনাকিও বাঢ়িছিল। কিন্তু ইমান ভাল মানুহ দুজনৰো যে কোনোবা শত্রু থাকিব পাৰে, কোনেও ভাবিবই পৰা নাছিল। মাত্র দুদিনৰ বাবে সেইবাৰো তেওঁলোক গাঁৱৰ ঘৰলৈ আহিছিল। কিন্তু সেইদিনা সন্ধিয়া উগ্ৰপন্থীয়ে তেওঁলোকক ঘৰতে আক্রমণ কৰিলেহি। মাক-দেউতাকৰ সন্মুখতে সৰু ল’ৰাটোক গুলিয়াই হত্যা কৰিলে। মাক অচেতন হৈ পৰিল। দেউতাকে পৰালৈকে যুঁজিলে। পাছত উগ্রপন্থীৰ দলটো পলাই গ’ল। সেই ৰাতি হেনো গাঁওখন পুলিচ-মিলিটেৰীৰে ভৰি পৰিছিল। ল’ৰাটোক বাৰীতে সৎকাৰ কৰি মাক-দেউতাকক চিকিৎসাৰ বাবে চহৰলৈ লৈ যোৱা হ’ল। শুনা মতে, মাকৰ চিকিৎসা হেনো এতিয়াও চলি আছে। উগ্রপন্থীকেইটাও ধৰিলে। ঘটনাটো হৈ যোৱাৰ কেইদিনমান পাছত বনকৰা মানুহজন বয়-বস্তু অলপ নিবলৈ এৰাতি থকাকৈ ঘৰটোলৈ আহিছিল। উভতি যাওঁতে সি মানুহৰ আগত কৈ গ’ল বোলে ৰাতিটো সি শুবই নোৱাৰিলে। কোনোমতেহে প্ৰাণটো বচাইছে। ল’ৰাটোৱে ভূত হৈ আহি নানা অত্যাচাৰ চলাইছে। তেতিয়াৰপৰাই গাঁৱৰ মানুহৰ ভয়। ঘৰটোৰ ফালে কোনো নাযায়েই। মাজে মাজে হেনো ঘৰটোত নিজে নিজে লাইট জ্বলি থাকে। আকৌ নিজে নিজে নুমায়ো যায়। কিন্তু ইয়াৰ আচল ৰহস্য মই জানো।’
‘মোক কওকচোন কি ৰহস্য। শপত খাই কৈছোঁ, কাকো নকওঁ।’ ধনে আবদাৰ কৰিবলৈ ধৰিলে।

গোপালে যে ধনক বিশ্বাস নকৰে তেনে নহয়। সেয়ে সি ক’বলৈ ধৰিলে— ‘আচলতে সেইদিনা বনকৰা ল’ৰাটোৱে মিছা কথা কৈছিল। সি জানিছিল, তাৰ মালিকনীৰ চিকিৎসা বহুদিন ধৰি চলিব। মালিকে কোৱা মতে, অৱসৰৰ পাছতহে পুনৰ তেওঁলোক গাঁৱৰ ঘৰলৈ আহিব। গতিকে ঘৰ-বাৰীৰ যাতে কোনো হৰণ-ভগন নহয়, তাৰ বাবে বনকৰা মানুহজনে এই বুদ্ধি খটালে। ভূতৰ ভয়ত গাঁৱৰ মানুহেও সেইফালে মুখ নকৰা হ’ল। কিন্তু এদিন আবেলি পথাৰৰ পৰা গৰু লৈ ঘৰলৈ ওভতাৰ সময়তে ডাঙৰকৈ শিল-বৰষুণ আহিল। গৰুবোৰ ছেদেলি-ভেদেলি হৈ যেনি-তেনি গ’ল। দুটামান গৰু পথাৰতে থাকি গ’ল। বৰষুণজাক এৰোঁতে আন্ধাৰ হৈছিল। হাতত টৰ্চটো লৈ পথাৰৰ ফালে আহিলো। ইফালে-সিফালে বিচাৰি থাকোঁতেই ঘৰটোৰ ফালৰ পৰা গৰুৱে হেম্বেলিওৱা শুনি সেইফালেই লৰ মাৰিলো। আচৰিত কথা, কেনিও সোমাবলৈ বাট নথকা বাউণ্ডেৰীটোৰ ভিতৰলৈ গৰুকেইজনী সোমাল কেনেকৈ! ভাবি ভাবি পিছফালৰ গেটখনৰ কাষ পালেগৈ। এইবাৰ আৰু আচৰিত হ’লো। আনদিনা তলা ওলমি থকা গেটখন সেইদিনা খোলা আছিল। সোমাই গ’লো। হঠাতে ঘৰৰ লাইটবোৰ জ্বলি উঠিল। উচপ খাই পলাবলৈ ধৰিছিলোঁ, কিন্তু ঘৰৰ ভিতৰত কোনোবাই কহা শুনি অলপ সাহস পালো আৰু সেইফালে আগবাঢ়িলো। সেয়া আছিল বলোকাই। মিছাকৈ ভূত আছে বুলি কোৱা বনকৰা মানুহজন। তেওঁৰ লগত সেইদিনা বহুত কথা পাতিলো।এইখিনি কথাও তেওঁৰ পৰাই গম পালো। এতিয়াও তেওঁ মাজে মাজে আহি এৰাতি-দুৰাতি থাকি যায়হি। তেতিয়াই গাঁৱৰ মানুহে ঘৰটোত লাইট জ্বলা দেখা পায়। এইখিনি কথা কাকো নক’বলৈ তেওঁ মোক হাতে-ভৰিয়ে ধৰিলে। মানুহজনে মিছাকৈ ভূত থকাৰ কথা কৈছিল যদিও তেওঁৰ উদ্দেশ্য বেয়া নাছিল। সেইবাবে মই তেওঁৰ কথা ৰাখিলো। তেওঁ আহিলেই মোক খবৰ দিয়ে। অ’ এইকেইদিনতে হেনো মালিক-মালিকনী একেবাৰে থকাকৈ গুচি আহিব। মালিকনী এতিয়া কিছু সুস্থ হৈছে হেনো, কিন্তু কথা-বতৰা নকয়।বহুত বাৰ সুধিলেহে কিবা এটা উত্তৰ দিয়ে। চিকিৎসা কৰিলে যদিও তেওঁৰ মুখৰ মাত উলিয়াব পৰা নগ’ল। গতিকে এতিয়া ইয়ালৈকে লৈ আহিব।’

কথাবোৰ অলপ জটিল আছিল যদিও বুজিব লগা খিনি সি ঠিকেই বুজিলে। মনটো সেমেকি উঠিল ধনৰ।

পাঁচ.

সেউজপুৰৰ ধন

গোপালহঁতৰ ঘৰত হুলস্থূল। মাকৰ পেটৰ বিষ। ৰাতিয়েই চহৰৰ হাস্পতাললৈ লৈ গ’ল। গোপাল আৰু দেউতাক লগত গ’ল। ভায়েক-ভনীয়েকক ৰখিবলৈ ধনহঁতৰ পৰিয়ালটোক ৰাতিয়েই তেওঁলোকৰ ঘৰলৈ লৈ গ’লহি।

পুৱা ধনে আনদিনাৰ দৰে গৰুজাক পথাৰলৈ খেদাই লৈ আহিল। অকলে অকলে তাৰ অলপ ভয়ো লাগিল। আজি তাৰ জিৰণি ল’বৰ সময় নাই। গৰুজাকক লৈয়ে ব্যস্ত। অজলা পোৱালিকেইটাইও গোপাল দাক নেদেখি আজি যেন ভয়-ভীত নোহোৱাকৈ যেনি-তেনি দৌৰিছে। সিও পিছে পিছে দৌৰি উভতাই আনিব লগা হৈছে। কিন্তু এপাকত তাৰে দুটা পোৱালি চেঁকুৰি গৈ সেই ঘৰটোৰ গেটেৰে সোমাই ভিতৰ পালেগৈ। পিছে পিছে দৌৰি সিও কেতিয়া চোতাল পালেগৈ, গমেই নাপালে। ফুলনিখনৰ সন্মুখত যেতিয়া পোৱালি দুটা থমকি ৰ’ল, ধনো চক খাই ৰৈ গ’ল। তেতিয়াহে সি অনুভৱ কৰিলে যে সি ঘৰটোৰ সন্মুখ পালেহি। কিন্তু আজি ঘৰটোৰ পৰিৱেশ বেলেগ। মানুহ এটাই ফুলনিখন চাফা কৰি আছে। বাৰান্দাত এজনী আদহীয়া মহিলা একেথিৰে তলমূৰ কৈ বহি আছে। তেওঁৰ কাষতে এগৰাকী নাৰ্চ। তাৰমানে মানুহঘৰ আহি পালে।

ফুলনিত কাম কৰি থকা মানুহজনে ‘হেই হেই’ বুলি পোৱালি দুটা খেদি দিলে। তেতিয়াহে ধনৰ লাজ আৰু ভয়ত বুকুখন কঁপি উঠিল। সি ভিৰাই লৰ মাৰিব খুজিছিল, তেনেতে বাৰান্দাত বহি থকা মানুহগৰাকীয়ে ‘মন মন’ বুলি মতাত সি ৰৈ গ’ল। থৰক-বৰক খোজেৰে মানুহগৰাকী তাৰ কাষ পালেহি আৰু তাক সাবটি ধৰিলে। তাৰ কঁপালত চুমা দুটামান খাই মানুহজনীয়ে কান্দি কান্দি ক’লে— ‘কলৈ গৈছিলি সোণ? মই তোক বিচাৰি আছোঁ। ইমান দিন অহা নাই তই? মোৰ বাচা।’

কি হৈছে ধনে একো বুজিব পৰা নাই। নাৰ্চগৰাকী আৰু কাম কৰি থকা মানুহজনো আহি ওচৰ পালে। ভিতৰৰ পৰা আদহীয়া মানুহ এজন ওলাই আহিল। মোচকোচা দেখিয়ে সি অনুমান কৰিলে, এইজনেই আৰ্মি অফিচাৰজন হ’ব। মানুহজনে ধনক ভয় নাখাবলৈ ইংগিত দিলে। মানুহগৰাকীয়ে ধনক ভিতৰলৈ লৈ গ’ল।

বহু দিনৰ মূৰত মানুহগৰাকী সুস্থ অৱস্থাৰে পাকঘৰত সোমাল। নিজে চাহ-জলপান কৰি ধনক খুৱালে। নিজৰ ল’ৰাটো বুলি ভাবি তেওঁ ধনক এৰি দিব নোখোজা হ’ল। ইফালে ধনৰ হাঁহিম নে কান্দিম অৱস্থা। মানুহজনীৰ ব্যৱহাৰ দেখি সি আচৰিত হ’ল। গৰুজাকৰ চিন্তাটো আছিলেই। তাৰ চকুৰে পানী ব’বলৈ ধৰিলে। মানুহগৰাকীৰ তালৈ ভ্ৰূক্ষেপ নাই। পাছত যেনিবা নাৰ্চে ঔষধ খুৱাই মানুহগৰাকীক কোনোমতে শুৱাই দিলে আৰু সি দৌৰি ঘৰটোৰ পৰা ওলাই আহিল। পথাৰত থাকিও শান্তি নলগাত সি আনদিনাতকৈ সোনকালে গৰুজাক ঘৰলৈ উভতাই আনিলে। গোপালৰ মাক সুস্থ হৈ ঘৰলৈ আহিল বুলি শুনি সি গোপালৰ ওচৰ পালেগৈ।

গোপালক দেখা পায়েই সি শোকত ভাগি পৰিল। তাক সাবটি ধৰি ধনে ফেঁকুৰি ফেঁকুৰি কান্দিলে। সি ভয়ত কান্দিছে নে অচিনাকি মানুহজনীৰ দুখতে কান্দিছে, সি নিজেই বুজি নাপালে। অৱশেষত গোপালে বুজাই-বঢ়াই তাক ঘৰলৈ লৈ আহিল। ঘৰলৈ আহি ধন আৰু আচৰিত হ’ল। মিলিটেৰীজন সিহঁতৰ ঘৰত বহি মাকৰ লগত কথা পাতি আছে। সিহঁত দুটাকো তেওঁ কাষতে বহুৱাই ল’লে আৰু মানুহগৰাকীৰ বিষয়ে বহু কথাই ক’লে। ধনক লগ পাই তেওঁ উৎফুল্ল হৈ উঠিছে। লগতে ডাক্তৰে দিনটোৰ কথাখিনি শুনি, সি কাষত থাকিলে যে মানুহগৰাকী সোনকালে সুস্থ হৈ উঠিব বুলি কৈছে, সেই কথাও ক’লে। সেয়ে তেওঁ ধনৰ মাকক প্ৰস্তাৱ এটা দিবলৈ আহিছে। গোপালৰ লগতো সেউজপুৰৰ উন্নয়নৰ বিষয়ে তেওঁ বহুত কথা পাতিলে।

ছয়.

সেউজপুৰৰ ধন

মাক আনদিনাতকৈও সোনকালে শোৱাৰপৰা উঠিল। আজিৰপৰা তেওঁৰ নতুন চাকৰি। মিলিটেৰীজনৰ ঘৰত। কাম হেনো বিশেষ একো নাই, কেৱল ৰুগীয়া মানুহগৰাকীৰ কিছু আলপৈচান ধৰিলেই হ’ব। মাহত তিনি হাজাৰকৈ টকা দৰমহা দিব। থাকিবলৈ মন কৰিলে, মাক-পুতেকক ঘৰতে কোঠা এটা আজৰাই দিব। মুঠতে তেওঁ মানুহগৰাকীক সুস্থ অৱস্থাত চাব বিচাৰে।

ধনে সেইদিনা মানুহজনীক ভালকৈ লক্ষ্য কৰিলে। বৰ মৰমীয়াল মানুহজনী। ঠিক তাৰ সপোনৰ পৰীমাজনীৰ দৰে। পৰীমাৰ দৰেই তেওঁ তাক কোলাত তুলি মৰম কৰিলে। থৰক-বৰককৈয়ে লুচি-ভাজি কৰি নিজ হাতেৰে তাক খুৱালে। তেওঁক মা বুলি মাতিবলৈ ক’লে ধনক। কিছু সময় মানুহগৰাকীৰ লগত কটাই সি গোপালৰ লগত পথাৰলৈ গ’ল। দুপৰীয়া গৰুকেইটা গছৰ ছাঁত শুই থাকোঁতেই দুয়োটাই আহি মানুহগৰাকীয়ে যোগাৰ কৰি ৰখা ভাত খালেহি। সন্ধিয়াটো আকৌ তেওঁলোকৰ ঘৰতে কটাই ৰাতিৰ সাজ খাই মাক আৰু সি ঘৰলৈ গ’ল।

এই ৰুটিনখন দুই-তিনি মাহ ধৰি চলি থাকিল। কেতিয়াবা ধন আৰু মাক ৰাতিও তাতেই থাকে। ডাক্তৰে ভবা মতেই ধনক কাষত পোৱাৰ পাছত মানুহগৰাকীও কম সময়তে সুস্থ হৈ উঠিল। আজৰি সময়ত মিলিটেৰী বৰদেউতাকে পঢ়াই পঢ়াই ধনক ইতিমধ্যে পাৰ্গত কৰি তুলিছে। পৰিৱেশ সুস্থিৰ হোৱাত সকলোৱে মনত শান্তি লাভ কৰিলে।

সাত.

সেউজপুৰৰ ধন

ধনৰ এই বৰদেউতাজনে আয়োজন কৰা সভাখনত গাঁওবুঢ়াৰ লগতে গাঁৱৰ সকলো মানুহ গোট খালে। বৰদেউতাকে গাঁৱত এখন হস্পিতাল, এখন স্কুল, পুথিভঁৰাল এটা আৰু এটা নাটঘৰ সাজিবলৈ মন কৰাৰ কথা ৰাইজক জনালে। ইয়াৰ বাবে প্ৰয়োজন হোৱা মাটিখিনি তেৱেঁই দিব, মাথোঁ তেওঁ গাঁৱৰ মানুহৰ সমৰ্থন বিচাৰিলে। ৰাইজে হৰিধ্বনি দি তেওঁৰ প্ৰস্তাৱটোত সমৰ্থন জনালে। লগতে এই অনুষ্ঠানসমূহৰ নিৰ্মাণত শাৰীৰিক শ্ৰমদানেৰে সহায় কৰিব বুলিও কথা দিলে, কাৰণ গাঁৱৰ প্ৰতিজন মানুহেই বিচাৰে সেউজপুৰৰ ল’ৰা-ছোৱালী উপযুক্ত শিক্ষাৰে শিক্ষিত হওক, ৰোগীয়ে উপযুক্ত চিকিৎসা পাওক, সেউজপুৰখন সুন্দৰ হৈ উঠক।

কথাতে কয়, ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’, আটায়ে মিলি কম দিনৰ ভিতৰতে সেউজপুৰখনক সঁচাকৈয়ে সুন্দৰ কৰি তুলিলে। কেৱল হস্পিতাল, স্কুলেই নহয়, সেউজপুৰত এখন কলেজো হ’ল। গোপালকে ধৰি যিকেইটা শিক্ষিত ল’ৰা-ছোৱালী আছিল, প্ৰত্যেকে সেই অনুষ্ঠানবোৰতে যোগ্যতা অনুসৰি চাকৰিও পালে।

আৰু সেই যে সেউজপুৰৰ কণমানি ধন, সি এইবাৰ পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ প্রথম স্থান পাই উৰ্ত্তীণ হৈছে। বৰদেউতাকৰ দৰেই সিও এজন সৈনিক হৈ দেশসেৱা কৰিবৰ লক্ষ্যৰে আগবাঢ়িছে।

শব্দাৰ্থ:

  • সাউৎকৈ: বেগতে, সোনকালে
  • স্বভাৱসুলভ: স্বাভাৱিক, স্বভাৱৰ ভিতৰুৱা
  • অট্টালিকা: প্ৰাসাদ, বৰ ডাঙৰ আৰু ধুনীয়া পকী ঘৰ
  • আবদাৰ: আদৰ বা মৰমৰ দাবী
  • হৰণ-ভগন: হেৰোৱা বা ভগা কাৰ্য, ক্ষতি হোৱা
  • ভ্ৰূক্ষেপ: মনোযোগ/ কেৰাহিকৈ চোৱা
  • উৎফুল্ল: আনন্দত ৰঙিয়াল হোৱা/ ফুলি উঠা বা বিকশিত হোৱা
  • আলপৈচান: সেৱা-শুশ্ৰূষা, পৰিচৰ্যা কৰা