জৰ্জ ৱাশ্বিংটন
- Published on 08 Oct 2023
ম ৰমৰ মইনাহঁত, আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে (George Washington, জন্ম: ১৭৩২, মৃত্যু: ১৭৯৯) সৰুতে কি হ’ব খুজিছিল জানানে? তেওঁ নাবিক হ’ব বিচাৰিছিল। তেওঁ নিজৰ ইচ্ছাৰ কথা কৈছিল এনেদৰে— “মই নাবিক হ’ব খোজোঁ। নাবিক হ’লে বহুতো অচিনাকি ঠাইলৈ যাব পাৰিম, আচৰিত বস্তু চাব পাৰিম আৰু সময়ত জাহাজৰ কেপ্টেইন পৰ্যন্ত হ’ব পাৰিম।”
সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ চৈধ্য বছৰ। তেওঁৰ ইচ্ছাক ককায়েকহঁতেও সন্মান জনাইছিল। ককায়েকহঁতৰ মতে জৰ্জ নাবিক হ’বলৈ গ’লে অতি সোনকালে কেপ্টেইনৰ পৰা নৌ বিষয়া হ’ব পাৰিব। অৱশেষত ইংলেণ্ড অভিমুখী জাহাজৰ চিনাকি গৰাকী এজনৰ লগত কথা-বতৰা হ’ল। জাহাজৰ গৰাকীয়েও নিৰ্দিষ্ট দিনত ৱাশ্বিংটনক লগত লৈ যাব বুলি কথা দিলে। কিছু লোকে জৰ্জক বাধা দিছিল যদিও তেওঁ হাক-বচন নুশুনি নিজৰ লক্ষ্যত অটল হৈ ৰ’ল।
ইতিমধ্যে জাহাজত যাত্ৰা কৰিবলগীয়া দিনটো আহিল। সকলোৱে তেওঁক বিদায় দিবলৈ আগবাঢ়ি আহিল। জৰ্জে বিদায় ক্ষণত গোট খোৱা সকলোৰে মুখৰ ফালে চালে। চকু ঘূৰাই মাকৰ সজল দুচকু দেখা পাই তেওঁৰ অন্তৰখনে কান্দি উঠিল। মাকে তেওঁক বিদায় দিছে ঠিকেই, কিন্তু মাকৰ অন্তৰে কান্দি আছে!
ঘৰ এৰি নাবিক হ’বলৈ যোৱাত মাকৰ যে সমৰ্থন নাই, সেই কথা জৰ্জে উপলব্ধি কৰিলে। এতিয়া সঠিক সময়ত নিজৰ সন্তানৰ ইচ্ছাক বাধা নিদিয়া মানুহজনীৰ অন্তৰত উজাৰি উঠা দুখে জৰ্জক কাতৰ কৰি তুলিলে। নিজৰ জন্মদাত্ৰীৰ দুখ সহ্য কৰাটো সহজ কথানে? মুহূৰ্তৰ বাবে নীৰৱে থাকি জৰ্জে চিন্তা কৰিলে। তাৰ পাছত তেওঁ লাহেকৈ মাকৰ ফালে ঘূৰি ক’লে— “মা, মই মন সলনি কৰিছোঁ। মই ঘৰতে থাকিম আৰু তুমি ইচ্ছা কৰা মতেই কাম কৰিম।” তেওঁক জাহাজলৈ নিবলৈ অহা ল’ৰাজনক ক’লে যে তেওঁৰ বাবে ৰ’ব নালাগে, তেওঁ নাযায়।
মইনাহঁত, এই নাবিক হ’ব খোজা ল’ৰাজন পাছত আমেৰিকাৰ পিতৃ তথা প্ৰথম ৰাষ্ট্ৰপতি ৰূপে পৰিচিত হয়।
লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম’ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪