বছৰৰ বাৰটা মাহ

  • Published on 28 Jul 2023
বছৰৰ বাৰটা মাহ

(চেকোশ্লভেকিয়াৰ সাধু)

সময়ত মাৰিয়া নামৰ এজনী ছোৱালী আছিল। তাইৰ মাক নথকাৰ বাবে মাহীমাক আৰু তেওঁৰ জীয়েক হেলেনৰ সৈতে বাস কৰিছিল। মাহীমাক আৰু হেলেনে মাৰিয়াক ভাল নাপাইছিল, সেয়ে তাইক ঘৰৰ সকলো কাম কৰিবলৈ দিছিল আৰু ভালদৰে খোৱা-পিন্ধাৰ পৰা বঞ্চিত কৰিছিল। মাৰিয়া হেলেনতকৈ ধুনীয়া হোৱা বাবেও মাহীমাকে তাইক হিংসা কৰিছিল। লগতে হকে-বিহকে শাস্তি দিবলৈ নতুন নতুন কৌশল পাঙিছিল।

এদিন হেলেনে মৰিয়াক ভায়’লেট ফুল আনিবলৈ আদেশ দিলে। তেতিয়া ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধৰা জাৰৰ দিন। বাহিৰখন বৰফেৰে ঢকা। মাৰিয়াই ক’লে— ভায়’লেট ফুলতো ঠাণ্ডা দিনত নুফুলে, তাই ক’ৰ পৰা ভয়’লেট ফুল আনিব? ফুল আনিব নোৱাৰিলে মাৰিয়া ঘৰলৈ আহিব নোৱাৰিব বুলি কৈ হেলেনে তাইক ঘৰৰ পৰা উলিয়াই দুৱাৰখন বন্ধ কৰি দিলে।

বাৰটা মাহ

বৰফে ঢকা বাহিৰখনত মাৰিয়াই কঁপি কঁপি ইফাল-সিফাল কৰোঁতে শীতৰ যন্ত্ৰণাই তাইক আগুৰি ধৰিছিল। হঠাতে দূৰৈত তাই বৰফৰ ওপৰত একুৰা জুই দেখা পালে। মাৰিয়াই জুইকুৰাৰ ফালে আগবাঢ়ি গ’ল। কিছু দূৰ যোৱাৰ পাছত তাই বাৰজন মানুহে জুইকুৰা বেৰি বহি থকা দেখিলে। তেওঁলোকে দীঘল দীঘল বগা কাপোৰ পিন্ধি জুই পুৱাই আছিল। মানু্হকেইজনৰ ভিতৰত জ্যেষ্ঠ জনে মাৰিয়াক সুধিলে— “ইমান ঠাণ্ডাত তুমি ইয়াত কি কৰিছা?” মাৰিয়াই দুখেৰে ক’লে যে তাইক মাহীমাক আৰু সতীয়া ভনীয়েকে ভায়’লেট ফুল নিবলৈ পঠাইছে।

জানুৱাৰী নামৰ মানু্হজনে ক’লে— “আমি হ’লো বছৰৰ বাৰটা মাহ, আমি তোমাক সহায় কৰিম।” তেওঁ মাৰ্চ নামৰ ডেকাজনক নিজৰ ঠাইলৈ মাতিলে। মাৰ্চ আহি জানুৱাৰীৰ ঠাইত বহি দুয়োখন হাত ওপৰলৈ কৰি জোকাৰিবলৈ ধৰিলে। লগে লগে বসন্ত কাল আৰম্ভ হ’ল আৰু চাৰিওফালে ৰং-বিৰঙৰ ফুল ফুলিবলৈ ধৰিলে। মাৰিয়াই এপাচি ভায়’লেট ফুল ছিঙি সকলোকে ধন্যবাদ জনাই ঘৰলৈ উভতিল।

মাহীমাক আৰু হেলেন ফুল দেখি আচৰিত হ’ল, কিন্তু সুখী নহ’ল। দুদিনৰ পাছত হেলেনে মাৰিয়াক ষ্ট্ৰবেৰি আনিবলৈ আদেশ দিলে। ষ্ট্ৰবেৰি গৰম কালিহে পায়। শীত কালত মাৰিয়াই ক’ৰ পৰা ষ্ট্ৰবেৰি আনিব! মাহীমাকে নামানে। তেওঁ মাৰিয়াক ঘৰৰ বাহিৰ কৰি দুৱাৰ বন্ধ কৰি দিলে।

হাড় কঁপোৱা ঠাণ্ডাত মাৰিয়াই পুনৰ হাবিৰ মাজত জুইকুৰা আৰু মানুহ কেইজন বিচাৰি গ’ল। দূৰত জুইকুৰা দেখি তাই আগবাঢ়ি গ’ল। মানু্হকেইজনে আগৰ বাৰৰ দৰে ঘূৰণীয়াকৈ বহি জুই পুৱাই আছে।

“এইবাৰ আকৌ কি হ’ল?”— জানুৱাৰীয়ে মাৰিয়াক সুধিলে। জাৰত কঁপি কঁপি মাৰিয়াই ক’লে— “হেলেন আৰু মাহীমাই ষ্ট্ৰবেৰি খাব বিচাৰিছে । মোক সহায় কৰিবানে?” বহি থকা যুৱক এজনলৈ চাই জানুৱাৰীয়ে ক’লে— “ভাইটি জুন, তুমি মোৰ ঠাইত বহা, মই তোমাৰ ঠাইত বহোঁ।” জুনে জানুৱাৰীৰ ঠাইত বহি হাত দুখন ওপৰলৈ তুলি জোকাৰিবলৈ ধৰিলে। লগে লগে বৰফে ঢকা ঠাইত সেউজীয়া ঘাঁহনিৰ মাজে মাজে ষ্ট্ৰবেৰি গছ গজি ৰঙা ৰঙা ষ্ট্ৰবেৰি লগিবলৈ ধৰিলে। মাৰিয়াই এপাচি ষ্ট্ৰবেৰি ভৰাই সকলোকে ধন্যবাদ জনাই ঘৰলৈ ৰাওনা হ’ল।

এইবাৰ হেলেনে মাৰিয়াক আপেল আনিবলৈ আদেশ দিলে। “আপেল শৰত কালতহে লাগে।”— মাৰিয়াই ভয়ে ভয়ে ক’লে। নিৰ্দয়া হেলেন আৰু মাহীমাকৰ গৰ্জনত মাৰিয়াই আকৌ হাবিৰ মাজত বাৰজন ককাই-ভাইক বিচাৰি গ’ল। তেওঁলোকক লগ পাই মাৰিয়াই অনুনয়-বিনয় কৰি ক’লে— “মোৰ মাহীমা আৰু হেলেনে আপেল খাব খুজিছে, দয়া কৰি মোক সহায় কৰা, নহ’লে তেওঁলোকে মোক ঘৰত সোমাবলৈ নিদিব।”

বাৰটা মাহ

জানুৱাৰীয়ে ছেপ্তেম্বৰক নিজৰ ঠাইত বহিবলৈ মাতিলে। ছেপ্তেম্বৰ গৈ ককায়েক জানুৱাৰীৰ ঠাইত বহি জুনৰ দৰে হাত দুখন ওপৰলৈ কৰি জোকাৰিবলৈ ধৰিলে। লগে লগে আপেলেৰে ভৰা গছ গজি উঠিল। মাৰিয়াই আনন্দত আত্মহাৰা হৈ আপেল ছিঙি পাচিত ভৰালে আৰু সকলোকে ধন্যবাদ জনাই ঘৰলৈ গ’ল।

মাৰিয়াই অনা আপেল দেখি হেলেন আৰু মাহীমাক সন্তুষ্ট নহ’ল । বৰঞ্চ আপেলৰ লোভত তেওঁলোক হাবিলৈ যাবলৈ ওলাল । ঠাণ্ডাত কঁপি কঁপি হাবিত ঘূৰি ফুৰোঁতে তেওঁলোকেও ককাই-ভাইকেইজনক লগ পালে।

“তোমালোক ইয়ালৈ কিয় আহিছাঁ?”— জানুৱাৰীয়ে নম্ৰভাৱে হেলেন আৰু মাহীমাকক সুধিলে। হেলেনে অভদ্ৰভাৱে ক’লে— “আমাক এতিয়াই ৰঙা ৰঙা আপেল দে।” মাহীমাকে কঠোৰ মাতেৰে ক’লে— “তহঁতে দেখা নাই, আমি ঠাণ্ডাত কেনেকৈ কঁপিছোঁ?”

মাক-জীয়েকৰ কথা শুনি বাৰজন ককাই-ভাইৰ বৰ খং উঠিল । খঙত জানুৱাৰীয়ে ওপৰলৈ হাত দুখন তুলি জোকাৰিবলে ধৰিলে। জানুৱাৰীৰ হাতৰ জোকাৰণিত প্ৰবল বৰফৰ ধুমুহাই তাণ্ডৱ আৰম্ভ কৰিলে। পিছ মুহূৰ্ততে ককাই-ভাইকেইজন তাৰ পৰা অন্তৰ্ধান হ’ল।

বৰফৰ ধুমুহাত হেলেন আৰু মাহীমাক চিৰদিনৰ বাবে হেৰাই গ’ল। মৰিয়াক কষ্ট দিবলৈ তেওঁলোক আৰু ঘূৰি নাহিল। মাৰিয়াই নিজৰ ঘৰত শান্তিৰে দিন কটাবলৈ ধৰিলে।

প্ৰাগ, চেক ৰিপাব্লিক

চেকোশ্লভেকিয়া

অকণিহঁত, তোমালোকে চেকোশ্লভেকিয়া (Czechoslovakia)ৰ বিষয়ে জানানে? ১৯৯২ চনলৈকে ইউৰোপৰ এখন দেশ আছিল চেকোশ্লভেকিয়া। ১৯৯৩ চনৰ ১ জানুৱাৰীত দেশখন চেক ৰিপাব্লিক (Czech Republic) আৰু শ্লভেকিয়া (Slovakia) নামৰ দুখন দেশত পৰিণত হয়। চেক ৰিপাব্লিকৰ ৰাজধানী হৈছে প্ৰাগ (Prague) আৰু শ্লভেকিয়াৰ ৰাজধানী ব্ৰাটিশ্লাভা (Bratislava)।

লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম'ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪