ফকৰা-যোজনাৰ পদ্য

  • Published on 26 Jun 2023
ফকৰা-যোজনাৰ পদ্য


অধিক মাছত বগলী কণা
সঁচাকৈয়ে হয়,
বেছি লোভ কৰিলে
বগলীৰ দশা হয়।


অতি ভক্তি চোৰৰ লক্ষণ
সকলোৱে কয়,
ভক্তি বেছি দেখিলে
বুজিবা নিশ্চয়।


অতি দৰ্পে হত লংকা
হয় নিশ্চয়,
দৰ্প কৰিলে চূৰ্ণ
অৱশ্যেই হয়।


আঁঠুৱা চাই সদায়
ঠেং মেলিবা,
সামৰ্থ্য অনুযায়ী কাম কৰিলে
অৱশ্যেই জিকিবা।


বলতকৈ বুদ্ধি শ্ৰেয়ঃ
কোনে নাজানে,
বুদ্ধিৰ ওচৰত বলে
সদা হাৰ মানে।


আপোন ভালে জগত ভাল
মনত ৰাখিবা,
নিজে ভাল হ’বলৈ
সদা যত্ন কৰিবা।

ফকৰা-যোজনাৰ পদ্য


চেষ্টাৰ অসাধ্য একো নাই
জ্ঞানী লোকে কয়,
চেষ্টা কৰিলে বিজয়
হ’ব নিশ্চয়।


উপকাৰীক অজগৰে খায়
সকলোৱে জানে,
অকৃতজ্ঞ লোকৰ পৰা
থাকিবা দূৰে দূৰে।


পাপীৰ লগত দূতৰ শাস্তি
অৱশ্যেই হয়,
বেয়াৰ লগত ভালৰো
নানা কষ্ট হয়।

১০
পৰত আশ বনত বাস
মনত ৰাখিবা,
আনক আশা কৰিলে
দুখহে ভুঞ্জিবা।

ফকৰা-যোজনা

মইনাহঁত, তোমালোকে ফকৰা-যোজনা মানে কি জানানে? ফকৰা-যোজনা হৈছে সাৰুৱা উপদেশ থকা কিছুমান বাক্য বা উক্তি। এই উক্তিবোৰ মানুহৰ মুখে মুখে চলি থাকে। দিগন্ত বৈশ্যই তোমালোকৰ বাবে ৰচনা কৰা এই পদ্যটোত থকা ফকৰা-যোজনাকেইটা তোমালোকে ধৰিব পাৰিছানে? সেইকেইটা হৈছে:

  • অধিক মাছত বগলী কণা
  • অতি ভক্তি চোৰৰ লক্ষণ
  • আঁঠুৱা চাই ঠেং মেলিবা
  • বলতকৈ বুদ্ধি শ্ৰেয়ঃ
  • আপোন ভালে জগত ভাল
  • চেষ্টাৰ অসাধ্য একো নাই
  • উপকাৰীক অজগৰে খায়
  • পাপীৰ লগত দূতৰ শাস্তি
  • পৰত আশ বনত বাস

তোমালোকৰ ঘৰৰ ডাঙৰসকলক এনেকুৱা আন ফকৰা-যোজনাৰ কথা সুধিবাচোন।

শব্দাৰ্থ:

  • ফকৰা-যোজনা: সাৰুৱা উপদেশ থকা আৰু পৰম্পৰাগতভাৱে চলি অহা বাক্য বা উক্তি
  • দৰ্প: অহংকাৰ, গৰ্ব, মই বৰ ভাব
  • হত: লোপ পোৱা, নোহোৱা হৈ যোৱা, মৃত্যু হোৱা
  • চূৰ্ণ: কিবা বস্তু খুন্দি কৰা গুড়ি/ চূণ
  • শ্ৰেয়ঃ/ শ্ৰেয়: আনতকৈ ভাল, তুলনামূলকভাৱে ভাল/ কল্যাণ
  • সদা: সদায়, চিৰদিন
  • ভুঞ্জিবা: ভোগ কৰিবা

লেখকৰ ঠিকনা: দিগন্ত বৈশ্য, গাওঁ/ ডাক: শুৱালকুছি, পদ্মৰাম কাকতি পথ, কামৰূপ