নেওতা
- Published on 29 Dec 2023

এক এক এক
যদুৰ পুতেক—
কেৱল কথাকে পাতে কৰি পেকপেক।
দুই দুই দুই
গছপুলি ৰুই
তাৰেই তলত আছে সলিকণ শুই।
তিনি তিনি তিনি
নগাঢাৰি কিনি
ততালিকে ৰ’দা ঔ ভিজা টকাখিনি।
চাৰি চাৰি চাৰি
যাৰ নাই দাঢ়ি
সিহেচোন কথা কয় ডাংকোপ মাৰি।
পাঁচ পাঁচ পাঁচ
কিনি ৰৌ মাছ
খাৱ যদি বেংকত টকা কিছু সাঁচ।
ছয় ছয় ছয়
মাৰ বেছি ভয়
সেয়ে চাগৈ বাকছত তলা মাৰি থয়।
সাত সাত সাত
খাব পাৰোঁ ভাত
ডঁৰিকনা মাছ যদি দিয় খৰিকাত।
আঠ আঠ আঠ
নপঢ়িলে পাঠ
তীখৰৰ দেউতাকে দাঙে ফলা কাঠ।
ন ন ন
তয়ে থিয় হ
দুকুৰিত কেইদহ চকু মুদি ক।
দহ দহ দহ
ইম্মানেই মহ
নেজ দাঙি গৰুৱেও কৰে উঠ-বহ।
লেখকৰ ঠিকনা: তপন বৰুৱা, বালিজান, চাৰিখেলীয়া, বিশ্বনাথ-৭৮৪১৭২, ফোন- ৯৩৬৫৩৬৭০৬০