ধেমেলীয়া পদ্য

  • Published on 02 Jul 2023
ধেমেলীয়া পদ্য

১
কঁঠালৰ মুচিটোৰে
ৰান্ধি তৰকাৰী,
আলহীক খুউৱাটো
জানো দৰকাৰী?

২
মুখত নুফুটে ‘ৰ’
সেয়ে বোলে ‘অং’,
‘অঙিলী’ বুলিলে কৰে
ৰঙিলীয়ে খং।

ধেমেলীয়া পদ্য

৩
যতনেৰে পিন্ধি লৈ
কটনৰ চোলা,
ৰতনে ধনক বোলে—
“পূজালৈ ওলা।”

৪
গীতালিয়ে শিকি আছে
গাবলৈ গীত,
গীত শুনি এঘাৰটা
ভেনামাখি ফিট।

৫
মণিৰামে গণি আছে
ওকণি মূৰৰ,
ছিটিকাব ধুন আজি
গোটেইবোৰৰ।

৬
মিলি-জুলি দুয়োজনী
থাকে মিলিজুলি,
বুলিয়ে কথাটো ভাল
নাপায় সমূলি।

শব্দাৰ্থ:

  • ফিট: মূৰ্ছা যোৱা, অচেতন হোৱা
  • ধুন: কাপোৰ, অলংকাৰ আদি পিন্ধি চৌখিন হোৱা