ধেমেলীয়া পদ্য

  • Published on 02 Jul 2023
ধেমেলীয়া পদ্য


কঁঠালৰ মুচিটোৰে
ৰান্ধি তৰকাৰী,
আলহীক খুউৱাটো
জানো দৰকাৰী?


মুখত নুফুটে ‘ৰ’
সেয়ে বোলে ‘অং’,
‘অঙিলী’ বুলিলে কৰে
ৰঙিলীয়ে খং।

ধেমেলীয়া পদ্য


যতনেৰে পিন্ধি লৈ
কটনৰ চোলা,
ৰতনে ধনক বোলে—
“পূজালৈ ওলা।”


গীতালিয়ে শিকি আছে
গাবলৈ গীত,
গীত শুনি এঘাৰটা
ভেনামাখি ফিট।


মণিৰামে গণি আছে
ওকণি মূৰৰ,
ছিটিকাব ধুন আজি
গোটেইবোৰৰ।


মিলি-জুলি দুয়োজনী
থাকে মিলিজুলি,
বুলিয়ে কথাটো ভাল
নাপায় সমূলি।

শব্দাৰ্থ:

  • ফিট: মূৰ্ছা যোৱা, অচেতন হোৱা
  • ধুন: কাপোৰ, অলংকাৰ আদি পিন্ধি চৌখিন হোৱা