ধুন আৰু ধুনা
- Published on 21 Aug 2023
মা নুহ এঘৰত বহুদিনৰ পৰা নিগনি এহালে বাস কৰি আছিল। সিহঁতৰ দুটা পোৱালি আছিল। পোৱালি দুটাৰ নাম আছিল ধুন আৰু ধুনা। মানুহঘৰৰ পাকঘৰত থকা ৱাল আলমাৰিটোৰ ফাঁকতে সিহঁতে সৰুকৈ ঘৰ সাজি লৈছিল। সিহঁত দিনৰ ভাগত শুই থাকে আৰু ৰাতি সাৰে থাকে। দিনত সাৰ পালেও বাহিৰলৈ ওলাই নাযাবলৈ মাক-বাপেকে ধুন আৰু ধুনাক কৈ থৈছে। কাৰণ মানুহে যদি কেনেবাকৈ সিহঁতে তাত ঘৰ সজাৰ কথা গম পায়, তেতিয়া সিহঁতৰ বাবে বিপদ হ’ব।
ৰাতি ধুন আৰু ধুনাক মাক-বাপেকে লগত লৈ ফুৰে। তাকো মানুহ শোৱাৰ পাছত। পাকঘৰত পৰি থকা খোৱা বস্তু বিচাৰি ফুৰে আৰু ঢাকোন মাৰি নোথোৱা বস্তু সিহঁতে মহা আনন্দৰে এফালৰ পৰা খাই ফুৰে। এদিন ধুনে পৰি থকা বিস্কুটৰ টুকুৰা এটা পালে । সি খাই বৰ ভাল পালে আৰু তাৰে অকণমান ধুনাকো দিলে। সিহঁতে সৰু টুকুৰাটো ভগাই খোৱা দেখি মাকে বৰ ভাল পালে। সদায় এনেদৰে মিলা-প্ৰীতিৰে থাকিবলৈ কৈ দুয়োটাকে দুটা চুমা খালে।
ৰাতি ধুন আৰু ধুনাই পাকঘৰত ৰন্ধা-বঢ়াৰ ঘুটক-ঘাটাক শব্দবোৰ শুনি থাকে। মাংস ৰন্ধাৰ আমোলমোল গোন্ধত সিহঁতৰ জিভাৰ পানী পৰে। কোনোমতে ধৈর্য ধৰি মানুহ শোৱালৈ বাট চাই থাকে। মাজে মাজে জুমি জুমি চায় যদিও ধৈর্য নেহেৰুৱায়। কাৰণ মাকে সিহঁতক কৈ থৈছে— ধৈৰ্যৰ ফল সদায় মিঠা বুলি । লাইট অফ হোৱাৰ লগে লগে ধুন আৰু ধুনাৰ মাজত লৰা-ঢপৰা লাগে। মুক্ত মনেৰে ঘৰটোৰ ইটো ৰুমৰ পৰা সিটো ৰুমলৈ সিহঁত দৌৰি ফুৰে।
মাক সিহঁতৰ লগতেই থাকে। ক’বতো নোৱাৰি, ঘপহকৈ ক’ত কি অঘটন ঘটে! কেতিয়াবা আকৌ সিহঁতে মানুহ শুই থকা বিছনাতো উঠি যায়গৈ। মাকে লৰালৰিকৈ নমাই আনি তেনে নকৰিবলৈ বুজায়। দুষ্টামি কৰিবলৈ সিহঁতক হাক দিয়ে। মানুহে সাৰ পাই সিহঁতক দেখিলে সিহঁতৰে বিপদ হ’ব। খোৱাবস্তুত বিহ মিহলাই থ’বও পাৰে নতুবা সিহঁতৰ ঘোৰ শত্ৰু মেকুৰী পুহিবও পাৰে। গতিকে মাকে কয়— “সদায় সাৱধানে থাকিবা। সাবধানীৰ কেতিয়াও মৰণ নাই।” সিহঁতে মাকৰ কথা মনোযোগেৰে শুনে।
ধুন আৰু ধুনাই বিস্কুটৰ সোৱাদ পাহৰিব পৰা নাই। সেইদিনাৰ পৰা বিস্কুট খাবলৈও পোৱা নাই। সিহঁতে দুয়োটাই মাজে মাজে বিস্কুট বিচাৰি বিস্কুটৰ টেমাবোৰত উঠি ফুৰে। কিন্তু কি হ’ব, সাঁফৰখন খুলিব নোৱাৰি দুখ মনেৰে টেমাবোৰৰ পৰা নামি আহে। মাকক কুটুৰি থাকে বিস্কুটৰ টেমাৰ সাঁফৰখন খুলি দিবলৈ। মাকে পুনৰ সিহঁতক বুজনি দিয়ে। সিহঁতেও মাকৰ কথা বুজি পাই আমনি নকৰা হয়।
দিনবোৰ পাৰ হৈ গৈ আছে। লাহে লাহে ধুন আৰু ধুনা ডাঙৰ হৈ আহিছে। এদিন দুপৰীয়া ধুনে সাৰ পালে। সাৰ পায়েই সি মাংস ৰন্ধাৰ ধুনীয়া গোন্ধটো পালে। ইফালে-সিফালে চাই দেখিলে মাক-বাপেকৰ লগতে ধুনাও টোপনিত লালকাল দি আছে। তাৰ মূৰত এটা দুষ্ট বুদ্ধি খেলালে। সি লাহেকৈ ধুনাক জগাই দিলে। তাই সাৰ পাই তালৈ চালে। সি মুখত আঙুলি দি মনে মনে থাকিবলৈ ক’লে আৰু ফুচফুচাই সুধিলে— “গোন্ধটো পাইছনে?”
“পাইছোঁ। শুই থাকনা। মোক জগাই নাথাকিবি।”— এই বুলি কৈ তাই শুই থাকিল ।
ধুন শুব নোৱৰা হ’ল। টোপনি নাহে তাৰ। শুবলৈ চেষ্টা কৰিলে। নাই, নোৱাৰে। মাংসৰ গোন্ধে তাক মতলীয়া কৰি তুলিলে। সি লাহেকৈ শোৱাৰ পৰা উঠি জুমি চালে। দেখিলে, মাংসখিনি বাটি এটাত কাঢ়ি থৈছে আৰু তাৰ পৰা ধোঁৱা ওলাই আছে। সি আৰু ৰ’ব নোৱাৰিলে।
লোভতে সি মাকৰ হাক-বচন সকলো পাহৰি গ’ল। ৰান্ধনীগৰাকী অকণমান আঁতৰি যোৱাৰ লগে লগে সি সাউৎকৈ বাটিটোৰ ওচৰ পালেগৈ। গৰম বাটিটোত মুখ লাগি তাক অকণমান পুৰিলেও। ৰান্ধনীগৰাকী উভতি আহিলত লৰালৰিকৈ সি গেছ স্তভৰ তলত সোমাই পৰিল । ৰান্ধনীগৰাকীয়ে তাক গেছৰ তলত সোমোৱা দেখিলে। তেওঁ নিগনিটোক মাৰিবলৈ সৰু লাঠি এডাল আনি গেছ স্তভটোৰ তলত জোৰেৰে সুমুৱাই দিলে। ভাগ্য ভাল আছিল বাবে ধুনৰ মূৰত নালাগিল, ভৰিত লাগিল। ধুনে চিঞৰ এটা মাৰি তাৰ পৰা ওলাই ফ্ৰীজটোৰ তলত সোমাল । ৰান্ধনীগৰাকীয়েও তাক খেদি লৈ ফুৰিলে।
ধুনৰ চিঞৰ আৰু ৰান্ধনীগৰাকীৰ লৰা-ঢপৰাত ধুনৰ মাক-বাপেকে সাৰ পালে। ধুনক নেদেখি সিহঁতৰ বুজিবলৈ বাকী নাথাকিল । কি হ’ব এতিয়া? “সিটো মৰিব, আমোকো মাৰিব” বুলি ধুনৰ মাকে কান্দিবলৈ ধৰিলে।
মাকক কন্দা দেখি বাপেকে ক’লে— “যি হ’ল, হ’ল আৰু। মনে মনে থাকা। বুধিয়ক সি । ৰান্ধনীৰ চকুত ধূলি দি সি সাৰি আহিব। তোমাৰ কান্দোন শুনিলেহে সিহঁতে গম পাই যাব— আমি ইয়াতে আছোঁ বুলি।”
এনেতে ধুনে ফোপাই-জোপাই দৌৰি আহি মাকহঁতৰ ওচৰ পালেহি। তাক দেখিহে মাকৰ মুখলৈ পানী আহিল। মাকজনীয়ে বহুত ভয় খাইছিল। ধুনেও। বাপেকে তাক খং কৰিলে। সি ফেঁকুৰি ফেঁকুৰি এনে কাম আৰু কেতিয়াও নকৰে বুলি শপত খালে। ধুনায়ো সাৰ পাই তাৰ ওচৰ পালেহি। মাক-দেউতাকৰ কথা সদায় মানি চলিব লাগে বুলি সি বুজি পালে।
লেখকৰ ঠিকনা: মাতু হাজৰিকা, সূৰ্যপুৰ তিনিআলি, পাভৈ পথ, বিশ্বনাথ চাৰিআলি-৭৮৪১৭৬