গাধ বিক্ৰেতাৰ বিলৈ

  • Published on 29 Oct 2023
গাধ বিক্ৰেতাৰ বিলৈ

জন মানুহৰ এটা গাধ আছিল। গাধটোৰ বয়স হৈছিল, সেয়ে সি বোজা কঢ়িয়াব নোৱৰা হ’ল। মানুহজনে ভাবিলে, ইয়াক বেচি দিয়াই ভাল হ’ব। ভবা মতে কাম। তেওঁ গাধটো বেচিবৰ বাবে দেওবৰীয়া বজাৰলৈ নিবলৈ ওলাল। মানুহজনৰো বয়স হৈছে, গতিকে কণাৰ লাখুটি স্বৰূপ নাতি ল’ৰাটোক বাটত সহায়ৰ বাবে লগত নিবলৈ থিৰাং কৰিলে।

দেওবাৰৰ দিনা ৰাতিপুৱাই তেওঁ নাতিয়েকক লৈ গাধটোক বজাৰত বেচিবলৈ ওলাল। নাতিয়েকে ককাকক গাধটোৰ পিঠিত উঠিবলৈ কৈ নিজে গাধৰ পিছে পিছে খোজ ল’লে। কিছু দূৰ যোৱাৰ পাছত মানু্হজনে বাটৰ কাষৰ পুখুৰীত কাপোৰ ধুই থকা মাইকী মানু্হকেইগৰাকীমানে কোৱা শুনিলে— “মানুহজনৰ কাণ্ডখন চোৱা, ল’ৰাটোৱে খোজ কাঢ়িছে আৰু তেওঁ আৰামত গাধৰ পিঠিত উঠি গৈছে।” কথাষাৰ তেওঁৰ গাত লাগিল। তেওঁ চিন্তা কৰি চালে— কথাষাৰ মিছা নহয়, নাতিটোৱে কষ্ট পাইছে। তেওঁ গাধৰ পিঠিৰ পৰা নামি নাতিয়েকক গাধৰ পিঠিত তুলি দি আগবাঢ়িল। অলপ দূৰ যোৱাৰ পাছত দুজনমান বয়সীয়াল লোকে দৃশ্যটো দেখি ক’লে— “দেখিছানে, এইহেন ৰ’দত ল’ৰাটো আৰামত গাধৰ পিঠিত উঠি গৈছে আৰু বৃদ্ধজনক খোজ কঢ়াই মাৰিছে।”

কথাষাৰ শুনাৰ পাছত নাতিটো গাধৰ পিঠিৰ পৰা নামি আহিল। ককাকক পুনৰ গাধৰ পিঠিত উঠাই বজাৰৰ ফালে ৰাওনা হৈছিলহে, বজাৰৰ পৰা উভতি অহা কেইগৰাকীমান তিৰোতাই আগৰ কেইগৰাকীৰ দৰে কথা শুনালে। মানুহজন উপায়হীন হৈ থিৰাং কৰিলে যে ককা-নাতি দুয়োয়ে গাধৰ পিঠিত উঠি যাব আৰু সেই মতেই দুয়ো গাধৰ পিঠিত উঠি যাবলৈ ধৰিলে।

বজাৰ পোৱাৰ আগত নৈ এখন পাৰ হ’ব লাগে। নৈ পোৱাৰ আগে আগে দুজন বাটৰুৱাই তেওঁলোকক দেখি ক’বলৈ ধৰিলে— “চোৱাচোন, নিৰ্বোধ জন্তটোক কেনে কষ্ট দিছে। পাপে চুব! ডাঙৰীয়া, আগত দলং আছে, গাধটোক সাৱধানে নিব।” বাটৰুৱাৰ কথা শুনি মানু্হজনে উপায় এটা উলিয়ালে। কাষৰ হাবিৰ পৰা বাঁহ এডাল কাটি লগত নিয়া ৰছীৰে গাধটোৰ ঠেং চাৰিটা বন্ধি দুয়ো ওলোমাই লৈ দলঙত উঠিল। দলঙৰ মাজ ভাগতে গাধটোৱে ঠেং আছাৰিবলৈ ধৰিলে, ফলত নাতিয়েকৰ কান্ধৰ পৰা বাঁহডাল খহি গাধটো নৈত পৰি গ’ল। মানুহজনে চেষ্টা কৰিও তাক বচাব নোৱাৰিলে। মনৰ দুখত নাতিয়েকক লৈ তেওঁ ঘৰলৈ উভতি আহিল।

সাধুটোৱে আমাক শিকালে যে আনৰ কথাত পতিয়ন গ’লে মানুহৰ দুৰ্দশা হয়।
(পুৰণি সাধুৰ আধাৰত)

লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম’ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪