ডিমাছা জনগোষ্ঠীৰ ইতিহাস আৰু জনশ্ৰুতি
- Published on 01 Jun 2023
অ সমত বসবাস কৰা বিভিন্ন প্ৰাচীন জনগোষ্ঠীসমূহৰ অন্যতম ডিমাছা জনগোষ্ঠীৰ কলা-কৃষ্টি আৰু জনশ্ৰুতিসমূহ এতিয়াও আমাৰ বাবে অজানা হৈ আছে। বৰ্তমান অসমৰ ডিমা হাছাও জিলাৰ মাইবঙ আৰু অন্যান্য ঠাইত বাস কৰা ডিমাছা জনগোষ্ঠীৰ মাজত প্ৰচলিত কেতবোৰ জনশ্ৰুতি সম্পৰ্কে এই লেখাটোত আলোচনা কৰিব বিচৰা হৈছে। উল্লেখযোগ্য যে এই জনশ্ৰুতিসমূহ বৰ্ণনা কৰাৰ আগেয়ে ডিমাছা জনগোষ্ঠীৰ ৰজা তথা তেওঁলোকৰ প্ৰকৃত বাসস্থান ডিমাপুৰ আৰু তেওঁলোক ডিমা হাছাও জিলাৰ মাইবঙলৈ অহা ইতিহাস সম্পৰ্কেও এই লেখাটোত আলোচনা কৰা হৈছে।
ডিমাছাসকলৰ জাতিটোৰ নামটোৰ সৈতে জড়িত হৈ আছে এক মনোৰঞ্জক কাহিনী। ডিমাছা জনগোষ্ঠীৰ অন্তৰ্গত লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকল বিভিন্ন ৰাজনৈতিক আৰু সামাজিক অভ্যুত্থানৰ সন্মুখীন হৈ জলপথেৰে আগবাঢ়ি সুৰক্ষিত স্থানত অৱস্থান কৰিছিল। বাঢ়নী পানী ভাঙি বৰনৈৰে আগুৱাই গৈ থাকোঁতে তেওঁলোকক নৈখনে পিতৃৰ দৰে সহায় কৰিছিল। সেয়েহে তেওঁলোকে বৰনৈ অৰ্থাৎ ব্ৰহ্মপুত্ৰক পিতৃজ্ঞান কৰিবলৈ ধৰিলে। এনেদৰে ডিমাছাসকল বৰনৈখনৰ মৰমৰ পুত্ৰ হৈ পৰিল। সেই অনুসৰিয়েই তেওঁলোকৰ জনগোষ্ঠীৰ নাম হ’ল ডিমাছা। অৰ্থাৎ ‘ডিমাছা’ শব্দৰ অৰ্থ হ’ল— বৰনৈৰ সন্তান।
ডিমাছাসকলৰ মাজত প্ৰচলিত জনশ্ৰুতি মতে, তেওঁলোকৰ আদিপুৰুষ আছিল হাচেংচা নামৰ বলশালী পুৰুষ এজন। কথিত আছে যে শৈশৱ কালত হাচেংচাক এহাল বাঘ-বাঘিনীয়ে আপডাল কৰিছিল। হাচেংচাই এদিন হাবিত ঘূৰি ফুৰি থকাৰ সময়তেই এক দৈৱবাণী শুনিলে। সেই দৈৱবাণী মতেই হাচেংচাই এক সামৰিক বাহিনী গঠন কৰি ৰজাক পৰাস্ত কৰিলে। সেই দেশৰ শাসনকৰ্তাৰূপে হাচেংচাই দেশখন শাসন কৰাত লাগিল। হাচেংচাৰ নেতৃত্বত তেওঁৰ ভৱিষ্যৎ বংশধৰসকল শৌৰ্য-বীৰ্যৰ অধিকাৰী হৈ পৰিল।ডিমাছা ৰাজ্যৰ ৰাজধানী স্থাপন কৰা হ’ল ডিমাপুৰত। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক তেওঁলোকে তেওঁলোকৰ অসীম শক্তিৰে পৰাভূত কৰিলে।
সেয়া তেৰশ শতিকাৰ কথা। ডিমাছাসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ নিজ ৰাজ্য প্ৰসাৰ কৰিলে। দিখৌ নৈৰ পৰা কলং নৈলৈ তেওঁলোকৰ ৰাজ্যৰ সম্প্ৰসাৰণ ঘটিল। সেই সময়ৰ প্ৰবল পৰাক্ৰমী আহোম সেনাও হাচেংচাৰ বংশধৰসকলৰ হাতত পৰাস্ত হ’ল। ডিমাছাসকলৰ পৰাক্ৰমত আহোম তথা বিভিন্ন জাতি-জনগোষ্ঠী তিষ্ঠিব নোৱৰা হ'ল। পিছে হাচেংচাৰ বংশধৰসকলৰ পৰাক্ৰম একে নাথাকিল। ১৪৯০ চনত ডিমাছা আৰু আহোমৰ মাজত থৈয়া-নথৈয়া ৰণ লাগিল। সেই ৰণত আহোম সেনা পৰাজিত হ’ল যদিও পাছলৈ আহোম সেনা অধিক শক্তিশালী হৈ পৰিল।
১৫৩১ চনত আহোম সেনাই ডিমাছাসকলক পৰাস্ত কৰিলে। আহোমসকল ডিমাছা ৰাজ্যৰ ৰাজধানী ডিমাপুৰলৈ অগ্ৰসৰ হ’ল। তেওঁলোকৰ ৰজা আৰু ৰাজমাওৱে আহোমৰ হাতত প্ৰাণ হেৰুৱালে। আহোমসকলে ডেটচুঙক ডিমাছা ৰাজ্যৰ ৰজা পাতি তেওঁলোকৰ অধীনস্থ কৰিলে। কৰতলীয়া ৰজাই বছৰেকত বিশটা হাতী আৰু এক লাখ মুদ্ৰা আহোমসকলক কৰ হিচাপে দিবলগীয়া হ’ল। পিছে কিবা কথাত অসন্তুষ্ট হৈ আহোম ৰজাই আকৌ ডিমাছা ৰাজ্য আক্ৰমণ কৰিলে। এইবাৰ ডিমাছাসকলে চিৰদিনলৈ ডিমাপুৰ ত্যাগ কৰিলে। তেওঁলোকে নতুন ঠাইৰ সন্ধানত দক্ষিণ দিশলৈ অগ্ৰসৰ হ’ল। এসময়ত তেওঁলোকে বসবাসৰ উপযোগী অনুকূল ঠাই এটুকুৰা বিচাৰি পালে। সেই ঠাইটুকুৰা বৰ সাৰুৱা আছিল। ধানখেতিৰ উপযোগী সেই ঠাইটুকুৰাক ডিমাছাসকলে মাইবঙ নামেৰে নামকৰণ কৰিলে (ডিমাচা ভাষাত ‘মাই’ শব্দৰ অৰ্থ হ’ল ধান আৰু ‘বঙ’ শব্দৰ অৰ্থ হ'ল পৰ্যাপ্ত।)
মাইবঙত ডিমাছাসকলে স্থায়ীভাৱে বাস কৰিবলৈ ল’লে। মাইবঙলৈ আহি তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে। আহোম সেনাৰ হাতত পৰাজয় বৰণ কৰা ৰজা ডেটচুঙৰ পুত্ৰই নিজ নাম সলনি কৰি নিৰ্ভয় নাৰায়ণ নাম ল’লে। একেদৰে তেওঁলোকৰ আৰাধ্যা দেৱী কেচাইখাতীক ৰণচণ্ডী দেৱী নাম দি পূজা-অৰ্চনা কৰাত লাগিল। দ্বিতীয় পাণ্ডৱ ভীমপুত্ৰ ঘটোৎকচৰ উত্তৰাধিকাৰীৰূপে নিজকে জ্ঞান কৰা ডিমাছাসকলে এই সময়তেই ক্ষত্ৰিয়ৰ মৰ্যাদা লাভ কৰিলে।
এসময়ত ডিমাছাসকলৰ ৰজা হ’ল হৰিচন্দ্ৰ নাৰায়ণ। হৰিচন্দ্ৰ নাৰায়ণে এগৰাকী প্ৰজাহিতৈষী ৰজা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিলে। ৰজাৰ শাসনত ডিমাছা ৰাজ্য ধনে-ধানে উভৈনদী হৈ পৰিল।
সেই সময়ৰেই কথা। কোঁচ সাম্ৰাজ্যত ৰজা নৰনাৰায়ণ লাহে লাহে পৰাক্ৰমী হৈ উঠিছে। ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে নৰনাৰায়ণৰ সৈন্যদলৰ দায়িত্ব লৈ বহু শক্তিশালী ৰজাক পৰাস্ত কৰি নৰনাৰায়ণৰ কৰতলীয়া ৰজা কৰি তুলিলে। চিলাৰায়ৰ পৰাক্ৰমত ৰজা নৰনাৰায়ণ অধিক শক্তিশালী হৈ উঠিল। চিলাৰ দৰে ছোঁ মাৰি আক্ৰমণ কৰিব পৰা বাবেই নৰনাৰায়ণ ভাতৃৰ পিতৃপ্ৰদত্ত নাম শুক্লধ্বজ তল পৰি চিলাৰায় হ’ল।
সেই চিলাৰায়ে এইবাৰ ডিমাছা ৰাজ্য নিজৰ বশলৈ আনিবলৈ পণ ল’লে। সেই সময়তে হৰিচন্দ্ৰ নাৰায়ণ ৰাজপাটত বহি দক্ষতাৰে শাসন চলাইছে। পিছে চিলাৰায়ে ডিমাছা ৰাজ্য আক্ৰমণ কৰিব বুলি শুনি ৰাজসভাৰ পাৰিষদৰ মাজত ভয়ে বাহ ললে। ৰজা হৰিচন্দ্ৰও চিন্তিত হৈ পৰিল। পিছে প্ৰচণ্ড সাহসী ৰজাই চিলাৰায়ৰ বিপক্ষে এঘড়ী যুঁজ দিবলৈ বুলি সাজু হ’ল।
সেই নিশা ৰজা পাটিত পৰিল। ৰজাৰ টোপনি অহাৰ পৰতেই তেওঁ এটা সপোন দেখিবলৈ আৰম্ভ কৰিলে। সপোনত সেয়া ডিমাচাসকলে আৰাধনা কৰা দেৱী ৰণচণ্ডী। দেৱী ৰণচণ্ডীয়ে ৰজা হৰিচন্দ্ৰক তেওঁৰ মানসিক স্থিতি সম্পৰ্কে সুধিলে। দেৱীক তেওঁৰ বিশেষ চিন্তাৰ কাৰণটো ৰজাই অৱগত কৰিলে। কোনদিনা চিলাৰায় আহি ৰজাক আক্ৰমণ কৰে, তাৰ একো নিশ্চয়তা নাই। ৰাজ্যবাসীসকলৰ কথা ভাবি ৰজা হৰিচন্দ্ৰ শোকত ভাগি পৰিছে আৰু প্ৰজাৰ কথা ভাবি তেওঁ চিন্তাত পৰিছে বুলি ৰণচণ্ডী দেৱীয়ে জানিব পাৰিলে।
দেৱীয়ে ৰজাক অভয় দিলে। দেৱীয়ে ক’লে যে ৰাজপ্ৰসাদৰ পৰা অলপ নিলগত অৱস্থিত পাহাৰখনৰ পৰা যদিহে ৰজাই শিল এটা কঢ়িয়াই আনি এটি শিলৰ ঘৰ নিশাতেই নিৰ্মাণ কৰিব পাৰে, তেনেহ’লে ৰজাই সেই শিলৰ ঘৰটোৰ ভিতৰৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ লাভ কৰিব আৰু সেইসমূহ অস্ত্ৰেৰে সুসজ্জিত হৈ ৰজা হৰিচন্দ্ৰই চিলাৰায়ক পৰাস্ত কৰিব পাৰিব। ৰজাৰ সপোনটো তেতিয়াই শেষ হ’ল। দেৱী অন্তৰ্ধান হ'ল। ৰজাইও সাৰ পালে।
পাছদিনাখনৰ কথা। ৰজা হৰিচন্দ্ৰই পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল কঢ়িয়াই আনিলে। সেই ৰাতিয়েই ৰজাই শিলৰ ঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দেৱীৰ পৰা সহায় পাবলৈ হ’লে ৰজাই সেই নিশাই শিলৰ ঘৰটিৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব লাগিব।
লাহে লাহে নিশা বাঢ়ি আহিল। ৰজা হৰিচন্দ্ৰই খৰখেদাকৈ শিলৰ ঘৰটো শেষ কৰিবলৈ উঠি-পৰি লাগিল। ঘৰটোৰ নিৰ্মাণ কাৰ্য শেষ হ’লেই ৰজাই দেৱীয়ে কোৱা অনুসৰি ঘৰটোৰ ভিতৰত অস্ত্ৰসমূহ পাব। সেই অস্ত্ৰেৰে ৰজা হৰিচন্দ্ৰই চিলাৰায়ক পৰাজিত কৰি তেওঁৰ ৰাজ্য আৰু প্ৰজাক সুৰক্ষিত কৰি তুলিব পাৰিব। নিজ ৰাজ্য আৰু প্ৰজাগণৰ কথা ভাবি ৰজাই শিলৰ ঘৰটো নিৰ্মাণ কৰাত খৰখেদা লগালে।
পিছে সেই সময়তেই কেণা লাগিল। ৰাতিপুৱাবলৈ তেতিয়াও বাকী আছিল যদিও সেই সময়তেই কুকুৰা চৰাই এটি হঠাৎ সাৰ পাই উঠিল। কুকুৰা চৰাইটিয়ে ৰাতি পুৱাইছে বুলি ডাক দিয়া আৰম্ভ কৰিলে ।
ৰজা হৰিচন্দ্ৰ শোকত ভাগি পৰিল। কুকুৰাৰ ডাক শুনি ৰজা হতাশ হৈ পৰিল। শিলৰ ঘৰৰ নিৰ্মাণ কাৰ্য শেষ হ’বলৈ অলপমান কামহে বাকী আছিলগৈ। ৰজাই কামটো শেষ নোহোৱা বুলি চকুলো মচিলে। ৰজা ৰাজপ্ৰসাদলৈ বুলি ঘূৰি আহিল। দেৱীৰ দ্বাৰা আশীৰ্বাদপুষ্ট অস্ত্ৰ ৰজাই লাভ নকৰিলে। যুদ্ধ আৰম্ভ হ’ল। চিলাৰায়ৰ হাতত ৰজা হৰিচন্দ্ৰ পৰাস্ত হ’ল। সেই আধৰুৱা শিলৰ ঘৰটি সাক্ষী হৈ ৰ’ল এক সকৰুণ ইতিহাসৰ।
এনেদৰেই আধৰুৱা হৈ থাকিল ৰণচণ্ডী দেৱীৰ বাবে ৰজা হৰিচন্দ্ৰ নাৰায়ণে নিৰ্মাণ কৰা সেই বিশেষ শিলৰ ঘৰটো। যুগ-যুগান্তৰলৈ শিলৰ ঘৰটো সাক্ষী হৈ থাকিল ৰজা আৰু ডিমাছাসকলৰ এক কৰুণ কাহিনীৰ।
ৰজা হৰিচন্দ্ৰ নাৰায়ণে নিৰ্মাণ কৰা এই শিলৰ ঘৰটি ডিমা হাছাও জিলাৰ মাইবঙত আজিও আছে। আনহাতে ডিমা হাছাও জিলাৰ বন বিভাগে জাটিংগাৰ নৃতাত্ত্বিক গাঁওখনতো এই শিলৰ ঘৰটিৰ এটি চানেকি নিৰ্মাণ কৰিছে।
শব্দাৰ্থ:
- জনশ্ৰুতি: মানুহৰ মুখে মুখে চলি থকা কথা
- অজানা: নজনা
- অভ্যুত্থান: বিদ্ৰোহ, বিদ্ৰোহেৰে শাসন ওফৰাই পেলোৱা, উন্নতি বা শ্ৰীবৃদ্ধি ঘটা,
- আপডাল: প্ৰতিপাল কৰা, আল-পৈচান ধৰা
- তিষ্ঠিব: টিকি থাকিব, জীয়াই থাকিব
- থৈয়া-নথৈয়া: ভয়ংকৰ, তুমুল, ভীষণ (ৰণ/ যুদ্ধ)
- অগ্ৰসৰ: আগবঢ়া
- অনুকূল: উপযোগী, সহায়ক (পৰিস্থিতি)
- পিতৃপ্ৰদত্ত: দেউতাকে দিয়া বা দেউতাকৰ পৰা পোৱা
- পণ: প্ৰতিজ্ঞা, শপত
- অন্তৰ্ধান: নাইকিয়া হোৱা, অদৃশ্য হোৱা
- সকৰুণ: দুখ লগা
- নৃতাত্ত্বিক: মানুহৰ উদ্ভৱ, বিকাশ আদি সম্পৰ্কীয়
ডিমাছা নৃত্যশিল্পীৰ ছবি: Khdibyajyoti, CC BY-SA 4.0, via Wikimedia Commons