ঋতু পৰিৱৰ্তন কিয় হয়

  • Published on 16 Jul 2023
ঋতু পৰিৱৰ্তন কিয় হয়

তো মালোকে লক্ষ্য কৰিছানে যে বছৰটোৰ ভিন ভিন সময়ত বতৰো বেলেগ বেলেগ হয়? কেতিয়াবা গৰম আৰু ৰ’দ, আকৌ কেতিয়াবা ঠাণ্ডা! বতৰৰ এই পৰিৱৰ্তনক ঋতু বুলি কোৱা হয়। পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ ধৰণৰ বাবেই ঋতুৰ পৰিৱৰ্তন ঘটে।

পৃথিৱীখন ঘূৰণীয়া বুলি তোমালোকে জানা। ই নিজে নিজৰ অক্ষক কেন্দ্ৰ কৰি ঘূৰি থকাৰ উপৰি সূৰ্যৰ চাৰিওফালেও ঘূৰি থাকে। আৰু এটা কথা, পৃথিৱীখন নিজে পূৰা চিধা হৈ নাথাকে, ই অলপ হেলনীয়া হৈ থাকে। এই হেলনীয়াৰ পৰিমাণ হৈছে ২৩.৫ ডিগ্ৰী। ঋতু পৰিৱৰ্তনৰ মূলতে আছে পৃথিৱীৰ এই হেলনীয়া চৰিত্ৰটো।

পৃথিৱীৰ কোনো অংশ সূৰ্যৰ ফালে হেলনীয়া হ’লে ইয়াত সূৰ্যৰ পোহৰ বেছি হয় আৰু গৰম হৈ পৰে। ইয়াক গ্ৰীষ্ম বুলি কোৱা হয়। সেই সময়ত আমি চুটি আৰু পাতল কাপোৰ-কানি পিন্ধো।

ঋতু পৰিৱৰ্তন কিয় হয়

পৃথিৱীয়ে নিজৰ কক্ষপথত গতি কৰি থকাৰ লগে লগে সেই হেলনীয়া অংশটো লাহে লাহে সূৰ্যৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। অৰ্থাৎ সেই অংশত সূৰ্যৰ পোহৰ আৰু তাপ কমি যায়। তেতিয়া পৃথিৱীৰ সেই অংশত শীতকাল হয় আৰু আমি দীঘল আৰু উমাল কাপোৰ-কানি পিন্ধো।

শীতৰ পাছত পৃথিৱীখনৰ ঘূৰ্ণনৰ ফলত সেই অংশটোৱে পুনৰ সূৰ্যৰ অধিক পোহৰ আৰু তাপ পাবলৈ আৰম্ভ কৰে। ইয়ে বসন্ত কালক আমন্ত্ৰণ দিয়ে। ডালে ডালে ফুল ফুলে, কপৌফুল ফুলে, প্ৰকৃতি জাতিষ্কাৰ হৈ পৰে। ঠাণ্ডা শীতৰ পাছত প্ৰকৃতিৰ বাবে যেন এক নতুন আৰম্ভণি ঘটে। মইনাহঁত, তোমালোকে নিশ্চয় জানা যে বসন্ত কালতে আমি বহাগ বিহু বা ৰঙালী বিহু পালন কৰোঁ।

তাৰ পাছত আহে শৰৎ কাল আৰু হেমন্ত কাল। এই ঋতুত পৃথিৱীখন এনেদৰে গতি কৰে যে হেলনীয়া অংশটো সূৰ্যৰ পৰা বেছি ওচৰত বা বেছি দূৰত নাথাকে। ফলত বতৰ শীতল হৈ পৰে, গছৰ পাতবোৰৰ ৰং সলনি হৈ সৰি পৰে।

ঋতু পৰিৱৰ্তন
ঋতু পৰিৱৰ্তন কিয় হয়

এতিয়া নিশ্চয় বুজি পাইছা যে পৃথিৱীৰ হেলনীয়া চৰিত্ৰ আৰু সূৰ্যৰ চাৰিওফালে ইয়াৰ যাত্ৰাৰ বাবেই আমাৰ ঋতু থাকে। প্ৰতিটো ঋতুৰে চৰিত্ৰ আৰু সৌন্দৰ্য বেলেগ বেলেগ আৰু এই ঋতুবোৰক আমি বেলেগ বেলেগ ধৰণে উপভোগ কৰোঁ।

পশ্চিমীয়া দেশত ঋতু চাৰিটা (Spring, Summer, Fall, Winter) বুলি ধৰা হয় যদিও ভাৰতীয় ধাৰণা মতে ঋতু ছটা। সেইকেইটা হৈছে— গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। সাধাৰণভাৱে জেঠ-আহাৰ মাহক গ্ৰীষ্ম, শাওণ-ভাদ মাহক বৰ্ষা, আহিন-কাতি মাহক শৰৎ, আঘোণ-পুহ মাহক হেমন্ত, মাঘ-ফাগুন মাহক শীত আৰু চ’ত-বহাগ মাহক বসন্ত বুলি ধৰা হয়।

লেখকৰ ঠিকনা: শতৰূপা গৌতম, কাজিৰঙা, গোলাঘাট