খাদী কাপোৰ কি
- Published on 27 Dec 2023
ম ৰমৰ মইনাহঁত, আমি পিন্ধা কাপোৰবোৰ কিহেৰে তৈয়াৰী বাৰু? সূতাৰে, নহয় জানো? সূতাবোৰ তৈয়াৰ কৰা হয় আঁহৰ পৰা। এই আঁহবোৰ দুই ধৰণেৰে পাওঁ। প্ৰকৃতিৰ পৰা আহৰণ কৰা আঁহক প্ৰাকৃতিক আঁহ বোলা হয়। আঁহ উদ্ভিদৰ পৰাও পাব পাৰি আৰু প্ৰাণীৰ পৰাও পাব পাৰি। তদুপৰি আঁহ মানুহেও সৃষ্টি কৰে। মানুহে নিজে সৃষ্টি কৰা আহঁবোৰক মানৱসৃষ্ট আঁহ বা কৃত্ৰিম আঁহ বুলি কোৱা হয়।
উদ্ভিদৰ পৰা আহৰণ কৰা আঁহক উদ্ভিদজাত আঁহ বোলা হয়। উদাহৰণ স্বৰূপে— কপাহ, মৰাপাট, নাৰিকলৰ আঁহ, কলগছৰ আঁহ আদি। আঁহৰ ওপৰত নিৰ্ভৰ কৰি সূতা ভিন ভিন প্ৰকাৰৰ হয়। কপাহৰ পৰা তৈয়াৰ কৰা সূতাক কপাহী সূতা বুলি কোৱা হয়। কপাহী সূতাৰে হাতেৰে বোৱা কাপোৰক খাদী কাপোৰ বুলি কোৱা হয়। খাদী কাপোৰ বৰ্তমান ভাৰত আৰু পাকিস্তানত বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয়। খাদী কাপোৰক খদ্দৰ কাপোৰ নামেৰেও জনা যায়। ভাৰতত খাদী মানে হাতেৰে যঁতৰত সূতা কটা আৰু হাতেৰে বোৱা কাপোৰক বুজায়। হাতেৰে কটা সূতা মেচিনত কটা সূতাৰ দৰে মিহি নহয়, অলপ খহটা হয়। মেচিনত কটা সূতাৰ মান উন্নত আৰু সুসংগত হয়।
মহামানৱ মহাত্মা গান্ধীয়ে বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনৰ গুৰি ধৰি নিজে যঁতৰত সূতা কাটিছিল আৰু আনকো সূতা কাটিবলৈ উৎসাহিত কৰিছিল। যঁতৰক ৰাষ্ট্ৰবাদী আন্দোলনৰ প্ৰতীক হিচাপে গণ্য কৰিছিল। আৰম্ভণিতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সোঁমাজত অশোকচক্ৰৰ ঠাইত যঁতৰ আছিল। যঁতৰত সূতা কটা আৰু হস্ততাঁত ব্যৱহাৰে বিদেশী বস্ত্ৰ বৰ্জনৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰি গঢ়ি তুলিব বুলি গান্ধীৰ বিশ্বাস আছিল। সেয়েহে তেওঁ খাদী আন্দোলন গঢ়ি তুলিছিল। গান্ধীজীয়ে গুজৰাটৰ সৱৰমতিত ‘সৱৰমতি আশ্ৰম’ প্ৰতিষ্ঠা কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰৰ নিমিত্তে মহিলাসকলক জড়িত কৰি খাদী উদ্যোগ গঢ়ি তুলিছিল। তেখেতে নিজেও প্ৰতিদিনে একোখনকৈ খাদী বস্ত্ৰ তৈয়াৰ কৰি লৈছিল।
১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। সেই বছৰতেই গুৱাহাটীৰ পাণ্ডুত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিৱেশনো অনুষ্ঠিত হয়। বিদেশী বস্ত্ৰ বৰ্জন আৰু স্বদেশী খাদী বস্ত্ৰ জনপ্ৰিয় কৰণৰ প্ৰচেষ্টা তেতিয়াৰ পৰাই অসমত আৰম্ভ হৈছিল। বৰ্তমানো খাদীৰ জনপ্ৰিয়তাৰ বাবে ‘খাদী ফৰ নেশ্যন, খাদী ফৰ ফেশ্বন’ৰ জৰিয়তে সকলোকে আহ্বান জনাইছে। সঁচাকৈয়ে খাদী খুব আৰামদায়ক বস্ত্ৰ। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত বৃদ্ধি পোৱা প্ৰচণ্ড গৰমৰ উপযোগী বস্ত্ৰ হৈছে খাদী বা খদ্দৰ কাপোৰ। খাদী কাপোৰৰ বৈশিষ্ট্য হৈছে এই কাপোৰ শীত কালতো আৰামদায়ক।
লেখকৰ ঠিকনা: বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও, গোলাঘাট