জপং আৰু জুকাচ

  • Published on 04 Mar 2024
জপং আৰু জুকাচ

মূৰত টুপী চকুত চশমা, হাতত মোবাইল লৈ
মলুৱা জপং ওলাল সাজি-কাচি বন্ধুৰ ঘৰলৈ।
বন্ধুৰ নাম জুকাচ, খঁৰা শিয়ালৰ নাতি
নতুন ঘৰখন চাবলৈ সি জপঙক আছিল মাতি।

আগৰ ঘৰ তাৰ বাইপাচত গ’ল, বেলেগত ল’লে মাটি
নতুন ঠিকনা এতিয়া সোণাৰুতল, নিতৌ ওলায় হাতী।
হাতীৰ কাৰণে ভয় নাই একো যদি নোলাই বনৰজা
বান্দৰৰ মঙহ খাবলৈ হেনো বনৰজাই পাই মজা।

জপং আৰু জুকাচ

বন্ধুৱে কেৱল নিৰামিষহে খাব, নাই একো জঞ্জাল
গোটাই থৈছে বাঁহৰ গাজ কল আঙুৰ পনিয়াল।
কেতিয়া পাবহিবা সখা, জপঙৰ উগুলথুগুল চিত
ফোন এটা কৰি জানি লওঁ বুলি জুকাচে কৰিলে ঠিক।

হেল’ বন্ধু‌ ক’ত আছা, পাবাহি কিমান পৰত
জপঙে ক’লে— এতিয়া মই চাৰণ বিলৰ পাৰত।
গছত বহি জিৰণি লৈ নাওখেল আছোঁ চাই
অলপ পাছতে পাই যামগৈ একো চিন্তা নাই।

জপং আৰু জুকাচ

কাণিমুনি পৰত পালেহি জপং জুকাচ সখাৰ ঘৰ
খন্তেক সময় চকুত চকু থৈ দুয়ো লাগিল থৰ।
অতীতৰ কথা মনত পেলাই সাবটা-সাবটি কৰি
লৈ গ’ল জুকাচে জপং সখাক ধুবলৈ‌ হাত-ভৰি।

হাত-ভৰি ধুই বাহিৰতে দুয়ো বহিল আয়মেৰে
ফল-মূলৰ থাল আগত দিলেহি জুকাচৰ পৰিবাৰে।
গাজৰ এটা ধৰি মুখলৈ নিওঁতেই‌ জপঙে দেখা পালে
মস্ত এটা ঢেঁকীয়াপতীয়া আহি আছে এইফালে।

জপং আৰু জুকাচ

মূৰ্তি দেখি জপং বান্দৰে মাৰিলে দীঘল জাঁপ
খপাখপ উঠি সোণাৰু গছত পালেগৈ গছৰ আগ।
গহীন-গম্ভীৰ বনৰজা আহি জুকাচৰ আগত থিয়
সুধিলে জুকাচক— তোৰ ইয়াত বান্দৰৰ গোন্ধ কিয়?

বান্দৰৰ মঙহ বুলিলেই দেখোন ওলাই জিভাৰ পানী
কথা শুনি জপঙে গছৰ ওপৰতে এৰিলে সৰুপানী।