মা আজি মোক মৰম কৰা

  • Published on 31 May 2023
মা আজি মোক মৰম কৰা

মা! আজি মোক মৰম কৰা
অলপ মৰম কৰা,
মনটো দেখোন বেয়া লাগি আছে
আজি অথনিৰে পৰা।
কেতিয়াবা মই খেলি থাকিলেও
হঠাতে ওলোৱা আহি,
মোৰ খেলা চাই, মোৰ ফালে চাই
তুমিচোন থাকা হাঁহি!
হাত বুলাই দি মূৰ কপালত
কোলাত দেখোন লোৱা,
‘সোনাইটি মোৰ’ বুলি মা তুমি
দুগালত চুমা খোৱা।
কেতিয়াবা আক’ কাষলৈ গ’লেও
মোক দেখোন কোৱা মা!
কাম আছে মোৰ, আমনি নকৰ
আতঁৰ, আতঁৰি যা।
ইমান যে মোৰ বেয়া লাগে মা!
ইমান যে খং উঠে!
তেতিয়া তোমাক মাতিবলে’ মোৰ
মনেই নেথাকে মুঠে।
লুচী বাইহঁত আহোঁতে সিদিনা
তুমি খৰধৰকৈ,
কিমান তুমি যে মৰম কৰিলা
আগুৱাই আহিলা থৈ।
অফিচৰ পৰা দেউতা আহিলে
তুমি লৰালৰি কৰি,
জলপান সাজি দিয়া নিজহাতে
কিমান যতন কৰি!
ডাঙৰ কাঁহীত, ডাঙৰ বাটিত
দেউতাই ভাত খায়,
মোৰ কাঁহী-বাটি অকণ অকণ
দেখি বেয়া লাগি যায়।
সিদিনা আকৌ কাজলীজনীক
অসুখ হওঁতে কিবা,
কিমান যে তুমি যতন কৰিলা
নিজেই এবাৰ ভাবা।
আনবোৰ হ’ল আপোন তোমাৰ
মই হৈ গ’লো পৰ,
সিদিনা আকউ খঙতে দেখোন
মাৰিছিলা এটা চৰ।
মা! মই তোমাক কৈছোঁ পুনৰ
তুমি মোক নামাৰিবা,
পলাই ফুৰিম কান্দি কান্দি
তেতিয়া মজাটো পাবা।
মা! তুমি মোক মৰম কৰিলে
ইমান যে ভাল লাগে,
পাছত শুনিম সকলো কথা
মৰম কৰিবা আগে।
মা! আজি মোক মৰম কৰা
অলপ মৰম কৰা,
মনটো দেখোন বেয়া লাগি আছে
আজি অথনিৰে পৰা!

শব্দাৰ্থ:

  • অথনি: আজি অলপ সময়ৰ আগতে
  • যতন: যত্ন, সেৱা-শুশ্ৰূষা
  • আকউ: আকৌ, পুনৰ