বান্দৰৰ সকাম

  • Published on 04 Jul 2023
বান্দৰৰ সকাম

শিয়াল আহিছে বজাৰৰ পৰা
হাতত মোনা এটি লৈ,
বান্দৰ ককায়ে সকাম পাতিছে
সকলো আছেহি ৰই।

বান্দৰৰ সকাম পদ্য

কাঠৰ চশমা পিন্ধিছে ভালুকে
পুথিকে পঢ়িম বুলি,
শহাপহুৱেও তিয়ঁহ কাটিছে
শৰাই এখন তুলি।

কেৰ্কেটুৱাটোৱে তামোল কাটিছে
গাল-মুখ ৰঙা কৰি,
হাতীয়ে এখন বিচাৰি আহিলে
দিয়ে বিছনাত পৰি।

হাতত নেগেৰা কান্ধত খোল লৈ
নিগনিও আহি পালে,
সিংহ হৰিণা সকলোৱে বহি
চিঞৰিছে তালে তালে।

গাহৰিয়ে আহি হামিয়াই আছে
ৰাতি যে টোপনি খতি,
তিনি দিন ধৰি ভাত ৰান্ধি আছে
শামুকৰ নাই গতি।

সত্যজিৎ নাথ প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটীৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ।