আইজনী

  • Published on 06 Jul 2023
আইজনী

আবেলি পৰত আইজনীয়ে
কিনো কৰে বহি,
কাৰ্টুন চায়, চিনেমা চায়
সময় যায় খহি।

কোন যায় খেলিবলৈ
নাই কাৰো সময়,
ঘৰতে থাকে বহি
নালাগে কাৰো সমন্বয়।

সন্ধিয়া হ’লেই মায়ে কয়—
ল পঢ়াৰ নাম,
নাই নাই শুনে কোনে
এতিয়া জলপান খাম।

শিশু কবিতা আইজনী

খাই উঠি আইজনীয়ে
বোলে— আই সৰস্বতী,
বিদ্যা দিয়া বুদ্ধি দিয়া
কৰা মোৰ সদ্গতি।

শব্দাৰ্থ:

  • সমন্বয়: মিল, ঐক্য
  • সদ্গতি: সু ব্যৱস্থা, সংস্থান/ মুক্তি

লেখকৰ ঠিকনা: সুপ্ৰীয়া পাল, লালমাটি, তেজপুৰ-৭৮৪০০১, শোণিতপুৰ