থলুৱা মাছৰ নাম

  • Published on 02 Dec 2023
থলুৱা মাছৰ নাম

ৰমেন ছাৰে আজি শ্ৰেণীত সুধিলে,
থলুৱা মাছৰ নাম কোনে কোনে জানে?

গীতা আৰু ৰীতা একলগ হৈ
থিয় দিলে হাঁহি মাৰি উত্তৰ দিবলৈ।

ছাৰে লগে লগে গীতাক ক’লে—
“কচোন আই, কি আছে উত্তৰ দিবলে?”

গীতাই তপৰাই ক’লে— “ৰৌ, বৰালি,
ভকুৱা, চিতল, ইলিচ, শিলঘঁৰিয়া, মালি।”

ছাৰে এইবাৰ ৰীতালৈ চালে
ৰীতাৰো উত্তৰ সোনকালে পালে।

“মিৰিকা, পাভ, তোৰা, বটীয়া আৰু কুঢ়ি”—
নিমিষতে কৈ গ’ল পলম নকৰি।

মৃগেনও থিয় হৈ উত্তৰ দিলে—
দেউতাকে আজি হেনো মোৱা মাছ কিনিলে।

“লাচিম, ভাঙন, শিঙী, শিঙৰা, কুঁচিয়া
মাগুৰ, চেলকনা, কৰতী, বৰিয়লা।”

এইকেইটা মাছৰ নাম সি যোগ দিলে
মাছৰ তালিকাখন দীঘল হৈ আহিলে।

হীৰকেও যোগ দিলে আৰু কিছু নাম
মাছৰ নাম বেছিকৈ তেহে আমি পাম।

“চেঙেলী, গৰৈ, পুঠি, নাৰ, খলিহনা
শাল, শ’ল, চেঙা, বাত, ডঁৰিকনা।”

মাছৰ নামবোৰ শুনি ছাৰে সন্তোষ পালে
আৰু কোনোবাই জানে যদি ক’বলৈ ক’লে।

ছাৰৰ নিৰ্দেশ শুনি বীণা থিয় হ’ল
“কাৱৈ, গেদগেদী” বুলি নাম কৈ গ’ল।

“গংগাটোপ, ৰূপহী, মাগুৰ, ৰূপচন্দা
বামী, আঁৰি, ভাঙন, কঁকিলা, বালিচন্দা।”

ছাৰেও দুটামান মাছৰ নাম ক’লে
ছাত্ৰ-ছাত্ৰীয়েও জানি বৰ ভাল পালে।

“নাদনী, পাটীমূতুৰা আৰু পিঠিয়া
হাৰভাগী, চেং, গাগল, ভেচেলি, নেৰিয়া।”

মাছৰ নামবোৰ ছাৰে লিখি থ’বলৈ ক’লে
বৈজ্ঞানিক নামবোৰো বিচাৰি উলিয়াবলৈ দিলে।

মজাৰ ঘৰুৱা-কাম পাই ছাত্ৰ-ছাত্ৰীয়ে ফূৰ্তি পালে
নতুন জ্ঞানৰ দিশে এখোজ আগুৱালে।

লেখকৰ ঠিকনা: জ্যোতিশিখা দত্ত, শান্তি পথ, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০২৪