কাউৰী কেনেকৈ ক’লা হ’ল

  • Published on 06 Aug 2023
কাউৰী কেনেকৈ ক’লা হ’ল

ৰমৰ কণমানিহঁত, তোমালোকে সকলোৱে নিশ্চয় কাউৰী চৰাই চিনি পোৱা। কাউৰীয়ে কা-কাকৈ চিঞৰি মাতিলেই আলহী আহিব, কিবা খবৰ আহিব বুলি আমাৰ সমাজত অতীজৰে পৰা চলি অহা লোকবিশ্বাস আছে। পিছে তোমালোকে জানানে বাৰু কাউৰী কেনেকৈ ক’লা হ’ল? এই বিষয়ে বৰ সুন্দৰ কাহিনী এটা আছে।

এসময়ত এখন নদীৰ পাৰত এজোপা প্ৰকাণ্ড গছ আছিল। গছজোপাত কেইটামান কাউৰী চৰাইয়ে বাস কৰিছিল। সিহঁতে নদীৰ পানীত গা ধুইছিল, খেলিছিল। সেই নদীৰ পানী সিহঁতে আন কাকো ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল।

অ’ তোমালোকে এটা কথা জানানে নাই,— সেই সময়ত কাউৰীৰ গাৰ ৰং ‌বগা আছিল আৰু সিহঁতৰ মাতো বৰ শুৱলা আছিল!

কাউৰী কেনেকৈ ক’লা হ’ল

কাউৰীকেইটাই হাঁহি-ধেমালিৰে দিনবোৰ পাৰ কৰিছিল। হঠাতে এদিন এজন দেৱদূতে বহু ঠাই ভ্ৰমণ কৰি আহি সেই নদীৰ পাৰৰ গছজোপাৰ তলতে অলপ সময় জিৰণি লৈছিল। দেৱদূতজন তাত বহাটো কাউৰীকেইটাই ভাল নাপালে। সিহঁতে ভাবিলে, যদি সিহঁতে বহুত চিঞৰ-বাখৰ কৰে, তেতিয়া দেৱদূতজন থাকিব নোৱাৰি গুচি যাব। ভবা মতে সিহঁতে ৰমলিয়াবলৈ ধৰিলে আৰু দেৱদূতজনক অতিষ্ঠ কৰি তুলিলে। ইফালে দেৱদূতৰ পানী-পিয়াহো লাগিছিল। সেয়েহে তেওঁ পানী খাবলৈ নদীত নামিল। তেতিয়া কাউৰীকেইটাই নদীত লৰি-ঢাপৰি পানীখিনি ঘোলা কৰি দিলে। বাৰে বাৰে দেৱদূতজনে পানী খাবলৈ লয় আৰু বাৰে বাৰে কাউৰীকেইটাই পানীখিনি ঘোলা কৰি বেয়া কৰি থাকে। অৱশেষত তেওঁ পানী খাবলৈ নোপোৱাত উপাই নেপায় সিহঁতক ক’লে— “মই এজন দেৱদূত, বহু ঠাই ভ্ৰমণ কৰি পিয়াহত আতুৰ হৈ ইয়ালৈ পানী খাবলৈ আহিছোঁ, মোক অলপ পানী খাবলৈ দিয়া।”

দেৱদূতজনৰ কথা শুনি কাউৰীকেইটাই ক’বলৈ ধৰিলে— “এই নদীখন আমাৰ, ইয়াৰ পানী আমি কাকো খাবলৈ নিদিওঁ। তুমি এতিয়াই ইয়াৰ পৰা আঁতৰি যোৱা।”

কাউৰীকেইটাৰ কথা শুনি দেৱদূতৰ বৰ খং উঠিল আৰু তেওঁ সিহঁতক গালি পাৰিবলৈ ধৰিলে— “তোমালোকৰ গাৰ ৰং বগা, মাতটোও বৰ মিঠা, সেই কাৰণে তোমালোক ইমান অহংকাৰী। আজিৰ পৰা তোমালোকৰ গাৰ বৰণ ক’লা হ’ব আৰু মাতটো কঠুৱা হ’ব। তোমালোকক কোনেও ভাল ব্যৱহাৰ নকৰিব।” ইয়াকে কৈ দেৱদূতজন গুচি গ’ল।

কাউৰী কেনেকৈ ক’লা হ’ল

সেইদিনাৰ পৰা কাউৰীৰ গাৰ বৰণ ক’লা হ’ল আৰু মাতটো কঠুৱা হ’ল। কাউৰীয়ে মাতি থাকিলে আমি যা যা বুলি খেদি দিওঁ।

দেখিলানে কণমানিহঁত, কাউৰীয়ে নিজৰ পতন নিজে মাতি আনিলে। অলপ পানী খাবলৈ দিয়া হ’লে আৰু ভাল ব্যৱহাৰ কৰা হ’লে সিহঁতৰ গতি তেনেকুৱা নহ’লহেঁতেন। গতিকে কণমানিহঁত, কেতিয়াও নিজকে শ্ৰেষ্ঠ বা ধুনীয়া বুলি অহংকাৰ নকৰিবা আৰু সকলো মানুহকে ভাল ব্যৱহাৰ কৰিবা।

“ভাল কথা ভাল মাত
ভাল ব্যৱহাৰ,
তিনিও আচৰণকে
বোলে শিষ্টাচাৰ।”

এই কথাকেইটা মনত ৰাখিবা, তেতিয়াহে সকলোৰে প্ৰিয় আৰু সফল ব্যক্তি হিচাপে জীৱনটো গঢ়ি তুলিব পাৰিবা।

লেখকৰ ঠিকনা: ঝৰ্ণালী শৰ্মা বৰকটকী, তেজপুৰ বিশ্ববিদ্যালয় চৌহদ, তেজপুৰ