ককাৰ অঘটন

  • Published on 12 Jul 2023
ককাৰ অঘটন

লেপৰ তলত ‘পেপৰ’ হুপি
ককা আছিল শুই,
কেনেকৈ জানো লাগিল ককাৰ
পকা দাঢ়িত জুই!

ফুৱাই ফুৱাই অলপ সময়
ককাই বোলে আও,
জুয়ে দেখোন দিবলৈ ধৰিছে
ৰুক্মবীৰৰ ভাও!

সোপাই জ্বলি খতম হ’ব
ল’ৰাহঁত ঔ আহ,
জীয়াই থাকিনো কৰিম কিডাল
দাঢ়িবোৰ গ’লে জাহ?

লৰালৰিকৈ নাহিলে জানিবি
অমুকা জ্বলি ছাই,
সৰগৰ পিনে ঢাপলি মেলিম
নধৰিবি দোষ-দায়।

শব্দাৰ্থ:

  • পেপৰ: এক বিশেষ ধৰণৰ কাগজত ধঁপাত নুৰিয়াই তৈয়াৰ কৰা বিড়ি
  • খতম: শেষ, অন্ত
  • জাহ: ক্ষয় যোৱা

লেখকৰ ঠিকনা: তপন বৰুৱা, বালিজান, চাৰিখেলীয়া, বিশ্বনাথ-৭৮৪১৭২, ফোন- ৯৩৬৫৩৬৭০৬০