আমাৰ কথাও ভাবিবা

  • Published on 11 Jul 2023
আমাৰ কথাও ভাবিবা

ৰা তি হৈ যোৱা দবাপিটা বৰষুণজাকৰ পাছত পুৱা মুকলি আকাশত বেলিটোৱে ভুমুকি মাৰিছে। ৰাস্তাৰ কাষৰ কঁঠাল গছ এজোপাৰ ডালত ওলমি থকা পকা কঁঠাল এটা মাজতে লৈ কথা পাতি আছে বান্দৰ খদমদম আৰু তহিলঙে। নাম দুটাৰ অৰ্থ অভিধানত চাই ল’লে এওঁলোকক বুজিবলৈ সহজ হ’ব। ওফাইদাং বান্দৰৰ নাম ভাগিনহঁতে আগতে শুনিছাই নহয়, এওঁলোক দুজন সেই বংশৰে নতুন প্ৰজন্ম।

হাবিত খাদ্যৰ অভাৱ হৈ অহাৰ পৰা এওঁলোকে এতিয়া মানুহৰ বাৰীত হোৱা ফল-মূল, শাক-পাচলি, মানুহৰ পাকঘৰৰ খাদ্য সম্ভাৰ, মন্দিৰৰ প্ৰসাদ আদিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৰিয়াল পোহপাল দিবলগীয়া হৈছে। মানুহৰ গালি-শপনি, দলি-ফৰ্মূতি— এইবোৰ এওঁলোকৰ বাবে নিত্যনৈমিত্তিক প্ৰাপ্য বুলিয়েই ধৰি লয়। খদমদম আৰু তহিলঙে কথা পাতি আছে মানুহৰ স্বভাৱৰ ওপৰত।

‘মানুহবোৰে এই পৃথিৱীখন আৱৰ্জনাৰে ভৰাই পেলোৱা নাইনে তহিলং?’
‘নহ’বলৈ কিটো আছে! চহৰবোৰত দেখা নাই, মিউনিচিপালিটি গাড়ীবোৰে ট্ৰাকে ট্ৰাকে কম আবৰ্জনাবোৰ নিতৌ কঢ়িয়াইনে!’
‘ইয়াৰ আচল কাৰণটো কি জান?’
‘কিনো আক’?’
‘মানুহৰ আপোনপেটীয়া স্বভাৱটো।’— খদমদমে ঠোৰতে কথাটো কৈ থ’লে।

শালিকা টপতলৌ আৰু পিলপিলিয়েও শুনি আছে সিহঁত দুটাৰ কথা-বতৰা। নতুনকৈ বনোৱা পকী ৰাস্তাটোৰ কাষত জমা হৈ থকা বৰষুণৰ পানী এডোঙাত ৰাতিপুৱাই সিহঁতে গাটো ধুই লৈছেহি। সিহঁতে বুৰ মাৰিবৰ জোখাৰে জমা হৈ থকা পানীডোঙাত কেইবাটাও জোবোৰা মাৰি, ঠোঁটেৰে পাখি কঁটালি গাটো ভালদৰে ধুই লৈছে সিহঁতে।

‘ঠিক কথা কৈছা, মানুহবোৰ বৰ আপোনপেটীয়া।’— তলৰ পৰাই ক’লে টপতলৌৱে।
‘অ’ তহঁতে আমাৰ কথাবোৰ মানে শুনি আছ?’
‘শুনি আছোঁ আকৌ। মানুহবোৰ সঁচাই আপোনপেটীয়া। নিজে ধুনীয়া ধুনীয়া ঘৰবোৰ বনাই লৈ আমাৰ থকা ঠাই নোহোৱা কৰিছে। সেইবোৰ ঘৰত আমি বাহ সাজিলে ভাঙি ভাঙি পেলায়। থাকিবলৈ আমাক নিদিয়ে। চোৱাচোন, আমাৰ জাতেই ঘৰশালিকা, আমি ঘৰবোৰতে নাথাকি বাৰু ক’ত থাকিম?’
‘তাকেতো কৈছোঁ। মানুহে আমাৰ কথা কি ভাবিব, নিজৰ ভিতৰতে ইজনে সিজনৰ কথা চিন্তা নকৰে।’— খদমদমে খৰপছকৈ ক’লে।

সাধু

‘আৰু এটা কথা নহয়, মানুহবোৰে যে কৈ ফুৰে— বান্দৰৰ অত্যাচাৰত থাকিব নোৱৰা হৈছে বুলি, আমি জানো অত্যাচাৰ কৰোঁ? আমি পেটৰ ভোক গুচাবলৈ খাদ্যহে বিচাৰোঁ। হয় নে নহয় টপতলৌ তয়ে কচোন, তইতো দেখিছই।’— তহিলঙে দুখেৰে ক’লে।
‘দেখিছোঁ দেখিছোঁ। এইটোও দেখা পাইছোঁ যে ক’ৰবাত যদি আম, জামুক, মধুৰিআম, কমলা আদি গছত তোমালোক বেছিকৈ লগা দেখা পায়, তেতিয়া গছজোপাকে কাটি পেলায়। কোৱা শুনো নহয়, বান্দৰৰ পৰা একো এটা খাবলৈ নাপাওঁ যেতিয়া গছজোপা কাটি পেলালো!’— টপতলৌৱে ক’লে।
‘তাকেই কৈছোঁ। সিহঁতে খাবলৈ পোৱা নাই ঠিকেই, কিন্তু আমিতো পাই আছিলো। কিয়, তাৰমানে আমি নোখোৱাকৈ জীয়াই থাকিব লাগে? মানুহৰ চিন্তাধাৰাটো চাচোন।’— তহিলঙে দুখেৰে ক’লে।

‘ইফালে গছ ৰোৱাৰ নামতো মানুহে কেৱল নিজৰ সুবিধাৰ কাৰণে পাৰেমানে চেগুন গছ আৰু ৰাস্তাৰ কাষে কাষে নিমগছহে ৰোৱে। আম, মধুৰিআম, লেটেকু, কঁঠাল আদি গছোতো ৰুব লাগে। আমাৰ নিচিনাবোৰে কি খাই জীৱন ধাৰণ কৰিব? জেতুলিপকা জাতীয় হাবিত আগতে থকা সৰু-সুৰা ফলৰ গছবোৰো কাটি-কুটি শেষ কৰিলে। গতিকে আমি পেটৰ ভোকত উপায় নাপাই মানুহৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছে। বাৰীৰ জিকা, তিয়ঁহ, পাকঘৰত থকা চাউল-দাইল আদি খাবলৈ বাধ্য হৈছোঁ। গছ থাকিলেহে মানুহ থাকিব বুলি কৈ থকাৰ সলনি মানুহে এইবুলিওতো ক’ব পাৰে যে গছ থাকিলেহে প্ৰাণী থাকিব।’— দুখ মনেৰে ক’লে খদমদমে।

‘কেৱল মানু্হ থকা পৃথিৱী এখন জানো মানুহৰ ভাল লাগিব— দিনৰ দিনটো নাচি-বাগি উৰি ফুৰা নানাবিধ চৰাইৰ কল-কাকলি যদি নাথাকে?’— তহিলঙে ক’লে।
‘ঠিকেই, একেদৰে বান্দৰ, শিয়াল, গুৱানেজীয়া, গঁড়, হাতী আদি নোহোৱা হ’লেও কেৱল মানুহে সাজি উলিওৱা যন্ত্ৰ-পাতি, গাড়ী-মটৰবোৰকে দেখি দেখি মানুহৰ আমনি নালাগিবনে?’
‘মানুহে ইমান দূৰলৈ কথাবোৰ ভাবি চোৱাই নাই চাগৈ।’— টপতলৌৱে ক’লে।
‘ভাবি নোচোৱা নহয়, সিহঁতৰ কেৱল নিজৰ কথা ভবাৰ স্বভাৱহে যে, তাৰ প্ৰমাণ সেয়াই।’— বান্দৰ তহিলঙে ক’লে।

সাধু

‘কিয়, সেই জগৰাবাৰীৰ চাউলৰ বস্তাটোৰ কথা মনত নাই?’— খদমদমে মনত পেলাই দিলে। শালিকী পিলপিলিয়ে মূৰ দুপিয়ালে।
‘তই জান নেকি জগৰাবাৰীৰ চাউলৰ বস্তাৰ কথাটো?’— টপতলৌৱে সুধিলে।
‘নাই নাজানো।’— পিলপিলিয়ে ক’লে।
‘নাজান যদি আকৌ মূৰ দুপিয়াইছিলি কিয়।’— তহিলঙে সুধিলে।
‘নাই ককাইটি, তাইৰ সেইটো মুদ্ৰাদোষ। সঁচা-মিছা সকলো কথাতে তাই মূৰ দুপিয়ায়। কাহিনীটো কিআছিল কোৱাচোন, শুনো। মানুহৰ আপোনপেটীয়া স্বভাৱৰ কথা।’

‘তেন্তে শুন। অলপ দিনৰ আগৰ কথা, গাড়ীত কঢ়িয়াই নিয়া এগালমান চাউলৰ বস্তাৰ পৰা কিবা বিজুতিত এটা বস্তা জগৰাবাৰীৰ নিজান হাবিডৰাৰ ওচৰত পৰি গ’ল। গাড়ীত যোৱা মানুহে গমেই নাপালে। ৰাতিপুৱা চাউলৰ বস্তাটো দেখা পাই আমি পাঁচটামান বান্দৰে ৰাস্তাৰ পৰা চোঁচোৰাই আনি কাষৰ জাৰণিত থ’লোঁহি। আমি আটায়ে ভোক গুচাই খাই গুচি আহিলোঁ।ঘনচিৰিকা এজাকো আহি পৰিলহি, তহঁতৰ লগৰ শালিকা এজাক, বুলবুলি চৰাই এজাক— সকলোৱে ভাগে ভাগে আহি খুচি মতে খাই-বৈ গুচি গ’ল। ৰাতি পহুকেইটামান আহিও খালেহি। পেটতে ভাবিছিলোঁ, বস্তাটো থকালৈকে অন্ততঃ কেইদিনমান মানুহৰ ঘৰলৈ গৈ গালি খাব নালাগে। পিছে কি হ’ব, কয়েই নহয় বোলে— ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, মানু্হ দুটা আহি গোটেই বস্তাটোকে লৈ গুচি গ’ল নহয়। সেয়াই মানুহৰ আপোনপেটীয়া স্বভাৱ।’

‘আহ এতিয়া কথাৰ মহলা এৰি কঁঠালত লাগোঁ’ বুলি কৈ খদমদমে ওলমি থকা কঁঠালটো ভাঙিবলৈ লাগিল। শালিকা পিলপিলি আৰু টপতলৌৱে কিৰিককৈ হাঁহি একোটা মাৰি বিদায় ল’লে।

পকা কঁঠালৰ মলমলীয়া গোন্ধ বাটেৰে গৈ থকা দুটা মানুহৰ নাকত লাগিল। লগে লগে এটাই খপাখপ গছজোপাত উঠি কঁঠালটো পাৰি টোপোলা বান্ধি লৈ গুচি গ’ল।

শব্দাৰ্থ:

  • খদমদম: বৰ লৰালৰি, খৰখেদা কৰোঁতে হোৱা পৰিস্থিতি
  • তহিলং: ভাঙি-ছিঙি নষ্ট কৰা
  • ওফাইদাং: ডাংকোপ, অহংকাৰ
  • প্ৰজন্ম: সমসাময়িকভাৱে জন্ম হোৱা জীৱৰ একোটা চাম
  • নিত্যনৈমিত্তিক: স্বাভাৱিক