অ-ফলাৰ ধেমালি

  • Published on 30 Jul 2023
অ-ফলাৰ ধেমালি

‘অ’ই বোলে অমিতা
বৰ মিঠা ফল,
‘আ’ই বোলে আঠিয়াই
দেহলৈ আনে বল।

‘ই’য়ে বোলে ইকৰাৰে
সাজোঁ আমি ঘৰ,
‘ঈ’য়ে বোলে নেদেখাজনক
কওঁ আমি ঈশ্বৰ।

‘উ’য়ে বোলে উট হেনো
মৰুভূমিত থাকে,
‘ঊ’য়ে বোলে ঊণৰ চুৱেটাৰ
পিন্ধি আৰাম লাগে।

অ-ফলাৰ ধেমালি

‘ঋ’য়ে বোলে ঋষিৰ বাক্য
অথলে কদাপি নাযায়,
‘এ’ই বোলে এৰীপলু
এৰা গছতহে পায়।

‘ঐ’য়ে বোলে ঐৰাৱত
গজৰ আন এটি নাম,
‘ও’য়ে বোলে ওজাপালি
সবাহতহে গাম।

অ ফলা

‘ঔ’য়ে বোলে ঔটেঙা
মাছেৰেহে খাবা,
মাতৃভাষা শিকনত কদাপি
পাল নামাৰিবা।