চাউলপূৰীয়া

  • Published on 03 Jul 2023
চাউলপূৰীয়া

জন মানুহৰ পাঁচোটা পুতেক আৰু এজনী জীয়েক আছিল৷ এদিন জোনাক ৰাতি খাই-বৈ উঠি মাক-বাপেক আৰু আটাইকেইটা ল’ৰা-ছোৱালী চোতালত বহি জুৰ লৈ আছিল৷ এনেতে বাপেকে সুধিলে, “বোলে বোপাইহঁত তহঁতে এতিয়া কাৰ যহত খাইছহঁক আৰু আগলৈ বা কাৰ যহত খাবিহঁক?”

বাপেকে ভাল পাবলৈ পুতেকহঁতে ক’লে, বোলে, “পিতা এতিয়াও তোমাৰ যহত খাইছোঁ আৰু আগলৈকো তোমাৰ যহতে খামহঁক৷” এই কথা শুনি বাপেকে ভাল পালে৷ তেওঁ তেতিয়া জীয়েকক সুধিলে, বোলে, “আই অ’, তই দেখোন নামাতিলি?” জীয়েকে ক’লে, বোলে, “পিতা, মই এতিয়া তোমাৰ যহত খাইছোঁ; কিন্তু মোক আগলৈ উলিয়াই দিলে মই নিজৰ যহত খাম৷ কাৰ যহতনো কোনে খাব পাৰে?” এই কথা শুনি বাপেকে খঙত জুই জ্বলাদি জ্বলি উঠিল আৰু ক’লে, বোলে, “বেটী, তই আগলৈ নিজৰ যহতহে খাবি? বাৰু ব’ল তেন্তে, তোক এতিয়াই উলিয়াই দিওঁগৈ৷ চাওঁ বাৰু তই কেনেকৈ নিজৰ যহত খাৱ৷” এই কথা কৈয়ে জীয়েকৰ হাতত ধৰি চোঁচৰাই লৈ গ’ল৷ মাকে বহুত বুজায়ো ৰাখিব নোৱাৰি কান্দি কান্দি গৈ পদূলিৰ মূৰত চেলেং কাপোৰ এখন জীয়েকৰ গাত দি আহিলগৈ৷

চাউলপূৰীয়া

সেই দেশৰ ৰজাৰ খৰি যোগোৱা খৰীয়া এটা আছিল৷ সি ৰজাঘৰত ভাল ভাল শুকান খৰি যোগায়৷ ৰজাঘৰৰপৰা তাক মাথোন দুই বেলা দুটা সিধা দিয়ে৷ সি সাজেপতি এপূৰা চাউলৰ ভাত খায় আৰু তাৰ জোখৰ মাহ, শাক, লোণ, তেল আদিও লাগে৷ সেইবাবে অইন পা-পইছা নিবিচাৰে; এয়ে তাৰ বন্দৱস্ত৷ তাৰ এই অসাধাৰণ খোৱাৰ বাবেই সকলোৱে তাক চিনি পায় আৰু চাউলপূৰীয়া বুলি মাতে৷ এইদৰে খাই খাই মানুহটো পথালিয়ে বাঢ়ি গৈ দেখিবলৈ কঁটীয়া-মটীয়া কুন্ধচ হৈ গৈছিল৷

জীয়েকক লগত লৈ বাপেকে চাউলপূৰীয়াৰ ঘৰ পালেগৈ৷ “চাউলপূৰীয়া, চাউলপূৰীয়া”কৈ কেবাবাৰো মাতিলত সি শোৱাৰপৰা উঠি আহিল৷

ছোৱালীজনীৰ বাপেকে সুধিলে, “চাউলপূৰীয়া, তোক ছোৱালী লাগেনে?” সি ক’লে, বোলে, “পালে লাগেতো, পাছে মই ক’ৰপৰা খুৱাম? এপূৰা চাউল পাওঁ, তাৰে মোক কথমপি আঁটেহে৷ এইক আকৌ কি খুৱাই ৰাখিম?” “এই নিজৰ যহত খাব, তই এইক ৰাখ” বুলি বাপেকে তাক গতাই দি গুচি আহিল৷

চাউলপূৰীয়া এতিয়া বৰ বিমোৰত পৰিল৷ ভাল হ’ল, এইক এতিয়া খাবলৈ কি দিওঁ, শুবলৈ বা ক’ত দিওঁ? ঘৰটোৰ ভিতৰত চাং এখন আছে, কথমপি তাৰ গাটো থ’বলৈহে জোৰে৷ ভালকৈ বাগৰি-জুগৰি শুবলৈকে নাটে৷ ভাত ৰন্ধা ঠাইত ডাঙৰ উধান এযোৰ আৰু ডাঙৰ জকা দুটাইহে সম্বল৷ সেই জকা দুটাত ভাত-শাক ৰান্ধে আৰু কলপাত পাৰি লৈ তাতে কৰচলি এখনেৰে লৈ লৈ খাই থাকে আৰু খোৱা হ’লে জকা দুটা ধুই থৈ দিয়ে৷ এয়ে তাৰ গৃহস্থালি৷

চাউলপূৰীয়া সাধু

এতিয়ানো এইক কি কৰে? সি ভাবি-চিন্তি তাইক ক’লে, বোলে, “আজিলৈ তুমি চাঙতে শোৱা, মই মাটিতে শুই থাকোঁ; কাইলৈ বাঁহ দুটামান বিচাৰি আনি চাং এখন ডাঙৰকৈ পাতিম৷” তাই বোলে, “নহয় তুমিয়েই চাঙত শোৱা, মই বাৰু কিবা এটা উপায়েৰে শুম৷” এইদৰে দুয়ো উখনা-উখনি কৰি শেষত চাউলপূৰীয়াই চাঙত শুলে৷ ঘৈণীয়েক পথানতে পৰি থাকিল৷

পাছদিনা চাউলপূৰীয়াই আনদিনাৰ দৰে ৰজাঘৰৰপৰা মেটমৰা ভাৰ এখনত এপূৰা চাউল, পাঁচ সেৰ মাহ, আলু, কচু, শাক, লোণ, তেল, বেঙ্গেনা, জলকীয়া, তামোল-পাণ আদিৰে পাচি দুটা আনি থ’লেহি৷ তাই দেখিয়েই বিচুৰ্তি হ’ল, পেটে পেটে ভাবিলে— হৰি হৰি, সাজেপতি এই অতবোৰ পেটলৈ সোমাই দেখিহে মানুহটো এনে বাওনা হৈ গৈছে; ইফালে পেটে মাটি চুঁচৰি যায় যেন হৈছে৷ ভাৰ থৈ সি ক’লে, বোলে, “ভাত-শাকগাল ৰান্ধি থৈ যাওঁ, তেহে খাবৰ সময়ত চেঁচা হৈ থাকিব৷ বাৰু মই জানিবা ইয়াকে খাম, তুমি কি খাবা?” তাই ক’লে, “মই কালি আহোঁতে চাউল এগাল লৈ আহিছিলোঁ, তাকে খাম৷ তুমি যোৱা সোনকালে খৰি কাটি আহিবা৷ ভাত-শাক বাৰু ময়ে সিজাই থ’ম৷” এই কথা শুনি চাউলপূৰীয়া হাবিলৈ খৰি কাটিবলৈ গ’ল৷

ঘৈণীয়েকে তাৰে চাউল দুসেৰমান আৰু মাহ, আলু, কচু আদি সকলো বস্তু অলপ অলপ লুকুৱাই থৈ বাকী চাউলখিনি সৰহকৈ পানী দি দুবাৰকৈ ৰান্ধিলে আৰু ভালকৈ সিজালে আৰু ডাঙৰ ডাঙৰ কলপাত পাৰি দুয়ো তাও ভাত বাঢ়ি চেঁচাকৈ থ’লে৷ সেইদৰে মাহ, শাক আদিও ৰান্ধি থ’লে৷ আনদিনা সি একেবাৰেই আটাইখিনি চাউল একে তাৱে বহাই দিয়ে৷ সেই দেখি সি ভালকৈ সিজিবলৈ আৰু উফাবলৈ নাপায়৷

সি আজি আহি ভাত দেখি বিচুৰ্তি হ’লহি, ক’লে বোলে, “আজি ইমানবোৰ চাউল ক’ত পালা?” তাই বোলে, “মই কালি আহোঁতে চাউল এগাল লৈ আহিছিলোঁ৷” যেই হওক সি সেইদিনা ভাত খাই বৰ ভাল পালে আৰু তাইৰ কাৰণেও ভাত এৰিলে৷ তথাপি সি ভাত কম হৈছে বুলি গম ধৰিব নোৱাৰিলে৷ গধূলিও সিধা আনিলত তাই চল পাই আগতকৈয়ো সৰহকৈ সকলো বস্তুৰ চান কাঢ়ি থ’লে৷ এইদৰে তাই দিনে দিনে তাৰ চাউল-মাহ কমাই আনিবলৈ ধৰিলে৷ ভালকৈ সিজাই ৰন্ধাৰ বাবে গিৰীয়েকে তাৰ গমকে ধৰিব নোৱাৰিলে৷ এইদৰে তাই কেইদিনমান আলেখ-লেখ চাই বুজিলে যে সি ইমানকৈ খাই হাবিলৈ গৈ পেটৰ ভৰত উঠিব-লৰিব নোৱাৰি দিনটো গছৰ তলত শুই থাকে; গধূলি খৰি কাটি ৰজাৰ ঘৰত দি ৰাতিৰ সাজটো লৈ আহে; ইপিনে হাবিত শুই থাকোঁতে জোকে, জেলুকে খাই গোটেই গাটো ঠুকুৰি ঠুকুৰি কৰিলে৷ সেইবোৰ খজুৱাই খজুৱাই তাৰ গোটেই গাতে খৰ হ’ল৷ মুঠতে সি বনৰীয়া জন্তুৰ লগৰ মানুহ বুলি তাই বুজিব পাৰিলে৷ যেই হওক, সি খৰি কাটিবলৈ গ’লে তাই গোটাই থোৱা মাহ-চাউলবোৰ বেচি পইছা গোটাই থয়৷

এইদৰেই তাই চাউল এদোণলৈকে কমালত সি এদিন গম পাই ক’লে, বোলে, “এইকেইটা ভাতকে খামনে?” তাই ভালকৈ বুজাই ক’বলৈ ধৰিলে, বোলে, “খোৱা আৰু, ময়ো খাব লাগে নহয়, নেখাই থাকিব পাৰোঁ জানো? আৰু চোৱাঁচোন এইদৰে সৰহ ভাত খোৱাৰপৰা তোমাৰ শৰীৰৰ অৱস্থা কেনে হৈছে, বাটত অচিনাকি মানুহে তোমাক দেখিলে ভয়তে লৰ মাৰে, চিনাকিবোৰেও হাঁহি-ঠাট্টা কৰি যায়৷ তোমাৰ খোৱা কমিলে শৰীৰো লাহে লাহে ভাল হৈ আহিব৷” এইদৰে তাই সৰহ খোৱা যে বেয়া সদায় বুজাওঁতে তাৰো কথাটো মনে ধৰিলে আৰু সি তেতিয়াৰেপৰা আপত্তি নকৰা হ’ল৷ তায়ো সুবিধা পাই চাউল এদোণত ৰখালেগৈ৷

চাউলপূৰীয়া সাধু

গোটাই থোৱা পইছাৰে তাই বাঁহ কিনি আনি নিজেও লাগি আৰু মানুহ এটাও ধৰি বাৰীত জেওৰা দি ইঘৰ-সিঘৰৰপৰা কলপুলি, তামোল-পাণৰ পুলি আনি ৰুবলৈ ধৰিলে৷ বেঙেনা, কেৰেলা, লাও, কচু, কোমোৰা আদি শাক-পাচলি ৰুই তাৰে বেচি-কিনি পইছা গোটাই আৰু নিজেও খায়, ওচৰচুবুৰীয়াকো দিয়ে৷ ওচৰচুবুৰীয়াই তাইৰ গুণত মোহ যাবলৈ ধৰিলে৷ তাই ঘৰৰ চোতাল আৰু পদূলি সাৰি-পুছি ৰমক্‌-জমক্‌কৈ থয়৷ লাহে লাহে তাঁতশাল এখন পাতি লৈ কাপোৰ বৈ ঘৰতো লয় আৰু বেচেও৷ এইদৰে পইছা গোটাই গোটাই ঘৰটোও ডাঙৰ-দীঘল কৰাই ল’লে, তাৰ বাহিৰে ঘৰ এটাও কৰালে আৰু গৰু এজনী কিনি গাখীৰ খীৰাই গিৰীয়েকক খুৱায় আৰু বাকীখিনি বেচি পইছা গোটাই থয়৷

যেতিয়া তাই গিৰীয়েকক চাউল এসেৰত ৰখালেগৈ তেতিয়া তাৰ চেহেৰাও আটিল হ’ল আৰু গাতো বল-শক্তি পাবলৈ ধৰিলে৷ ইফালে ঘৈণীয়েকে খাৰণিৰে তাৰ গা ঘঁহি-পিহি ধুৱাই তেল ঘঁহি দিয়ে আৰু বধ-শপত দি হাবিত শোৱাও এৰুৱালে৷ এতিয়া তাক আৰু সেই আগৰ চাউলপূৰীয়া বুলি চিনিব নোৱৰা হ’ল৷ তাৰ চেহেৰা আৰু সাজ-পাৰ সকলো সুন্দৰ হৈ পৰিল৷ ইয়াৰ পাছত ঘৈণীয়েকে কাঁহী, বাটি, ঢাৰি, পীৰা আৰু তুলী, গাৰু আদি গৃহস্থৰ লাগতিয়াল বস্তু এটাইবোৰ গোটাই ল’লে৷ নগা ঢাৰি এটাত শুই থকা চাউলপূৰীয়াই এইবোৰ সুখ পাই স্বৰ্গত থকা বুলি ভাবিলে৷ ওচৰচুবুৰীয়াই এইবোৰ দেখি-শুনি কোৱা-মেলা কৰে বোলে এই মানুহজনীৰ গাত কোনোবা এজন দেৱতাহে আছে হ’বলা, নহ’লেনো তাই এবছৰত ইমান দাওঁদাওঁকৈ উঠিব পাৰেনে? তাইৰ এতিয়া একোৰে দুখ বা অভাৱ নাই৷ সকলো বস্তুৰে নদন-বদন হ’ল৷ কেৱল গিৰীয়েকৰ খৰিকটীয়া বাবটো কেনেকৈ গুচাব, এয়ে চিন্তা হ’ল৷ তাই মৰাপাট এসোপা আনি ৰাতি আজৰি সময়ত চাৰি কুৰিমান পঘা বাটিলে৷

বছৰি মাঘ মাহত ৰজাই শেন মেলাবলৈ যায়৷ এইবাৰো শেন মেলাবৰ দিন পৰিছেহি৷ তাই ঢেঁকী এটা পাতি লৈ পিঠাগুৰি এগাল খুন্দি তাত গুৰ সানি লাড়ু সাজি থৈ দিয়ে৷ দেশৰ কুকুৰবোৰ আহিলে তাই তাৰে লাড়ু একোটা কুকুৰক খাবলৈ দিয়ে৷ খাবলৈ পাই কুকুৰ জাক জাক গোট খালে৷ এইদৰে যিমান পাৰে সিমান কুকুৰ ঘৰ লগাই ল’লে৷ আজি ৰজা শেন মেলাবলৈ যাবহি বুলি গম পাই তাই চাৰি কুৰিমান কুকুৰ পঘা লগাই বান্ধি থৈছে৷ এনেতে সিফালৰপৰা গায়নে-বায়নে সৈতে তলৰ মাটি ওপৰকৈ ৰজা আহিছে৷ চাউলপূৰীয়ানীয়ে কুকুৰবোৰৰ পঘাবোৰ গোটাই একেডাল দীঘল পঘা লগাই চাৰিকুৰি কুকুৰ গিৰীয়েকৰ হাতত পঠিয়াই দিলে আৰু কি কৰিব লাগে সকলো শিকাই-বুজাই থৈছিল৷ চাউলপূৰীয়া ৰজা-প্ৰজা সকলোতকৈ আগ হৈ গৈছে৷ গায়ন-বায়নতকৈ কুকুৰৰ চিঞৰ-বাখৰহে সৰহ হ’ল৷ এই কাণ্ড দেখি ৰজাই কোনে কুকুৰবোৰ আনিছে আৰু কিয় আনিছে সুধিবলৈ ক’লে আৰু চাউলপূৰীয়াই আনিছে বুলি জানিলে৷ কুকুৰবোৰ তেতিয়াই এৰি দিয়াইহে সকলোৱে তৎ পালে৷

চাউলপূৰীয়া সাধু

পাছদিনা চাউলপূৰীয়াক সভালৈ মতাই আনি ৰজাই সুধিলে, “হেৰ’ তোৰ ইমান সাহনে? কালি তই মোৰ আগে আগে কুকুৰবোৰ চিঞৰাই নিয়? ইয়াৰ কি কাৰণ মোক ক’ব লাগে৷” সি ঘৈণীয়েকৰ শিকনি মতে ক’লে, বোলে, “স্বৰ্গদেউ, মই একো নাজানো, মোৰ ঘৈণীজনীয়ে যি কৰিবলৈ কৈছিল, মই তাকে কৰিছিলোঁ৷”

তেতিয়া সভাসদসকলে ক’লে, বোলে, “হয় স্বৰ্গদেউ, ইয়াৰ ঘৈণীয়েকজনী অতি অসাধাৰণ বুদ্ধিমতী তিৰোতা৷ ই আগেয়ে ভূতৰ আকৃতিৰ আছিল, ঘৈণীয়েকেহে তাক মানুহৰ আকৃতি কৰিলে৷ ঘৰ-বাৰীও মানুহৰ ঘৰ-বাৰী যেন কৰি গৃহস্থালি পাতিলে৷” ৰজাই আচৰিত হৈ মন্ত্ৰীক সুধিলে, “বোলে এইটো চাউলপূৰীয়ানে?” মন্ত্ৰীয়ে “হয়” বুলি কোৱাত ৰজাই সুধিলে, “হেৰ’, তোৰ চেহেৰা কেনেকৈ ইমান সুন্দৰ হ’ল?” তেতিয়া সি ক’লে, “স্বৰ্গদেউ এপূৰাকৈ চাউলৰ ভাত সাজেপতি খাওঁতে মোৰ চেহেৰা ৰাক্ষসৰ দৰে হৈ গৈছিল৷ তাই চাউল কমাই কমাই এতিয়া আধেৰত ৰখাবৰপৰা গাত বল-শক্তি পাই আহিবলৈ ধৰিলোঁ আৰু মনো মুকলি লগা হ’ল; তাৰেপৰা চেহেৰাও ভাল হ’ল৷” তাইৰ গুণ আৰু স্বামীভক্তি শুনি ৰজাৰ তাইলৈ মৰম লাগিল৷

ৰজাই তাইক মতাই আনি সুধিলে, বোলে, “তই কালি মোৰ লগত কুকুৰবোৰ চিঞৰাই পঠিয়াইছিলি কেলেই?” তাই দীঘল হৈ পৰি ক’লে, বোলে, “স্বৰ্গদেউৰ লগত অনেক গান-বাদ্য গৈছিল; আমাৰ একো নাই, কুকুৰকেইটা আছিল, তাকে স্বৰ্গদেউৰ সন্মানৰ বাবে পঠিয়াইছিলোঁ আৰু ভাবিছিলোঁ, বোলে অপৰাধ হয় যদি ৰাজদণ্ডত কটা যাম নতুবা ৰজাই বিচাৰ কৰিলে বঁটাও পাব পাৰোঁ; আৰু সেইটো অপৰাধ নকৰা হ’লেনো বেটীয়ে আজি এই ৰাজসভা দেখিবলৈ আৰু স্বৰ্গদেউৰ আগত বেটীৰ দুখৰ কথা জনাবলৈ ক’ত পালোঁহেঁতেন৷”

চাউলপূৰীয়া সাধু

এইবোৰ কথা শুনি ৰজাই তাইৰ অসাধাৰণ বুদ্ধি আৰু সাহ দেখি ভোল গৈ সুধিলে, “হেৰ’ তোৰ কি দুখ-দুৰ্গতি আছে, মোক কচোন।” তেতিয়া তাই বাপেকে “কাৰ যহত খাবি” বুলি তাইক সোধাত “নিজৰ যহত খাম” বুলি কোৱা কথা আৰু সেই খঙত বাপেকে তাইক চাউলপূৰীয়াক দি যোৱাৰ দিন ধৰি সেই দিনালৈকে সকলো কথা ভাঙি ক’লে৷ ৰজাই ক’লে, বোলে, “তোক কি লাগে মোৰ আগত ক।” তাই ক’লে, “স্বৰ্গদেউৰ অনুগ্ৰহত বেটীয়ে ভাতে-কাপোৰে দুখে-সুখে প্ৰৱৰ্তিব পাৰিছোঁ৷ পাছে খৰিকটীয়াই খৰি কাটিবলৈ গৈ ভাগৰ লাগি হাবিত শুই থাকি গা গোটেইটো জোক-পোকৰ হতুৱাই খুৱাই খৰ কৰিলে; বেটীয়ে সদায় তেল-খাৰণিয়ে ধুৱাই ধুৱাইহে ইমানকে কৰিছোঁ৷ এইটোহে বেটীৰ মনৰ দুখ৷” ৰজাই অশিক্ষিতা তিৰোতা এজনীৰ ইমান পতিভক্তি দেখি পেটে পেটে বৰ প্ৰশংসা কৰিলে আৰু তেতিয়াই চাউলপূৰীয়াক মতাই আনি ক’লে, বোলে, “তই আজিৰপৰা খৰি কাটিব নেলাগে; মোৰ যিমানবোৰ ঘোঁৰা আছে, সেইবোৰৰ ওপৰত তোক ঘোঁৰা বৰুৱা পাতিলোঁ৷ তই সদায় ঘোঁৰাবোৰৰ ভাল তত্ত্বাৱধান হৈছে নে নাই, চাবি আৰু বেয়া দেখিলে বিধান দি কৰাবি৷” এই কথা কৈ সিহঁতক মাটি-বাৰী, ঘৰ আৰু খাট-পাম, লগুৱা-লিকচৌ দি ভালদৰে ৰাখিলে৷ সিহঁত এতিয়া বৰমানুহ হ’ল৷

মাকে ছোৱালীজনী চাই আহিবলৈ গিৰীয়েকক সদায় কৈ থাকে; তাতে তেতিয়া চাউলপূৰীয়া ঘোঁৰা বৰুৱা হোৱা খবৰ ঘুনুক-ঘানাককৈ শুনি বাপেকে এদিন আঠীয়া কল একাষি আৰু কোমল চাউল এগাল টোপোলা বান্ধি লৈ জীয়েকক চাবলৈ গ’ল৷ চাউলপূৰীয়াৰ ঘৰৰ ওচৰ পাই ‘‘এইটো কাৰ টোল” বুলি আক-তাক সোধাত ঘোঁৰা বৰুৱাৰ টোল বুলি ক’লে৷ বাপেকে বোলে, “কিয়? আগেয়ে এই ঠাইত চাউলপূৰীয়া আছিল নহয়৷” ওচৰৰ মানুহে বোলে, “আও চাউলপূৰীয়া নুবুলিবা; তেওঁ এতিয়া ঘোঁৰা বৰুৱা হ’ল নহয়।” তেতিয়া শুনা কথা সঁচা বুলি জানি বাপেক দুৱাৰমুখলৈ গ’ল৷ দুৱৰীয়ে প্ৰথমতে তাক দুৱাৰকে এৰি নিদিয়ে; বৰুৱানীক সুধি আহিহে বুঢ়াক লৈ গ’ল৷ জীয়েক-জোঁৱায়েকৰ প্ৰতাপ দেখি বুঢ়া বিচুৰ্তি হ’ল৷

জীয়েকে খুৱাই-বুৱাই বুঢ়াক ক’লে, “পিতা চোৱা, এতিয়া কাৰ যহত কোনে খাব পাৰে৷ মানুহে নিজৰ গুণৰ যহতহে খায়৷”

শব্দাৰ্থ:

  • জুৰ: জিৰণি
  • যহত: গুণৰ বলত, কৃতিত্বত
  • পূৰা: আগৰ কালৰ ওজনৰ জোখ (প্ৰায় ১০ কেজি ওজন)
  • উধান: চৰু বহুৱাব পৰাকৈ মাটিৰ চৌকাৰ তিনিফালে থকা মাটিৰ ঢিপ বা চপৰা
  • জকা: ভাত ৰন্ধা বা ধান সিজাবলৈ ব্যৱহাৰ কৰা পিতল বা আন ধাতুৰ ডাঙৰ পাত্ৰ
  • সেৰ: আগৰ কালৰ ওজনৰ জোখ (প্ৰায় ১ কেজি ওজন)
  • তাও: এবাৰত ৰন্ধা ভাতৰ পৰিমাণ
  • বিচুৰ্তি: আচৰিত
  • সিধা: ৰান্ধি খাবলৈ যতনাই দিয়া চাউল, মাহ, নিমখ, তেল আদি সামগ্ৰী
  • দোণ: বাঁহেৰে সজা এবিধ পাত্ৰ
  • আটিল: টান, শক্তিশালী, সুঠাম (শৰীৰ)
  • পঘা: গৰু-ম’হ বান্ধিবলৈ বিশেষভাৱে পকাই প্ৰস্তুত কৰা মৰাপাটৰ ৰছী
  • তৎ পালে: শান্তি পালে