আধা কুৰি সুৰীয়া পদ্য

  • Published on 03 Jun 2023
আধা কুৰি সুৰীয়া পদ্য

১
বগা বগা বগলী
ফৰিং খাৱ বুটলি
ধুনীয়া খোজ দিবলৈ
ক’ত বাৰু শিকিলি?

২
ক’লা ক’লা কাউৰী
ক’ৰ পৰা আহিলি
বাঢ়ি থোৱা বগা ভাত
কিয় বাৰু নেখালি?

৩
অ’ ফেঁচা অ’ ফেঁচা
তামোল খালি কেঁচা
কেঁচা তামোল খাই
লাগিল নেকি নিচা?

বাদুলীৰ পদ্য

৪
অ’ বাদুলী অ’ বাদুলী
গছতে জীৱন কটালি
ওলমি ওলমি থাকি তোৰ
নালাগেনে আমনি?

৫
চিলনী অ’ চিলনী
ক’ত উৰি ফুৰিছ
উৰি ফুৰা চিলাবোৰ
কিয় বাৰু চিঙিছ?

৬
কেতেকী অ’ কেতেকী
ক’ত ঘৰ সাজিলি
কেতেকী ফুলা গম পাই
কিয় বাৰু বিনালি?

৭

ভাটৌ চৰাই ভাটৌ চৰাই
কিমান খালি লিচু
গচকি দেখোন আছ তই
এটা বোন্দা কেঁচু।

৮
কুলি চৰাই কুলি চৰাই
তোৰ মাতে মন জুৰায়
কিয় বাৰু থাক তই
পাতৰ আঁৰত লুকাই?

৯
বালিমাহী চৰাইজনী
ক’ত তোৰ ঘৰ
পাহাৰ ভৈয়াম ঘূৰি ঘূৰি
নেলাগেনে ভাগৰ?

১০
শালিকী অ’ শালিকী
তাঁতৰ পাতত বহিলি
বাছি থোৱা ফুলবোৰ
নেপেলাবি উঘালি।