হাবিত সংগীত বিদ্যালয়
- Published on 14 Jul 2023
মানুহৰ ‘পোৱালি’য়ে গীত গোৱা বাবে
হাবিৰ জন্তুবোৰেও কথা এটা ভাবে৷
সকলোকে মাতি আনি শহাটোৱে ক’লে—
“কেনেকুৱা হ’ব বাৰু সৱে গীত গালে?”
সভাপতি সিংহটোৱে তাক শলাগিলে—
“বৰ ভাল হ’ব দেই স্কুল খুলি দিলে৷
জন্তুৰ পোৱালিবোৰে গীত গাই গাই
আমাৰ হাবিৰ নাম দিব উজলাই৷”
সকলোৰে সিদ্ধান্তত স্কুল খোলা হ’ল
গছৰ তলতে বহি সৱে লাগি গ’ল৷
শিক্ষকৰ তালিকাত কোন কোন থাকে
ভাবি-চিন্তি পোৱা নাই সেইটো কথাকে৷
তেনেতে গাধই ক’লে, “ময়ো পাৰোঁচোন,
মোৰ বাহিৰেও আৰু আছে কোন কোন?”
থুঁতৰিত দাঢ়ি ৰখা ছাগলীয়ে ক’লে—
“ময়ো বাৰু ক্লাছ ল’ম মকৰল হ’লে৷”
শিয়ালেও নেজ পাৰি ক’লে সকলোকে—
“হিন্দী গান শিকাবলৈ দিব পাৰে মোকে৷”
গাহৰিয়ে আহি ক’লে, “বৰ ভাল হ’ব,
‘প্ৰক্সি ক্লাছ’ চলাবলৈ মোক আহি ক’ব৷”
বুলবুলি, কুলি আৰু মইনা চৰাই
সকলোৱে চাই আছে দূৰৰ পৰাই৷
চৰাইৰ গীত হেনো জন্তুৱে নুবুজে
সেই হেতু সিহঁতেও মিছাতে নুযুঁজে৷
শুভ আৰম্ভণি হ’ল গছৰ তলত
ডেৰকুৰি ছাত্ৰ-ছাত্ৰী প্ৰথম দলত৷
হাতী ঘোঁৰা ভালুকৰ ল’ৰা বা ছোৱালী
তাৰ ভিতৰতে আছে বাঘৰো পোৱালি৷
গঁড়, গেণ্ডেৰা, মেথোন, হেপা, জহামাল
গানৰ স্কুললৈ হেনো সকলো ওলাল৷
নেউল, কেৰ্কেটুৱা বা হৰিণ, বান্দৰ
সকলোৰে পোৱালিৰ দিন আনন্দৰ৷
চিঞৰ-বাখৰ শুনি পোৱালিবোৰৰ
চকৰি ঘূৰিল হেনো গানৰ ছাৰৰ৷
সাৰেগামা পাধানিসা কোনেও নাজানে
শিক্ষকে গীতৰ সুৰ নিজ মতে টানে৷
শিয়াল পণ্ডিতে গায় ‘ক্যা হুৱা ক্যা হুৱা’
আনলৈ নাচায় তেওঁ, কোন কেনেকুৱা৷
‘হুৱা’ ক’ব নোৱাৰিলে কোনোটো জন্তুৱে
ভাগৰত লালকাল ছাত্ৰবোৰ শোৱে৷
প্ৰশাসকে শিয়ালক নিদিলে বেতন
তেতিয়াহে শিয়ালটো হ’ল সচেতন৷
চাকৰিটো এৰি দিলে শিয়াল মাষ্টৰে
নিজ পৰিয়ালতহে ‘হুৱা’ গাব ধৰে৷
ছাগলীয়ে ‘বে বে’ কৰি যিহে গীত গালে
তাইকো বিদায় দিলে অতি সোনকালে৷
প্ৰক্সি ক্লাছ ল’বলৈকে আহিল গাহৰি
মূৰ ঘূৰণিত গীত থাকিল পাহৰি৷
এনেকুৱা শিক্ষকক ৰাখিবনো কোনে
সেইবাবে ঘৰলৈকে খেদে পোনে পোনে৷
গাধ ছাৰ মাধমাৰ খায়েই পলাল
গীত শিকাবলে’ আৰু কোনোৱে নোলাল৷
সংগীত বিদ্যালয়ত হ’ল লটিঘটি
আৰম্ভতে হ’লচোন সকলোৰে ইতি৷
হাবিত বিদ্যালয়ৰ কিনো দৰকাৰ
সকলোৱে গীত জানে, সেয়ে ‘জানোৱাৰ’৷
শব্দাৰ্থ:
- প্ৰক্সি: (ইংৰাজী) অন্যৰ হৈ কৰা কাম
- গেণ্ডেৰা: মেকুৰী জাতীয় এবিধ বনৰীয়া জন্তু, হগাগেৰেলা
লেখকৰ ঠিকনা: সুৰেন্দ্ৰ মোহন দাস, ঘৰ নং ১৩, লতাকটা শান্তিনগৰ, বশিষ্ঠ, গুৱাহাটী-২৯, ফোন- ৯১০১৪৬৪৮৯৩