সময়

  • Published on 10 Jul 2023
সময়

পল-অনুপল কৰি সময় যায় উৰি,
পাৰ হোৱা সময় নাহে কাষলৈ ঘূৰি।
সময়ৰ কাম সময়ত কৰিবা
সময়ৰ জোখ তেতিয়াহে পাবা।

এলেহুৱাৰ দিন নাযায়-নুপুৱায়,
কৰিম কৰিম বুলি থাকে হামিয়াই।
লক্ষ্যত উপনীত হ’বলৈ যদি কৰা মন,
সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ লোৱা তেনে পণ।
বাগৰি যোৱা সময় নাহে কদাপি উভতি,
সময়ত নকৰিলে বিদ্যা অৰ্জন— হয় দুৰ্গতি।

ধনতকৈ মূল্যবান জানিবা সময়
হেন জানি অবাবত কিয় কৰা অপচয়?
জ্ঞানীজনে কয়— সময়ৰ টিকনিডাল চুটি,
সময়ৰ কাম সময়ত কৰিলেহে হয় উন্নতি।

শব্দাৰ্থ:

  • পণ: প্ৰতিজ্ঞা, অংগীকাৰ, কিবা এটা কৰিম বুলি লোৱা দৃঢ় সংকল্প
  • কদাপি: কেতিয়াও, কোনো কালে
  • দুৰ্গতি: দুৰ্দশা, বেয়া অৱস্থা
  • হেন জানি: সেই কাৰণে

লেখকৰ ঠিকনা: সত্যনাৰায়ণ কৰ, ৱাৰ্ড নং ৯, নাজিৰা-৭৮৫৬৮৫, শিৱসাগৰ, ফোন- ৮৪৮৬০১৬০৪৫