শীতকাল

  • Published on 27 Oct 2023
শীতকাল

শীতকালত সকলোৱে পিন্ধে গৰম কাপোৰ
তাপমাত্ৰা কমে বাবে ঠাণ্ডা লাগে বৰ
সূৰ্য-পৃথিৱীৰ দূৰত্ব বাঢ়ে
ৰ’দৰ তাপ কমি আহে
এনে সময়ত শৰীৰৰ যতন ল’বলৈ এলাহ নকৰ।

শীতকালত সোৱাদ লগা ফলবোৰ পায়
কমলা-আপেল কিনিবলৈ যদু বজাৰলৈ যায়
পচন্দৰ ফলবোৰ কিনি
ঘৰলৈ লৈ আনি
ভায়েকৰ লগত ৰ’দ লৈ তৃপ্তিৰে খায়।

শীতকালৰ ৰাতিপুৱাটোক কুঁৱলীয়ে ছানি ধৰে
বাট-পথবোৰ বহুদেৰিলৈ নেদেখা হৈ পৰে
কুঁৱলীৰ চাদৰ ফালি
ৰ’দে দিয়ে হাঁহি মাৰি
মুকলি বতৰ দেখি মানুহে কাম আৰম্ভ কৰে।

লেখকৰ ঠিকনা: জ্যোতিশিখা দত্ত, শান্তি পথ, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০২৪