টেঙা নহ’লেও শিয়ালে আঙুৰ খায়নে

  • Published on 30 May 2023
টেঙা নহ’লেও শিয়ালে আঙুৰ খায়নে

ভাইটি-ভণ্টী দুয়োটাই সাধু শুনি বা পঢ়ি বৰ ভাল পায়। এদিন সিহঁতে ঈছপৰ নীতিকথাৰ সেই বিখ্যাত সাধুটো পঢ়ি আছিল। ভণ্টীৰ বয়স মাত্ৰ চাৰি বছৰ। তাই সাধু পঢ়িব নোৱাৰে, কিন্তু শুনি বৰ ভাল পায়। বুঢ়ী আইৰ সাধু, তেনালীৰামাৰ সাধু, বীৰবলৰ সাধু, ঈছপৰ সাধু আদি ভাইটিয়ে পঢ়ে আৰু ভণ্টীয়ে ৰ লাগি ককায়েকৰ মুখলৈ চাই শুনে।

সেইদিনা সন্ধিয়া পৰত কঠ এখনত বহি ঈছপৰ সাধুৰ ‘এটা শিয়াল আৰু টেঙা আঙুৰ’ সাধুটো পঢ়ি আছিল। ভাইটিয়ে চিঞৰি চিঞৰি পঢ়িছিল। সেই সময়তে পিছপিনৰ শাকনি বাৰীত ৰৈ এটা বুঢ়া শিয়ালে ভাইটিয়ে পঢ়া সাধুটো মনোযোগেৰে শুনি আছিল। শিয়ালৰ বিষয়ে সাধু বাবে বুঢ়া শিয়ালে সাধুটোৰ বিষয়বস্তু জানিবলৈ উদগ্ৰীব হৈ ৰ’ল।

ভাইটিয়ে সুৰ লগাই সুন্দৰকৈ সাধুটো পঢ়ি গ’ল: বহুদিনৰ আগেয়ে এটা শিয়ালে ভোকত আহাৰ বিচাৰি ইফালে-সিফালে ঘূৰি ফুৰিছিল। এনেদৰে ফুৰোঁতে সি গৈ এখন আঙুৰ বাগিচাত উপস্থিত হ’ল।

বাগিচাখন চাঙৰ পৰা লোমালোমে আঙুৰ লাগি আছিল। আঙুৰবোৰ পকি সুন্দৰ মোক খা মোক খা গোন্ধেৰে আমোলমোলাই আছিল। লোভতে শিয়ালৰ জিভাৰ পানী পৰিবলৈ ধৰিলে। ইপিনে তাৰ ভোকো লাগি আছিল।

শিয়ালে ভাবিলে, আজি পকা আঙুৰ সি পেট ভৰাই খাব। কিন্তু আঙুৰবোৰচোন ঢুকি পোৱাতে নাই। সি জপিয়াই ছিঙিব পাৰিব বুলি মনতে ভাবিলে। এইবাৰ সি জপিয়াই জপিয়াই আঙুৰ ছিঙিবলৈ চেষ্টা কৰিলে। কিন্তু ওখ চাঙত পকি লোমালোমে লাগি থকা আঙুৰ সি জপিয়াই জপিয়াই ঢুকিকে নাপালে। তাৰ মনটো বেয়া হ’ল। আঙুৰ খোৱাৰ আশা সি ত্যাগ কৰিব লগাত পৰিল।

সি নিজকে ক’লে— ‘এইসোপা টেঙা আঙুৰ কোনেনো খায়! টেঙা আঙুৰসোপা আমি নাখাইহে পাৰিছোঁ।’ তাৰপিছত সি নিজা পথেৰে হাবিলৈ গুচি গ’ল।

ভণ্টীয়ে ক’লে— ‘সাধুটোত কিবা এটা গৰবৰ আছে।’
ভাইটিয়ে সুধিলে— ‘কিয়?’
‘নহয় মানে, কালি যে তুমি পঢ়িছিলা— শিয়াল এটা মাংসহাৰী প্ৰাণী বুলি। আজি আকৌ সাধুত পঢ়িছা শিয়ালে আঙুৰ খাবলৈ বিচৰা বুলি।’
‘এৰাটো, কিবা এটা ডাঙৰ গণ্ডগোল আছে। কাইলৈ চাৰক সুধি তোমাক ক’ম।’ ভাইটিয়ে চিন্তা কৰি ক’লে।

ইপিনে বুঢ়া শিয়ালেও ইমান মিছা সাধু এটা মানুহৰ শিশুবোৰে গোটেই পৃথিৱীতে যুগ যুগ ধৰি পঢ়ি থকাত আচৰিত হ’ল আৰু ইয়াৰ সত্যাসত্য নিৰূপণ কৰিবলৈ মনস্থিৰ কৰিলে।

বুঢ়া শিয়ালে সেই নিশাই পাহাৰৰ ওপৰত থকা বুঢ়া সিংহ মহাৰাজৰ ওচৰ পালেগৈ। বুঢ়া সিংহক প্ৰণাম কৰি শিয়ালে সুধিলে— ‘মহাৰাজ! মই এটা ডাঙৰ প্ৰশ্ন লৈ আপোনাৰ ওচৰলৈ আহিছোঁ।’
‘কোৱা, কোৱা। পাৰিলে তোমাৰ প্ৰশ্নৰ উত্তৰ মই দিম।’ স্বাভাৱিক গোজৰণি এটা মাৰি সিংহই ক’লে।

শিয়ালে এইবাৰ প্ৰশ্ন কৰিলে— ‘মহাৰাজ! মানুহৰ শিশুবোৰে এনে এটা পুৰণি সাধু শিয়ালৰ ওপৰত পঢ়ি থকা মই নিজ কাণেৰে শুনিলোঁ, য’ত শিয়ালৰ খাদ্য আঙুৰ বুলি কোৱা হৈছে। কিন্তু বোপাককাৰ দিনৰ পৰা শিয়ালে কেতিয়াও ভোকত থাকিলেও আঙুৰ খোৱা কথাটো আমি শুনা নাই। গতিকে ইয়াৰ এটা সমাধান দিয়ক। অৰ্থাৎ মোৰ পোনপটীয়া প্ৰশ্নটো হ’ল— শিয়ালে অতীজতে গৰু-ঘোঁৰাৰ দৰে ঘাঁহ, আঙুৰ আদি খাইছিল নেকি? যদি খোৱা নাছিল, এনে এটা শিয়ালে আঙুৰ খোৱা বুলি মিছা সাধু মানুহে কিয় লিখি যুগ যুগ ধৰি পঢ়ি আছে?’

শিয়ালৰ প্ৰশ্নটোত বুঢ়া সিংহও চিন্তাত পৰিল। জন্তুৰ ভিতৰত অতি বেছি দিন আয়ুস লাভ কৰা জীৱ হ’ল কাছ। গতিকে প্ৰশ্নটোৰ উত্তৰ কাছইহে সঠিককৈ দিব পাৰিব। সেয়েহে সিংহই শহাক দূত হিচাপে কাছক মাতিবলৈ পঠাই দিলে।

কাছ আহি পোৱাত প্ৰত্যক্ষভৱে কাছক প্ৰশ্নটো কৰিবলৈ শিয়ালক কোৱা হ’ল।

শিয়ালে বিনম্ৰতাৰে প্ৰশ্নটো কাছৰ সন্মুখত দাঙি ধৰি ক’লে— ‘মই জানিব বিচাৰোঁ যে শিয়াল যিহেতু এটা মাংসভোজী প্ৰাণী, ই পূৰ্বতে তৃণভোজী আছিল নেকি? যদি নাছিল, মানুহে এনে মিছা বিশ্বাসেৰে সাধু লিখি কিয় শিশুবোৰক মিছা কথা কৈ আছে?’

কাছ চিন্তাত পৰিল। সি ভাবিলে, মানুহে সকলোবোৰ কথাই গৱেষণা অথবা পৰীক্ষা-নিৰীক্ষা কৰিহে শিশুক জ্ঞান দিয়ে। তেন্তে এনে এটা কথা মানুহে কিদৰে যুগে যুগে বিশ্বাসত লৈ শিশুবোৰক শিকাই আছে! মানুহে বিশ্বাস কৰা কথাৰ কিবা ভিত্তি থাকিবও পাৰে। দেখা যায়, সময়ৰ লগে লগে মানুহৰ বহু পৰিৱৰ্তন হৈছে, যাক মানুহে সভ্যতা নাম দিছে। সেয়েহে বিষয়টো আন বহুতৰ লগত আলোচনা কৰিহে মত দিয়া ভাল হ’ব। সেয়েহে কাছই এমাহ সময় বিচাৰিলে ইয়াৰ এটা সঠিক উত্তৰ দিবলৈ।

ইপিনে ভাইটিয়েও বিদ্যালয়লৈ গৈ অসমীয়াৰ বিষয় শিক্ষকক সুধিলে— ‘চাৰ! আমি এটা সাধু পঢ়ি বৰ বিপদত পৰিছোঁ। ঈছপৰ নীতিকথাৰ এটা সাধু ‘এটা শিয়াল আৰু টেঙা আঙুৰ’ সাধুটোত শিয়ালে ভোকত আঙুৰ খাবলৈ বিচৰা কথা লিখিছে। কিন্তু শিয়াল যিহেতু এটা মাংসহাৰী প্ৰাণী, গতিকে শিয়ালে পকা আঙুৰ খাবলৈ মন কৰিব কিয়?’

অসমীয়াৰ চাৰে ক’লে— ‘এই সাধুটো ঈছপৰ। ঈছপ আছিল ষষ্ঠ শতিকাৰ গ্ৰীছৰ বিখ্যাত সাধুৰ কথক। তেওঁ এজন দাস আছিল আৰু তেওঁক হত্যা কৰা হৈছিল। খৃষ্ট পূৰ্ব ৬০০ত জন্মগ্ৰহণ কৰি খৃষ্ট পূৰ্ব ৫৬০ত তেওঁৰ মৃত্যু হৈছিল। নীতিকথামূলক সাধুৰ বাবে তেওঁ বিখ্যাত আছিল। আজিও এই সাধুবোৰ বিখ্যাত। এটা সময়ত শিয়াল তৃণভোজী প্ৰাণী হিচাপে থাকিবও পাৰে। এই বিষয়ে তুমি বুৰঞ্জীৰ শিক্ষকক সুধি লোৱা। মই ক’ব নোৱাৰিম।’

ভাইটি এইবাৰ বুৰঞ্জী শিক্ষকৰ কাষ চাপিল। বুৰঞ্জী শিক্ষকে ভাইটিৰ কথাখিনি তভক মাৰি শুনিলে আৰু ক’লে— ‘জীৱ-জন্তুৰ বুৰঞ্জী নাথাকে। কেবল মানুহৰহে বুৰঞ্জী থাকে। অতীতৰ কথা লৈ মানুহেহে চিন্তা-চৰ্চা কৰে। জীৱ-জন্তুৰ থাকে কেবল বৰ্তমানহে। গতিকে তাহানি কালত শিয়ালে আঙুৰ খাইছিল নে নাই, এইটো লোক-সাংস্কৃতিক গৱেষণাইহে ক’ব পাৰিব। মই নোৱাৰিম।’

ভাইটি এইবাৰ বিজ্ঞানৰ শিক্ষকৰ ওচৰ পালেগৈ আৰু তাৰ প্ৰশ্নটো দাঙি ধৰিলে। বিজ্ঞান শিক্ষকে ক’লে— ‘বিজ্ঞানৰ নতুন নতুন গৱেষণাই নতুন নতুন কথা আৱিষ্কাৰ কৰিছে। পুৰণি ভুল ধ্যান-ধৰনাবোৰ বিজ্ঞানেহে সলনি কৰি মানুহক প্ৰকৃত সত্যৰ সন্ধান দিছে। মানুহে ইয়াক গ্ৰহণ কৰিছে। এদিন মানুহে ভাবিছিল, পৃথিৱী নুঘূৰে, সূৰ্যহে ঘূৰে। পাছত এই ভুল ধাৰণাৰ পৰিৱৰ্তন হ’ল। একেদৰে আমি জানো যে শিয়াল এটা মাংসহাৰী প্ৰাণী। ই কোনো কালেই আঙুৰ খাবলৈ নাযায়। ই ইয়াৰ প্ৰবৃতি। গতিকে এনে ভুল সাধু শিশুক পঢ়িবলৈ দিব নালাগে। ই নীতিকথা শিকোৱাৰ পৰিৱৰ্তে ভুল কথা এটা শিকাই আছে।’

‘তেন্তে কি কৰা ভাল হ’ব চাৰ?’ ভাইটিয়ে সুধিলে।
‘কাহিনী হ’লেও ভুল কথা এটা শিশুক বাৰে বাৰে পঢ়িবলৈ দিব নালাগে। বিজ্ঞানৰ দৰে পুৰণি ভুল কথাবোৰ সলাব লাগে।’ বিজ্ঞানৰ চাৰে ক’লে।

ইপিনে এমাহৰ পাছত বুঢ়া শিয়াল পুনৰ আহি কাছৰ সন্মুখত উপস্থিত হ’ল। কাছই ইতিমধ্যে বিভিন্ন জনৰ লগত কথা পাতি থৈছিল।

শিয়ালে অতি নম্ৰভাৱে প্ৰশ্ন কৰিলে— ‘মহাশয়, মোৰ প্ৰশ্নটোৰ উত্তৰ পালেনে?’

কাছই অতি গম্ভীৰভাৱে শিয়াললৈ চালে আৰু ক’লে— ‘লোক-সংস্কৃতিৰ বহুবোৰ কথা নতুনকৈ লিখিব লগা আছে। একেদৰে সাধু অথবা কাহিনী কিছুমানো বহু মিছামিছি কথাৰে চলি আছে। শিয়াল যিহেতু এটা মাংসহাৰী প্ৰাণী, ই পূৰ্বতেও মাংসহাৰী আছিল আৰু এতিয়াও মাংসহাৰীয়ে হৈ আছে। গতিকে শিয়ালে কাহানিও আঙুৰ খাবলৈ নিবিচাৰে। ঈছপে এটা মিছা কথা লিখিছিল আৰু তাকে এতিয়াও শিশুবোৰক পঢ়িবলৈ দিব নালাগে। আজিকালিৰ শিশুবোৰ বৰ বুদ্ধিমান। গতিকে তেওঁলোকে ভুলক ভুল বুলি ক’বই।’

শিয়ালে প্ৰশ্নটোৰ সঠিক উত্তৰ পাই অৰণ্যলৈ খোজ ল’লে।

কিন্ত ঈছপৰ নীতিকথাৰ সাধুটোৰ ভুলটো কোনে শুদ্ধ কৰিব, এই প্ৰশ্নটো থাকি গ’ল।

আমাৰ এই সাধুৰ নীতিকথা: পুৰণি হ’লেও মিছা কথা এটা চলি থকা অনুচিত। সকলো কথাই বিজ্ঞানৰ আলোকত চাব লাগে।

  • ৰ লাগি: একান্ত মনে
  • আহাৰ: খাদ্য
  • উদগ্ৰীব: খুবেই আগ্ৰহী
  • মোক খা মোক খা গোন্ধ: বৰ লোভ লগা গোন্ধ, বৰকৈ খাবলৈ মন যোৱা
  • ত্যাগ: বাদ দিয়া, এৰি দিয়া
  • গৰবৰ: খেলিমেলি
  • মাংসহাৰী/ মাংসভোজী: মাংস খোৱা প্ৰাণী
  • তৃণভোজী: ঘাঁহ-বন খোৱা প্ৰাণী
  • সত্যাসত্য: সত্য নে অসত্য, সঁচা নে মিছা
  • নিৰূপণ: নিশ্চিত কৰা
  • লোক-সংস্কৃতি: কোনো এক সমাজ বা জনগোষ্ঠীৰ মাজত প্ৰচলিত ৰীতি-নীতি, গীত-মাত, পৰম্পৰা আদি

লেখকৰ ফোন: ৯৪৩৫১ ৮৭৬৬৫