মেকুৰীৰ ভোক

  • Published on 01 Jun 2023
মেকুৰীৰ ভোক

অ’ মেকুৰী, ক’ৰ পৰা ওলালাহি
ভজা মাছ আজি নাই,
মন কৰিলে পেট পূৰাব পাৰা
ফুৰি হাবাথুৰি খাই৷

তাতো যদি নভৰে তোমাৰ পেট
চোতাললৈ দৌৰ মাৰা,
দুটামান হামখুৰি খাই তুমি
পেট পূৰ কৰি লোৱা।

অ’ মেকুৰি, ক’ৰ পৰা ওলালাহি
গাখীৰ অকণো নাই,
পেটৰ ভোক মাৰা সৌ বননিতে
তিনিটা কৰ্ফাল খাই।

তাতো যদি নভৰে তোমাৰ পেট
নঙলামুখলৈ যোৱা,
ভতুৱা কুকুৰক খুজি লৈ তুমি
ভয় অকণকে খোৱা।

তেতিয়াও যদি নভৰে উদৰ
গৰাকীক লগ ধৰা,
গৰাকীয়ে দিব শপত খাবলৈ
তাৰেই পেট ভৰোৱা।

শব্দাৰ্থ:

  • হাবাথুৰি: কোনো কামত বাৰে বাৰে বিফল হোৱাৰ ফলত হোৱা মানসিক অশান্তি
  • হামখুৰি: উজুটি খাই মুখ তললৈ কৰি পৰা
  • কৰ্ফাল: পিছল খাই এঠাইৰ পৰা আন এঠাইত পৰা
  • ভতুৱা: সৰহকৈ ভাত খোৱা কিন্তু কামত অকামিলা (মানুহৰ ক্ষেত্ৰত), ঘৰে ঘৰে চুৱনিৰ ভাত খাই ফুৰা কুকুৰ