মেকুৰীৰ ফৰমাইচ

  • Published on 15 Jul 2023
মেকুৰীৰ ফৰমাইচ

পুছিকেট পুছিকেট— কিমানক মাতিবা?
কমন নাম হৈ যায় কথাটি এবাৰ ভাবিবা।

নতুন আলহী মই, মোক খুৱাবানো কি?
টেমাটোত চোৱাচোন ওলাই নেকি নিমকি!

মেৰিগল্ড দুটা আৰু একাপ গাখীৰ
তৎক্ষণাৎ সাজু কৰা, নহ’লে হ’ম বাহিৰ।

মেকুৰী

বন্ধ হ’ব লাগে যদি এন্দুৰৰ মিটিং
ভৰি দুটা পিটিকি দিয়া হৈ লওঁ ফিটিং।

ভজা মাছ দুপিছ দিলেই দিনটোলৈ আজৰি,
বিছনাখনো যতনাই দিয়া দিওঁ অকণ বাগৰি।

শব্দাৰ্থ:

  • ফৰমাইচ: আদেশ, নিৰ্দেশ
  • কমন: (ইং) সাধাৰণ
  • মিটিং: (ইং) সভা
  • ফিটিং: (ইং) সাজু

লেখকৰ ঠিকনা: দ্বীপজ্যোতি বৰা, নগাঁও, ফোন- ৬০০২০৮৩১২২