মজাৰ পদ্য

  • Published on 27 May 2023
মজাৰ পদ্য

[আমাৰ কুঁহিৰ লগৰীহঁতৰ নামত]

ফাইজা

“ফাইজা, ফাইজা,— ভাত মুঠি খাই যা।”
“কিয় খাম, কিয় খাম? যদি হয় হাইজা?”
“ডেটলেৰে ধোৱা হাত, একো ভয় নাই যা।”

নাজমা

খাই-বৈও শেঁতা পৰি গৈছিল নাজমা।
ডাক্তৰে তেজ চাই
ক’লে, “তেনে ভয় নাই
হিমোগ্লোবিন কম, ঠিকে আছে প্লাজমা।
আইৰণ পিল খালে ভাল হৈ যাব পাছে;
কাচকল ভাজি দিব, তাতো আইৰন আছে।”

আইৰন মানে লোহা নাজমাই জানিছিল।
ভাবিলে, ভজাকে খাওঁ, কিয় গিলি মৰোঁ পিল?
ঘৰ পাই একেজাপে ৰিক্সাৰ পৰা নামি
চিঞৰি চিঞৰি গ’ল ভিতৰলে ঘামি-জামি—
“গজাল এপোৱামান আনি আজি ভাজ মা!”

পিঙ্কি

সিদিনা আছিল খেলি পার্কত পিঙ্কি;
ষাঁড় এটা আহি বোলে, “দিওঁ নেকি হিঙ্কি?”
“আই ঔ!” বুলি তাই ধৰিলে যি পকী বাট,
কামৰূপ এৰি পালে নগাঁৱৰ শিলঘাট।

হাঁহি হাঁহি ক’লে তাই—
“মই অলপত নাই,
পলাবই যদি লাগে— জাগী, ৰহা, ধিং কি?”

টোকা: শিঙেৰে খুচি দিয়াক কামৰূপত ‘হিঙ্কি দিয়া’ বোলে।

(অধুনালুপ্ত ‘আকাশ’ আলোচনীৰ পৰা পুনৰ প্ৰকাশিত)