জন্মদিনৰ উপহাৰ

  • Published on 10 Aug 2023
জন্মদিনৰ উপহাৰ

পুৱাৰ পৰাই কমলৰ আজি
আনন্দৰ সীমা নাই,
ধূপ-ধূনা আৰু চাকি জ্বলাই সি
কৰিছে সেৱা গোসাঁই।

খুৰাকে আনিছে কিতাপ দুখন
তাৰ জন্মদিন বুলি,
খুৰীয়েকে তালৈ পেণ্ট-চাৰ্ট আনি
দিছেহি হাতত তুলি।

দেউতাকে দিছে চাইকেলখন
ঠেহ লগা বুলি জানি,
মাকে বনাইছে চকলেট কেক্
ঘৰতে সকলো আনি।

জন্মদিনৰ উপহাৰ

উপহাৰ বুলি ককাকেও তাক
লৈছেহি কান্ধত তুলি,
দুটা চকলেট দুখন কিতাপ
আৰু দিছে গছ পুলি।

সত্যজিৎ নাথ প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটীৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ।