ফাগুন বন্দনা

  • Published on 12 Mar 2024
ফাগুন বন্দনা

ফাগুন আহিছে
কাঞ্চন ফুলৰ গুলপীয়া লৈ,
মদাৰৰ ৰঙা পাহিত
ফাগুন আছেহি ৰৈ।

ফাগুনে ৰং সানে
পলাশ বনত গৈ,
মৌ মাখিয়ে ফুলবোৰক
কিনো থাকে কৈ?

ফাগুনৰ পলাশ ফুল

  • পলাশ ফুল

লঠঙা ডালত কুঁহিপাতে
ভুমুকি মাৰি চায়,
বন-বননিত পক্ষীবোৰে
মধুৰ গীত গায়।

শুকান সৰাপাতে
বেয়া কৰে মন,
অদূৰত বসন্ত—
আৱাহনী সংগীতৰ
কৰা আয়োজন।

লেখকৰ ঠিকনা: ৰিণ্টু দাস, ভোটাই গাঁও, নগাঁও, ফোন- ৯৮৬৪৪৯৮৭৪৮