ভতুৱাৰ কাম

  • Published on 18 Jul 2023
ভতুৱাৰ কাম

ভাত খাই ভতুৱাই
ধোবাং দি শোৱে
ভদ্ৰকান্ত দাইটিয়ে
গৰু খেদি মৰে৷

জাকে জাকে আহে
উদঙীয়া গৰু
গালি দিলেও গিৰিহঁত
নহয় যে সৰু৷

ভতুৱাৰ কাম

পাকেপতি আহি
জেওৰা জপনা ভাঙে
খেদাখেদি কৰিলে
বাটৰুৱাই হাঁহে৷

গৰু-গাই পুহিলে
পঘা লেজু লাগে
দানা-পানী যোগাই দিলে
গৰু গোহালিতে থাকে৷

ভদ্ৰকান্ত সৰু মানুহ
বজাৰ সমাৰ কৰে
প্ৰতিবেশী মানুহবোৰে
তেওঁক মানুহ নাসাজে৷

ভতুৱাৰ কাম

গৰু খেদি দাইটি
হয় হায়ৰাণ
তাকে দেখি ভতুৱাই
খজুৱাই কাণ৷

লেখকৰ ঠিকনা: অনিৰ্বাণ দত্ত, হাৱাজান—৭৮৪১৬৯