বাৰিষাৰ কবিতা

  • Published on 27 Jun 2023
বাৰিষাৰ কবিতা

আহিছে আহাৰ
নামিছে বাৰিষা
পথাৰ পানীৰে ভৰে;
নৈ জান জুৰি
ভৰি খাল ডোং
পাৰ ভাঙি ভাঙি পৰে৷

ওখকৈ পথাৰত
শালিধানৰ কঠীয়া
ওপৰেদি বাগৰে পানী;
গঞা গৰু গাই
আহিছে ভুৰত উঠি
হেৰাই জীউৰ তৰণি৷

আলিৰে ওপৰত
মানুহে গৰুৱে
পাতিছে নিদানৰ ঘৰ;
নিদানৰ মুঠি
উটিছে বানত
ভোকতে উঠিছে জ্বৰ৷

ডা-ডাঙৰীয়া সদৰে নগৰে
কাৰোৰে সঁহাৰি নাই
কোনে কাৰ মুখলৈ চায়;
পাৰ হ’লে বাৰিষা
বিধে বিধে পথাৰৰ কামত
হালোৱা ৰোৱনীৰ তৰণি হেৰায়৷

শব্দাৰ্থ:

  • কঠীয়া (বিশেষ্য): সঁচ, খেতিৰ কাৰণে সাঁচি থোৱা শস্যৰ গুটি, ৰুবৰ কাৰণে গজোৱা ধানৰ পুলি
  • গঞা (বিশেষ্য): গাঁৱত বাস কৰা মানুহ
  • জীউ (বিশেষ্য): জীৱ, জীৱৰ প্ৰাণ
  • তৰণি (বিশেষ্য): পৰিত্ৰাণৰ উপায়, উদ্ধাৰ, ৰক্ষা
  • নিদান (বিশেষ্য): বিপদ/ ৰোগৰ কাৰণ নিৰ্ণয়/ কাৰণ

লেখকৰ ঠিকনা: সমীন্দ্ৰ হুজুৰি, ৰূপকোঁৱৰ হাউচিং কমপ্লেক্স, খানামুখ ছেকগেট, ডাক- গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী-৭৮১০১৪