বগলী আৰু কাছ

  • Published on 08 Jul 2023
বগলী আৰু কাছ

ৰাবিল নামৰ এখন বিলত এটি কাছই বাস কৰিছিল। বিলৰ পাৰতে থকা এজোপা ডাঙৰ বট গছত এহাল বগলীয়েও বাস কৰিছিল, বিলৰ মাছ-পুঠি খাই দিন নিয়াইছিল সিহঁতে। ওখ গছত সাজি লোৱা বাহত কণী পাৰি পোৱালি জগায় সিহঁতে। কিন্তু কেতিয়াবা যদি কণীবোৰ বাহৰ পৰা সৰি পৰি ভাগি যায়, কেতিয়াবা আকৌ পোৱালিবোৰ এডাল অজগৰে আহি খায় থয়হি। বগলীহালৰ এইটোৱেই মহা দুখ।

সেই দুখৰ মাজতে এদিন সাপডালে বগলীজনীকো গিলি থ’লেহি। সেয়ে বগলীটোৱে অকলেই আমন-জিমনকৈ ডালত বহি থাকে। মন গ’লে বিলৰ এটা-দুটা মাছ খায়, মন নগ’লে নেখায়।

এই দৃশ্যটো কাছটোৱে দুদিনমানৰ পৰা মন কৰি আছে। এদিন সি বগলীক মাত লগালে— ‘বগলী ককাই, কি কৰিছা? দুদিনমানৰ পৰা দেখিছোঁ তুমি আমন-জিমনকৈ অকলে বহি থাকা।’
‘এ নক’বা আৰু মোৰ দুখৰ কথা। মোৰ পো-পৰিয়াল সকলো হেৰুৱালোঁ অ’।দগাবাজ অজগৰে সাপ এডালে সকলো শেষ কৰিলে মোৰ। মোৰো জীৱনৰ সংশয়। কোন মুহূৰ্তত মোকো খায়হি…!’
‘বৰ দুখ পালোঁ ককাই। মোকো দুদিনমান চোপ লৈছিল নহয়। ময়ো ভয়ে ভয়েহে থাকোঁ। তাৰ বাবেই ময়ো বংশ বৃদ্ধি কৰিব পৰা নাই। মোৰ মৰমৰ কণীবোৰ সি গিলি পেলায়। কিবা এটা উপায় চিন্তা কৰাচোন ককাই।’

বগলী

‘কি কৰিবা আৰু, অলপ সাৱধানে চলিবা।’— বগলীয়ে ক’লে। টকলা মূৰটো মোহাৰি সি আকৌ ক’লে— ‘ভাই কাছ, তুমি মন কৰিছানে বিলৰ পানীও বৰকৈ শুকাইছে। বৰষুণো নায়েই। প্ৰখৰ ৰ’দৰ বাবেই পানীবোৰ শুকাইছে। একেবাৰে শুকালে দেখোন খাবলৈকো নোপোৱা হ’ম। তোমাৰো থকাৰ মস্কিল হ’ব।’

‘তেনেহ’লে কি হ’ব? মোৰ মৃত্যু নিশ্চিত।’— কাছই ক’লে।
‘কেলৈ হ’ব, মই ককাইটো থাকোঁতে?’
‘তেনেহ’লে কিবা উপায়?’
‘আমি বেলেগ পানী থকা বিল বা নৈলৈ যাম।’
‘তুমিতো উৰি উৰি যাব পাৰিবা। মই যাম কেনেকৈ? মইতো উৰিব নোৱাৰোঁ।’
‘মই নিম নহয়। প্ৰথমে ক’ত নৈ-বিল আছে চাই লওঁগৈ। পালে তোমাকো সোনকালেই লৈ যামহি।’
‘বাৰু ঠিক আছে। সাৱধানে থাকিবা ককাইটি সেই দগাবাজ সাপটোৰ পৰা।’
‘বাৰু হ’ব।’

পাছদিনা বগলীয়ে বিচাৰি বিচাৰি নৈ এখন পাই কাছক খবৰটো দিবলৈ বিলৰ পাৰৰ গছত বহি আছেহি। তাক দেখিলেই কথাটো ক’ব। এপাকত কাছই দেখা দিলে।

‘ককাইটি, বহি আছা। কিবা খবৰ কৰিলানে?’— কাছই সুধিলে।
‘অঁ অঁ কৰিলোঁ। উত্তৰ ফালে পদুমনি নৈখন আছে। পাৰতে ওখ ওখ গছো আছে। ভাবিছোঁ, তালৈকেই যাওঁ। তুমি বা কি কোৱা? যদি যোৱা, আজিয়ে যাওঁ ব’লা। ভাল কামত বেলি কৰাৰ সকাম নাই।’
‘মই কেনেকৈ যাম ককাইটি?’

বগলীটো গছৰপৰা নামি আহি কাছৰ কাষতে ৰ’লহি। সি ক’লে— ‘ভাই, এটা কাম কৰা,— তুমি মোৰ ঠেঙত ভালকৈ খামুচি ধৰা, মই উৰাই লৈ যাম। উৰি গৈ পদুমনি নৈৰ পাৰত পৰিমগৈ।’
‘হ’ব ককাইটি। এয়া ধৰিছোঁ। ককাইটি, চোৱাছোন— দগাবাজে আমাৰ ফালেই চোঁচা লৈছিল। উৰা ককাইটি উৰা। মই ভালকৈ ধৰিছোঁ।’
‘অঁ, এয়া উৰিছোঁ।’

বগলী

বগলীটোৱে কাছক লৈ আকাশলৈ উৰা মাৰিলে পদুমনি বিললৈ বুলি আৰু দগাবাজ অজগৰডালে ওঁঠ চেলেকি সিহঁতৰ উৰি যোৱা চাই থাকিল।

শব্দাৰ্থ:

  • আমন-জিমনকৈ: দুখ মনেৰে, বিমৰ্ষ মনে
  • দগাবাজ: বৰ দুষ্ট, আনক ঠগা লোক
  • সংশয়: আশংকা, বিপদৰ ভয়
  • মস্কিল: অসুবিধা, আহুকাল
  • নিশ্চিত: খাটাং, ঠিক হোৱা

লেখকৰ ঠিকনা: দীপা পণ্ডিত, নগাঁও