ফুকলীয়া ল’ৰা
- Published on 03 Nov 2023
ফুকলীয়া ল’ৰা সি,
গাঁও এখন পাৰ হৈ কয়—
পাৰ হৈ আহিছোঁ নদী,
মাখি এটা মাৰি কয়—
মাৰি থৈ আহিছোঁ হাতী।
মূঢ়া এটা দাঙিয়েই কয়—
কৰোঁ গোটেই ঘৰৰে কাম,
কোনেও আৰু এষাৰো নকবি
কাম কৰি কৰিয়েই লবেজান।
এপাঠ পঢ়িলেই যাৰ
শেষ হৈ যায় গোটেই পঢ়া,
দুশাৰী লেখিলেই যাৰ
শেষ হৈ যায় সমস্ত লেখা,
দেউতাক নেথাকিলে যি ঘৰখনৰ উঠি ৰজা বহি ৰজা,
চকু কাঢ়া কৰি মাহীয়েকক যি অৰ্ডাৰ দিয়ে আলু ভজা—
তাক নোপোৱা চিনি?
ৰমেশ দাদাহঁতৰ ঘৰৰ
সিয়েই পেটমোচা,
ককাক-আইতাকৰ আদৰৰ পুতলা,
কেৱল দেউতাকৰ চেকনিৰ আগতহে সি জানিবা
সদায় চিধা,
—ফুকলীয়া সি বেচেৰা!