ফাগুনৰ কবিতা

  • Published on 07 Mar 2024
ফাগুনৰ কবিতা

ফাগুন হেনো দুষ্ট— কবিয়ে কয়,
ৰং খেলিবলৈ পিছে মোৰ নাই ভয়।

পাতবোৰ সৰিব
গছ নাঙঠ হ’ব,
ৰঙা শিমলুৰ ফুলে
ডাল ৰঙীন কৰিব।

ফাগুনৰ কবিতা

ফাগুনৰ দিনবোৰত
বতাহ সদায়,
ভাল পালেই নহ’ব
চিলা উৰুৱাই।

ফাগুনৰ বতাহে বীজাণুও আনিব,
দিন বেয়া থাকিলে জ্বৰ-কাহো হ’ব।

ফাগুনৰ কবিতা

সৰু সুৰা বেমাৰ বুলি
ডেমকেয়াৰ নাথাকিবা,
ক’ভিদৰ দিনৰ কথা
মনত ৰাখিবা।

ঘৰতেই থাকিবা একো চিন্তা নাই,
ফাকুৱাৰ ৰং বনাবা ইউটিউব চাই।

লেখকৰ ঠিকনা: দ্বীপজ্যোতি বৰা, নগাঁও, ফোন- ৬০০২০৮৩১২২