পৰিৱেশ সুৰক্ষাৰ পণ

  • Published on 01 Jun 2023
পৰিৱেশ সুৰক্ষাৰ পণ

দেশ মানে কেৱল মানুহেই নহয়
দেশ মানে পৰিৱেশ,
পৰিৱেশ বাচিলে বাচিব মানুহ
বাচিব আপোন এই দেশ।

পৰিৱেশেই হওক আমাৰ শেষ লক্ষ্য
প্ৰদূষণে নামানে দেশ-বিদেশ পাৰ্থক্য
পৰিৱেশ বচাব নোৱাৰিলে
বিশ্বই হ’ব নিঃশেষ।

উৰ্বৰ মাটি পৰিষ্কাৰ পানী পোহৰ
শীতল বতাহ বেলিৰ তাপ
পৰিৱেশ ৰক্ষাৰ প্ৰথম ঢাপ।

সেউজ পৰ্বত প্ৰবাহিত স্ফটিক পানীৰ নদী
গভীৰ অভয়াৰণ্য ধোঁৱাহীন আকাশ
পৰিবেশৰ ই মনোমোহা প্ৰকাশ।

উৰণ বুৰণ গজন ভ্ৰমণ
চাৰিমুঠি জীৱ ঈশ্বৰৰ দান
সমতা ন্যায় ভাতৃত্ববোধেৰে
প্ৰকৃতিৰ বুকুতে বাচিবই লাগিব
নহলে সৃষ্টি হ’ব থানবান।

মানুহৰ বাবেই যদি
মোৰ এই বিনন্দীয়া দেশ
সেউজীয়া গছ বন লতিকাৰে ৰূপৰ সমাবেশ
তেনে মানুহে নগঢ়ি ভাঙে কিয় পৰিৱেশ?

নদ-নদী পৰ্বত-পাহাৰ সাগৰ-মহাসাগৰে
আবৰি আছে মোৰ সীমাহীন দেশ
অশেষ যাতনা ক্লেশ ভুঞ্জি হলেও
মানুহেই গঢ়িব লাগিব পৃথিৱীৰ পৰিৱেশ।

আজিয়েই সকলোৱে লওঁ আহাঁ পণ
বৃক্ষৰোপণ , প্লাষ্টিক বৰ্জন, পশু-পক্ষীৰ সুৰক্ষা
মাটি পানী বায়ু আৰু শব্দ প্ৰদূষণ ৰোধৰ বাবে
জীৱন কৰো সমৰ্পণ।

শব্দাৰ্থ:

  • উৰ্বৰ: সাৰুৱা
  • স্ফটিক: এবিধ বগা চকমকীয়া শিল