নতুন দিনৰ সপোন

  • Published on 08 Aug 2023
নতুন দিনৰ সপোন

সৰগ-মৰত কি বুজিকে নাপাওঁচোন
পৃথিৱীহে আমাৰ আপোন,
যাৰ কোলাত শোভে নানা বৰণৰ
নতুন দিনৰ সপোন।

পাহাৰ-ভৈয়াম-নৈ
গছ-লতা ফল-ফুলে
ওপচায় মন উপকূল,
তাৰ মাজতে পাওঁ
সাদৰী আইৰ হাঁহিটি চিকুণ,
নতুন দিনৰ সপোন‌।

নতুন দিনৰ সপোন

জোনাক নিশাৰ ছবি,
হাটীপটি চিকিমিকি,
আমাক মাতে আহাচোন বুলি,
মহাকাশ ঘূৰি চাম,
সাজিম আকাশী যান,
কাইলৈ পুৱাতেই এক লগ হ’ম
আজিয়েই কৰি ল’লো পণ,
দেখিছোঁ নতুন দিনৰ সপোন‌।

লেখকৰ ঠিকনা: ৰূপজ্যোতি গোস্বামী, কলিয়াবৰ, নগাঁও