থলুৱা বাদ্যৰ আন্দোলন
- Published on 17 Aug 2023
বহিৰাগতৰ উৎপাতত থাকিব নোৱৰা হৈ
থলুৱা বাদ্যবোৰে এদিন লগালে হৈ-চৈ৷
“মানুহবোৰে কৰে আন্দোলন, আমিও কৰি চাওঁ
নাজানো ইয়াৰ সুফল আমি পাওঁ নে নাপাওঁ৷
কেৰেপ নকৰোঁ আমি পালেও কিবা অপবাদ
চলাই যাম আন্দোলন ইনকিলাব-জিন্দাবাদ৷
এয়া আমাৰ ন্যায্য দাবী অধিকাৰ বিচৰাৰ
নহ’লে বিদেশী বাদ্যই শোধাব যে মাধমাৰ!”
এই বুলি সভাপতি শ্ৰীবৰঢোল বৰুৱাই
সকলোকে অভয় দিলে, “নকৰিবি পৰোৱাই৷”
ঢোলৰ ক্ষুদ্ৰ সংস্কৰণ ডম্বৰুৱে তাতে সাহ পাই
ক’লে, “আজিকালি আমাৰ একোৱেই কাম নাই৷
বেকাৰ ল’ৰাৰ দৰে চাই থাকোঁ আনলৈ
মাটিৰ মূৰ্তিটো হৈ শিৱৰ হাততে ৰৈ৷”
খঞ্জৰীয়ে ক’লে, “আমাৰো ভাই একো কাম নাই
ড্ৰাম-ছেট আদি আহি দখল কৰে আমাৰ ঠাই৷”
এই কথাত হয়ভৰ দিলে ডবা আৰু নাগাৰাই
“আমাৰ মাজৰ কোনেনো ফাংচন দেখা পায়?”
দোতাঁৰা, বীণাই ক’লে, “আমাৰো উকলিল দিন
ফাংচনত দেখোঁ মাথোঁ গীটাৰ আৰু মেণ্ডোলিন৷”
খুঁটিতাল, ভোৰতালে কয় একেলগে হৈ থিয়—
“আমি থাকোঁতে এপাট তাল মাৰিৰে বজায় কিয়?”
তাৰ পাছত থিয় হ’ল হাৰমনিয়াম আৰু তবলা
ক’লে, “আমাৰ দিনো বাপু উকলিলেই হ’বলা৷
কী-বোৰ্ডে আজিকালি একাধিক ঝংকাৰ তুলি
আমাকে নকল কৰি ভাবে নিজেই ওস্তাদ বুলি৷”
এনেদৰে বহু বাদ্যই আৰম্ভ কৰিলে আন্দোলন
আন বহুতেই আগবঢ়ালে নৈতিক সমৰ্থন৷
শংখ, ঘণ্টা, দুন্দুভি, ডগৰ, মৃদংগ, ঢাক-ঢোল
বেণু, কিংকিণী, নূপুৰ, মাদল, মন্দিৰা আৰু খোল৷
বৰকাঁহ, সৰুকাঁহ, ৰামতাল, কৰতালকে ধৰি
ৰামশিঙা, ৰণভেৰি আদিৰে সভা পৰিল ভৰি৷
সভাত এই কথাত সকলো একমত হ’ল—
“আচলতে মানুহবোৰে নুবুজে আমাৰ মোল৷
মানুহবোৰে সেয়েহে আমাক কৰক ব্যৱহাৰ
তেতিয়াহে কৰিম আমি আন্দোলন পৰিহাৰ৷”
লেখকৰ ঠিকনা: সুৰেন্দ্ৰ মোহন দাস, ঘৰ নং ১৩, লতাকটা শান্তিনগৰ, বশিষ্ঠ, গুৱাহাটী-২৯, ফোন- ৯১০১৪৬৪৮৯৩