গৰম বন্ধ

  • Published on 17 Jul 2023
গৰম বন্ধ

বন্ধ বন্ধ এতিয়া গৰমৰ বন্ধ
মদাৰ ফুলৰ নাই যে গোন্ধ।
আহ ঐ আহ, স্কুললৈ যাওঁ
নাচ, গান চলি আছে ব’ল চাওঁ।

ব’ল ঐ ব’ল, গ্ৰীষ্ম শিবিৰ পাতিছে
ঢোলৰ ছেৱে ছেৱে মইনাহঁতে নাচিছে।
আহ ঐ আহ, স্কুললৈ যাওঁ
আবৃত্তি, সত্ৰীয়া নৃত্য হৈছে চাওঁ।

বাইদেউ, সোনকালে মূৰ ফণীয়াই দিয়া
জেপজেপীয়াকৈ তেল কিন্তু নিদিবা এতিয়া।
সেউজীয়া ফিটাডালো মূৰত মাৰি দিয়া
মুগাৰ ৰিহা-মেখেলাযোৰ পিন্ধাই দিয়া।

আহ ঐ ৰুণজুন, বেগতে বোলো আহ
নাচি নাচি গীত গাই পাম বাঃ বাঃ।
কল দিব, আপেল দিব, দিব বুটমাহ
স্কুল খুলিলে‌ই আমি নাপাম সকাহ।

লেখকৰ ঠিকনা: সত্যনাৰায়ণ কৰ, ৱাৰ্ড নং ৯, নাজিৰা-৭৮৫৬৮৫, শিৱসাগৰ, ফোন- ৮৪৮৬০১৬০৪৫