টোপনি

  • Published on 28 Jun 2023
টোপনি

কাইলৈ মোৰ পৰীক্ষা
কি যে কৰোঁ ভাই,
পঢ়াৰ মেজত বহিলেই
দেখোন টোপনি আহি যায়।

টোপনিকোঁৱৰক খেদিবলৈ মোৰ
কিমান যে কত বুদ্ধি,
তথাপিও দেখোন এতিয়ালৈকে
কামটো হোৱা নাই সিদ্ধি!

টোপনি কবিতা

প্ৰথমেই গৈ পাকঘৰত সোমালোঁ
মায়ে তাত ৰান্ধি আছে মাংস,
লিভাৰ এটুকুৰা মুখত দি চালোঁ
হয়েইবা টোপনি ধ্বংস!

মাংসৰ সোৱাদ লৈ অতি আনন্দেৰে
পঢ়াৰ মেজত বহিলোঁহি পুনৰ,
প্ৰথম অংকটো কৰিবলৈ লওঁতেই
টোপনিয়ে দিলেহি টোকৰ।

চকু দুটা মোহাৰি এইবাৰ
পালোঁগৈ দেউতাৰ কাষ,
টিভিত অকণ বাতৰি চাই লৈ
কৰিম মই টোপনি নাশ।

প্ৰথমটো বাতৰি শেষ নহওঁতেই
দেউতাই দিলে প্ৰচণ্ড ধমক,
“কাইলৈ যে তোৰ পৰীক্ষা আছে,
দেখুৱাবিনে কিবা চমক?”

দেউতাৰ মুখত ইতিকিং শুনি
দুপদুপকৈ মাৰিলোঁ লৰ,
বিজ্ঞানৰ জটিল অংক এটাত
চকু মোৰ হ’লগৈ থৰ।

তিনি ভাগৰ বৰ নেওতাতে
উত্তৰটো আছিল লুকাই,
বহীখন টানি লিখিবলৈ লওঁতেই
টোপনি আহিল দুৱাৰেদি সোমাই।

চকু দুটা পানীৰে তিয়াই
বাইদেউৰ কোঠালৈ এইবাৰ গ’লোঁ,
“টোপনি ভঙা মলম আছে নেকি?”—
মৰমেৰে সুধি চালোঁ।

মলমৰ সলনি বাইদেৱে মোক
দম এটাহে দেখোন দিলে,
“পঢ়া-শুনাৰ ধান্দা নাই,
ওলাই যা ভালে ভালে!”

বাইদেউৰ তৰ্জন-গৰ্জনত
শৰীৰ কঁপি গ’ল মোৰ,
মলম বিচৰা আখ্যানৰো
ইয়াতে পৰিল ওৰ।

টোপনিয়াই টোপনিয়াই খোজকাঢ়ি
নিজৰ কোঠালৈ পুনৰ গ’লোঁ,
চকীখন টানি পদ্মাসনত বহি
কিতাপখন অংকৰ উলিয়াই ল’লোঁ।

সেই সময়তে কোঠাৰ লাইটটো
ধিপিককৈ নুমাই থাকিল,
মনৰ আনন্দতে মোৰ ভিতৰৰ পৰা
চিঞৰ এটা ওলাই আহিল।

“গ’ল গ’ল গ’ল
লাইনটো আকৌ গ’ল,
চোতালত বহি এতিয়া আইতাৰ লগত
সাধুকথা শুনিবৰ হ’ল ৷”

গান গাই গাই আইতাৰ ওচৰতে
বহিলোঁ কঠ এখন পাৰি,
টোপনিয়ে তেতিয়া পদূলি-মূৰত ৰৈ
কি জানো আছিল ভাবি।

শব্দাৰ্থ:

  • সিদ্ধি: (বিশেষ্য) সফলতা, ইচ্ছা পূৰণ হোৱা
  • নাশ: (বিশেষ্য) ধ্বংস, হানি, ক্ষতি
  • ধান্দা: (বিশেষ্য) চিন্তা-ভাৱনা, অভিপ্ৰায়
  • আখ্যান: (বিশেষ্য) কাহিনী
  • পদ্মাসন: (বিশেষ্য) বাঁও কৰঙনৰ ওপৰত সোঁভৰি আৰু সোঁ কৰঙনৰ ওপৰত বাঁওভৰি তুলি বহি কৰা এবিধ যোগাসন (পদ্ম + আসন)

লেখকৰ ঠিকনা: ঈশান জ্যোতি বৰা, পাঞ্জাবাৰী, গুৱাহাটী