জলাশয়
- Published on 01 Jul 2023

জলেৰে পৰিপূৰ্ণ
সদায় বা মাজে মাজে
জীৱ-জন্তু, গছ-লতা
থাকে ইয়াৰ চাৰিও দিশে।
বিভিন্ন মাছ, কাছ, সাপ
থাকে কেঁকোৰা, ভেকুলী
বিভিন্ন চৰাই দেখোঁ—
ডাউক, শৰালি, বগলী।
পদুম আৰু ভেঁটফুল পাওঁ
পানী শিঙৰি, মকুৱা
নানা বিধৰ উদ্ভিদ দেখোঁ
মেটেকা আৰু ইকৰা।
নানান প্ৰকাৰ ইয়াৰ—
আমি নানা নাম দিওঁ
খাল, বিল বুলিও কওঁ
জলাহ, পিটনিও।
এনেহেন পৰিৱেশতন্ত্ৰ
আমি সৱে মিলি
কৰোঁ আহাঁ সংৰক্ষণ
হাতে হাত ধৰি।
লেখকৰ ঠিকনা: জ্যোতিশিখা দত্ত, শান্তি পথ, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০২৪