কুঁকি আৰু মাইনা

  • Published on 05 Jul 2023
কুঁকি আৰু মাইনা

কুঁকি আৰু মাইনাই খেলি বৰ ভাল পায়
দিনৰ দিনটো খেলি থাকে,
পঢ়াৰ নিয়ম নাই কেৱল কাৰ্টুন চায়
সিহঁতক বকি থাকে মাকে৷

সিহঁতক কেতিয়াবা বালিৰ দ’মতো পাবা
বালিঘৰ সাজি সাজি খেলা,
ইজনীক সিজনীয়ে বালিবোৰ সানি দিয়ে
চোলাবোৰ কৰি দিয়ে গেলা৷

সিহঁতৰ মন গ’লে কেতিয়াবা লুডু খেলে
জখলাত উঠি ভাল লাগে,
সাপৰ মুখত পৰি উঠে হায় হায় কৰি
সিহঁতৰ মনবোৰ ভাগে৷

ফাকুৱাত খেলে ফাকু কেতিয়াবা লুকাভাকু
নানা ৰঙে ৰঙীন হৈ পৰে,
তাতেই লগৰবোৰে পানী মাৰে হোৰাহোৰে
আনন্দত মন-প্ৰাণ হৰে৷

দৌৰিবলৈ মন যায় ফ্লেটত ঠায়েই নাই
সেই হেতু হাবাথুৰি খায়,
কেতিয়াবা বুধি কৰি দুয়ো হাতে হাত ধৰি
নামি গৈ খেলপথাৰ পায়৷

এইদৰে খেলি খেলি পাৰ হয় দিন বেলি
দুয়োজনী বুজি পোৱা হয়,
পঢ়াশুনা মনপুতি কৰি দুয়ো প্ৰিয় অতি
সকলোৱে ভাল বুলি কয়৷

লেখকৰ ঠিকনা: সুৰেন্দ্ৰ মোহন দাস, ঘৰ নং ১৩, লতাকটা শান্তিনগৰ, বশিষ্ঠ, গুৱাহাটী-২৯