একৰ যোগ নেওতা

  • Published on 11 Jul 2023
একৰ যোগ নেওতা

একে একে দুই
আৰু একে দুয়ে তিনি
আম আৰু জাম বাৰু
আনিবানে কিনি?

একে তিনিয়ে চাৰি
আৰু একে চাৰিয়ে পাঁচ
ৰিণি শ্ৰেণীত প্ৰথম হৈছে
বিহুকে বোলোঁ নাচ!

একে পাঁচে ছয়
আৰু একে ছয়ে সাত
জালুকবাৰীত আছেনে জালুক,
গুৱাহাটীত হাট?

নেওতা পদ্য

একে সাতে আঠ
আৰু একে আঠে ন
আকাশত কিমান তৰা আছে
কচোন ৰিণি ক।

একে নয়ে দহ
আৰু একে দহে এঘাৰ
একৰ পিছত দুইৰ নেওতা
জানি থ’ব পাৰ।

লেখকৰ ঠিকনা: জ্যোতিশিখা দত্ত, শান্তি পথ, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০২৪