আধা কুৰি সুৰীয়া পদ্য

  • Published on 03 Jun 2023
আধা কুৰি সুৰীয়া পদ্য


বগা বগা বগলী
ফৰিং খাৱ বুটলি
ধুনীয়া খোজ দিবলৈ
ক’ত বাৰু শিকিলি?


ক’লা ক’লা কাউৰী
ক’ৰ পৰা আহিলি
বাঢ়ি থোৱা বগা ভাত
কিয় বাৰু নেখালি?


অ’ ফেঁচা অ’ ফেঁচা
তামোল খালি কেঁচা
কেঁচা তামোল খাই
লাগিল নেকি নিচা?

বাদুলীৰ পদ্য


অ’ বাদুলী অ’ বাদুলী
গছতে জীৱন কটালি
ওলমি ওলমি থাকি তোৰ
নালাগেনে আমনি?


চিলনী অ’ চিলনী
ক’ত উৰি ফুৰিছ
উৰি ফুৰা চিলাবোৰ
কিয় বাৰু চিঙিছ?


কেতেকী অ’ কেতেকী
ক’ত ঘৰ সাজিলি
কেতেকী ফুলা গম পাই
কিয় বাৰু বিনালি?

ভাটৌ চৰাই ভাটৌ চৰাই
কিমান খালি লিচু
গচকি দেখোন আছ তই
এটা বোন্দা কেঁচু।


কুলি চৰাই কুলি চৰাই
তোৰ মাতে মন জুৰায়
কিয় বাৰু থাক তই
পাতৰ আঁৰত লুকাই?


বালিমাহী চৰাইজনী
ক’ত তোৰ ঘৰ
পাহাৰ ভৈয়াম ঘূৰি ঘূৰি
নেলাগেনে ভাগৰ?

১০
শালিকী অ’ শালিকী
তাঁতৰ পাতত বহিলি
বাছি থোৱা ফুলবোৰ
নেপেলাবি উঘালি।